"জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ লুণ্ঠনৰ কাহিনী সিদ্ধাৰ্থ শৰ্মাৰ লুণ্ঠনৰ কাহিনী ফাদিল কৰিলে জুবিন গাৰ্গে চিকিৎসা কৰা ৰোগীয়ে । কেৱল জুবিন গাৰ্গকেই নহয়, জুবিন গাৰ্গে চিকিৎসাৰ বাবে আৰ্থিকভাৱে সহায় কৰা ৰোগীসকলৰ ধনো আত্মসাৎ কৰিছিল ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থই। পুনৰ ফাদিল হ'ল সিদ্ধাৰ্থৰ লু্ণ্ঠনৰ আন এক কাহিনী। Advertisment জুবিন গাৰ্গৰ ওচৰতে থাকি প্ৰতিটো মুহুৰ্ততে জুবিনক লুণ্ঠন চলাইছিল সিদ্ধাৰ্থ শৰ্মাই । এইবাৰ সিদ্ধাৰ্থৰ লুণ্ঠনৰ কহিনী ফাদিল কৰিলে জুবিন গাৰ্গে চিকিৎসাৰ বাবে সহায় কৰা যুৱকে । জুবিন গাৰ্গে যুৱকজনক চিকিৎসা কৰিবলৈ দিছিল ৫০ হাজাৰ টকা। কিন্তু সিদ্ধাৰ্থই যুৱকজনক ২০ হাজাৰ দি বাকী ৩০ হাজাৰ টকা নিজে আত্মসাৎ কৰিছিল। CID কাৰ্যালয়ত সাক্ষ্যদানৰ কাৰণে আহি GMCH ৰ ৱাৰ্ড বয় দিপু কৰ্মকাৰৰ বিস্ফোৰণ । দিপু কৰ্মকাৰৰ লগত আহিছিল বেজেৰাৰ কৌশিক গগৈ নামৰ এজন যুৱক। উল্লেখ্য যে ২০২৩ চনৰ শেষৰ ফালে দিপাৱলীৰ বম ফুটাওটে চকুত চিটিকি পৰি এটা চকু বেয়া হৈছিল কৌশিক দাসৰ । গুৱাহাটীৰ বিভিন্ন স্থানত চিকিৎসা কৰাৰ পিছত অসহায় কৌশিক দাসে পিতৃ সহিতে উপস্থিত হয় জুবিনৰ জোনালীস্থিত ষ্টুডিঅ'ত। সেই ষ্টুডিঅ'তে পুৱা বিচনাৰ পৰা উঠি আহি কৌশিকৰ চিকিৎসা কৰাৰ বাবে ৫০ হাজাৰ টকা দিম বুলি কয় জুবিন গাৰ্গে। কৌশিক দাসৰ পিতৃৰ ফোন নম্বৰটো সংগ্ৰহ কৰি জুবিনে এজন যুৱকক দায়িত্ব দিলে সিদ্ধাৰ্থৰ জড়িয়তে কৌশিকক পইচাটো দিবলৈ। কিন্তু জুবিন গাৰ্গে দিবলৈ দিয়াৰ পিছত কৌশিকক পইচা দিয়া নাছিল সিদ্ধাৰ্থই । পইচা নাপাই পুণৰ কৌশিকৰ পিতৃ ওচৰ চাপিছিল জুবিনৰ । দ্বিতীয়বাৰ যোৱাত জুবিন গাৰ্গে সিদ্ধাৰ্থক ধমক দিয়াত কিছুদিন পিছতে গুগল পে যোগে ২০ হাজাৰ টকা দিছিল কৌশিকক । বাকি ৩০ হাজাৰ টকা নিদিলে সিদ্ধাৰ্থই । ৩০ হাজাৰ টকাটো নোপোৱাৰ কথা জুবিন গাৰ্গক জনাবলৈ যাব খোজাত জুবিনৰ ওচৰলৈ যাব দিয়া নাছিল মেনেজাৰ সিদ্ধাৰ্থই। SIT ৰ তত্বাৱধানত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পূৰ্ণগতিত চলিছে তদন্ত। দিপু কৰ্মকাৰৰ ভাষ্যই পোহৰলৈ আনিছে সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থনৈতিক লুণ্ঠনৰ কথা। এতিয়া প্ৰশ্ন হৈছে সিদ্ধাৰ্থ শৰ্মাৰ লগত জুবিন গাৰ্গক অৰ্থনৈতিকভাৱে কঙাল কৰাত আৰু কোন কোন আছিল ওলাব নে SIT ৰ তদন্তত ?"