"কোনে কৰিব মৰমৰ, হেঁপাহৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি? মংগলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ জুবিন গাৰ্গ। কমাৰকুছিত ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে চলাইছে যুদ্ধকালীন প্ৰস্তুতি। ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় জনোৱা হ'ব প্ৰাণৰ শিল্পীগৰাকীক। Advertisment ১৯ ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোত দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লৈছিল আমাৰ হেঁপাহৰ জুবিন গাৰ্গে। ছিংগাপুৰৰ সাগৰত সাঁতুৰি থাকোঁতেই জুবিন গাৰ্গৰ স্বাস্থ্য অৱনতি ঘটিছিল আৰু ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও সকলো চেষ্টাকে বিফল কৰি কোনোদিন উভতি নহা বাটেৰে গুছি গৈছিল হাৰ্টথ্ৰৱ। তাৰ পিছতেই ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি জুবিন গাৰ্গক লৈ অনা হৈছিল অসমলৈ। বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰথমে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হৈছিল কাহিলীপাৰাস্থিত নিজ বাসগৃহলৈ। কাহিলীপাৰাৰ বাসগৃহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে লৈ অনা হৈছিল সৰুসজাইলৈ। সৰুসজাইত লাখ লাখ অনুৰাগী আৰু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ মাজতেই কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে কিছু লোকে গুৱাহাটীত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ দাবী উত্থাপন কৰিছে। জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গেও এই দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এই প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ অন্য সদস্যৰ সৈতে এই বিষয়ে আলোচনা কৰিছিলো ৷ পবিত্ৰ মাৰ্ঘেৰিটাক গৰিমা গাৰ্গৰ সৈতে কথা পাতিবৰ বাবে দায়িত্ব দিয়া হৈছিল। চৰকাৰে অসমত মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ইচ্ছা কৰিলে পৰিয়ালৰ দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত কোনো আপত্তি নথকা বুলি গৰিমা গাৰ্গে জনাইছে ।” কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত কমাৰকুছিৰ সেই বিশেষ ঠাইদোখৰলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গৰ নশ্বৰদেহ, য'ত চিৰদিনৰ বাবে বিলীন হৈ পৰিল জুবিন গাৰ্গ নামৰ সত্তাটো। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও অসম আৰু অসমীয়াৰ মাজত জীয়াই থাকিব জুবিন গাৰ্গ। জানিব পৰা মতে, ভগ্নী পামি বৰঠাকুৰে জুবিন গাৰ্গৰ মুখাগ্নি কৰিব। এই সময়ছোৱাত ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে পামি বৰঠাকুৰক সহযোগিতা কৰিব। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ছোৱাত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। লগতে বিৰোধী দলৰ নেতা, সাহিত্য সভা, আছু, মেঘালয় চৰকাৰৰ প্ৰতিনিধি উপস্থিত থাকিব।"