Assameseউমা ছেত্ৰীক অৱহেলা কিয়?বিশ্বকাপ জয় কৰি নিশা স্ব-ভূমিত উপস্থিত অসম কন্যা উমা ছেত্ৰী। মহিলা ক্ৰিকেট বিশ্বকাপ জয়ৰ পিছতেই গৃহভূমিত উপস্থিত হৈছিল খেলুৱৈগৰাকী। পিছে উমাক আদৰিবলৈ উপস্থিত থাকিল কেৱল ACAৰ CEO।DY365 Nov 07, 2025 13:35 ISTবিশ্বকাপ জয় কৰি নিশা স্ব-ভূমিত উপস্থিত অসম কন্যা উমা ছেত্ৰী। মহিলা ক্ৰিকেট বিশ্বকাপ জয়ৰ পিছতেই গৃহভূমিত উপস্থিত হৈছিল খেলুৱৈগৰাকী। পিছে উমাক আদৰিবলৈ উপস্থিত থাকিল কেৱল ACAৰ CEO। উমা চেত্ৰীক আদৰিবলৈ উপস্থিত নহ'ল চৰকাৰৰ কোনো প্ৰতিনিধি।AdvertismentACAৰ প্ৰতিনিধিৰূপে থাকিল প্ৰীতম মহন্তসহ অন্য এজন বিষয়ববীয়া। আনহাতে উমাক আদৰণি জনালে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। বিশ্ব জয় কৰি উভতি অহা উমাক আদৰণি জনাবলৈ আহৰি নাপালে চৰকাৰী পক্ষই। নিমাওমাও পৰিৱেশৰ মাজতে বিমান বন্দৰৰ পৰা বোকাখাতৰ ঘৰলৈ গ’ল উমা। উমাৰ প্ৰতি কৰা বঞ্চনাত চকুলো টুকি ক্ষোভ উজাৰিলে আগছুৰ সভাপতি সুনীল কুমাৰ ছেত্ৰীয়ে। কেৱল গোৰ্খা ছাত্ৰ সন্থা, ACAৰ দুগৰাকী প্ৰতিনিধিয়ে আদৰিলে উমাক। 'অসমৰ ক্ৰীড়া জগতৰ বাবে এয়া চৰম দুৰ্ভাগ্যজনক ঘটনা'। 'দেশৰ প্ৰধানমন্ত্ৰীয়ে উমাক অসমৰ কন্যা বুলি সম্বোধন কৰিছিল'। 'কিন্তু বিশ্বকাপ জয়ী সেই উমা ছেত্ৰীক গুৰুত্ব নিদিলে অসম চৰকাৰে'। 'অসমৰ প্ৰথমগৰাকী বিশ্বকাপ জয়ী খেলুৱৈৰ প্ৰতি এই অবিচাৰ কিয়?' সমগ্ৰ ঘটনা সন্দৰ্ভত চৰকাৰৰ ভূমিকাক লৈ গৰজি উঠিল গোৰ্খা ছাত্ৰ সন্থা। নিশা ১০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল উমা। নিশাই গোলাঘাটলৈ ৰাওনা হোৱা উমাৰ বাবে নাছিল কোনোধৰণৰ নিৰাপত্তা। স্ব-গৃহত উপস্থিত হোৱাৰ পিছতেই উমা ছেত্ৰীৰ বাসগৃহত উপস্থিত হয় বিভিন্ন দল সংগঠন। Also Read: Music Institution row: Zubeen Garg's name used by Tarsame Mittal without his direct involvement?চৰকাৰৰ কোনো প্ৰতিনিধিয়ে একো ভূমিকা নোলোৱাৰ অভিযোগৰ মাজতেই সামাজিক মাধ্যমত হোৱা বিতৰ্কক উদ্দেশ্যি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দিলে প্ৰতিক্ৰিয়া। 'বিতৰ্ক কৰাতকৈ প্ৰেৰণা দিয়ক উমা ছেত্ৰীক। ‘বিমানবন্দৰত সম্বৰ্ধনা নজনালেও উমাৰ বাসগৃহলৈ গৈ চৰকাৰী প্ৰতিনিধিয়ে জনাব সম্বৰ্ধনা’। ‘আমি সকলোৱেই উমা ছেত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ’। সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য।AdvertismentAdvertisment Read the Next Article