Advertisment

কেতিয়া অন্ত পৰিব গুৱাহাটী মহানগৰীৰ যানজঁটৰ সমস্যা? হকে-বিহকে গুৱাহাটীত গঢ়ি উঠিছে নেকি উৰণ সেঁতু?

কেতিয়া অন্ত পৰিব গুৱাহাটী মহানগৰীৰ যানজঁটৰ সমস্যা? উৰণ সেঁতু নিৰ্মাণৰ নামত প্ৰতিদিনে চৌদিশেতীব্ৰ যানজঁটে যমৰ যাতনা খুৱাইছে সাধাৰণ জনতাক। পথসমূহৰ জৰাজীৰ্ণ ৰূপেও জ্বলা কলা খুৱাইছে মহানগৰবাসীক।

 কেতিয়া অন্ত পৰিব গুৱাহাটী মহানগৰীৰ যানজঁটৰ সমস্যা? হকে-বিহকে গুৱাহাটীত গঢ়ি উঠিছে নেকি উৰণ সেঁতু? Photograph: (file photo)
কেতিয়া অন্ত পৰিব গুৱাহাটী মহানগৰীৰ যানজঁটৰ সমস্যা? হকে-বিহকে গুৱাহাটীত গঢ়ি উঠিছে নেকি উৰণ সেঁতু? Photograph: (file photo)

কেতিয়া অন্ত পৰিব গুৱাহাটী মহানগৰীৰ যানজঁটৰ সমস্যা? উৰণ সেঁতু নিৰ্মাণৰ নামত প্ৰতিদিনে চৌদিশেতীব্ৰ যানজঁটে যমৰ যাতনা খুৱাইছে সাধাৰণ জনতাক। পথসমূহৰ জৰাজীৰ্ণ ৰূপেও জ্বলা কলা খুৱাইছে মহানগৰবাসীক। লালগণেশতো যানজঁটৰ বাবে এতিয়া সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি।

Advertisment

কালাপাহাৰ-লখৰা সংযোগী পথত এতিয়া ভয়াবহ যানজট। গুৱাহাটী মহানগৰীত এফালে ব্যাপক হাৰত নিৰ্মাণ উৰণ সেঁতু ,আনফালে সাধাৰণ ৰাইজ সন্মুখীন অভাৱনীয় পৰিস্থিতিৰ। বিশেষকৈ উৰণ সেঁতু নিৰ্মাণৰ নামত তীব্ৰ যানজটৰ সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে মহানগৰবাসীক। শিলপুখুৰী,চানমাৰি লেখিয়াকৈ নিতৌ অভাৱনীয় যান জটৰ সৃষ্টি কালাপাহাৰ-লখৰা সংযোগী পথটোত। পথটোতে নিৰ্মাণ হৈ আছে এইখন উৰণ সেঁতু। সেঁতুখনৰ নিৰ্মাণ কাৰ্যৰ বাবেই তীব্ৰ যানজটৰ সৃষ্টি অঞ্চলটোত। 

২.৮৪ কিঃমিঃ দৈৰ্ঘৰ উৰণ সেঁতুখন নিৰ্মাণ কৰা হৈছে ৩৭৪ কোটি টকা ব্যয় সাপেক্ষে। কিন্তু সেঁতুখন মুকলি নোহোৱা পৰ্যন্ত যান জটৰ এনে ভয়াবহ সমস্যাটোৰ সন্মুখীন হৈ থাকিব লাগিব সাধাৰণ ৰাইজ। যান জটৰ  ভয়াবহ ৰূপ সেইয়া নিজ চকুৰে নেদেখিলে বুজা নাযায়। যান জট নিয়ন্ত্ৰণত প্ৰশাসনৰ নাই কোনো ব্যৱস্থা। বিকল্প হিচাপে মাথো দুটা মান পথ নিৰ্দেশনা দিয়ে  দায়িত্ব সামৰিছে প্ৰশাসনে। ফলত এইদৰে নিৰ্মীয়মান উৰণ সেঁতুখনৰ তলত প্ৰতিটো মূহুৰ্তত সৃষ্টি হয় তীব্ৰ যানজটৰ। মৰণ ফান্দত পৰিণত গুৰুত্বপূৰ্ণ পথটো। প্ৰকাণ্ড প্ৰকাণ্ড গাঁটৰ ওপৰৰে চলিছে বাহন।

পথটোৰ পৰিষৰ পূৰ্বৰে পৰা অত্যন্ত ঠেক। তেনেস্থলত উৰণ সেঁতুখন নিৰ্মাণৰ ফলত যান জটৰ সমস্যাটো বৃদ্ধি পাইছে দুগুণ হাৰত। ইফালে পথটোৰ অবস্থাও তথৈবচ।মাজভাগতে আছে এইসমূহ প্ৰকাণ্ড প্ৰকাণ্ড গাঁট।ইয়াৰ পৰা কিঞ্চিৎ পৰিমাণে হ'লেও পথচাৰীক সকাহ দিয়াৰ উদ্দেশ্য অদ্যপি লোক নিৰ্মাণ বিভাগে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। এনেদৰেই জৰাজীৰ্ণ পথটোৰেই নিতৌ আহ-যাহ কৰে অজস্ৰ লোকে। 

উন্মুক্ত হৈ আছে পথপথৰ নলাও। যাৰ পৰিণতিত ইতিমধ্যে অকাল মৃত্যুক সাবতিছে এটি কিশোৰে। তথাপিও গা লৰা নাই প্ৰশাসনৰ। এনে একাধিক ভয়াবহ সমস্যাৰ ফলশ্ৰুতিত এতিয়া ক্ষোভত ফাতি পৰিছে পথচাৰীসকল। এতিয়া প্ৰশ্ন হয় এই যন্ত্ৰণাৰ ওৰ পৰিব কেতিয়া? উৰণ সেঁতু নিৰ্মাণৰ নামত এই সমস্যা সমূহৰ সৈতে আৰু কিমান দিনলৈ সহাৱস্থান কৰিব লাগিব মহানগৰবাসীয়ে?