Advertisment

কাৰ হাতলৈ যাব BTR? চলি আছে ভাগ্য নিৰ্ণয় কৰা ভোটগণনা

আজি পুৱাৰে পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ভোটগণনা। বিটিচিত বিজয়ধ্বজা উৰুৱাবলৈ সাজু হৈ আছে প্ৰতিটো দল। ৫ খনকৈ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা। ৩১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰিছিল BTRৰ ভোটাৰে।

 কোনে দখল কৰিব বিটিআৰ? Photograph: (file photo)
কোনে দখল কৰিব বিটিআৰ? Photograph: (file photo)

আজি পুৱাৰে পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ভোটগণনা। বিটিচিত বিজয়ধ্বজা উৰুৱাবলৈ সাজু হৈ আছে প্ৰতিটো দল। ৫ খনকৈ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা। ৩১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰিছিল BTRৰ ভোটাৰে। এইবাৰ বিটিচি নিৰ্বাচনত মুঠ ভোটদানৰ হাৰ আছিল ৭৮.৪২ শতাংশ। বাক্সাত ৭৬.৯২ %, চিৰাং ৮০.১১%, কোকৰাঝাৰ ৮২.২৭%,তামুলপুৰত ৭৫.০৯%, ওদালগুৰিত ৭৫.১৭ % হৈছিল ভোটদান। ওদালগুৰি জিলাৰ ১০ সমষ্টিৰ ১০টা কাউন্টিং হলত ভোটগণনা চলি আছে। ৯৪খন টেবুলত  হৈ আছে ওদালগুৰিৰ ১০ সমষ্টিৰ ভোটগণনা।ওদালগুৰিৰ প্ৰতিটো সমষ্টিৰ ভোটগণনা হ’ব ১০ৰ পৰা ১২ ৰাউণ্ডত।  
 

Advertisment

কাজলগাঁও আৰু বিজনীত ভোটগণনা হৈছে চিৰাং জিলাৰ ৭ সমষ্টিৰ । কাজলগাঁৱত কাজলগাঁও, চিৰাং দুৱাৰ আৰু চিৰাং পৰিষদীয় সমষ্টিৰ ভোটগণনা। বিজনীত মানস ছেৰফাং, নিচিমা, সোবাইঝাৰ, ঠুৰিবাৰী সমষ্টিৰ ভোটগণনা।তামুলপুৰ জিলাত দৰঙাজুলি, নাগ্ৰীজুলি, ছুক্লাই ছেৰফাং, গোৰেশ্বৰ সমষ্টিৰ ভোটগণনা চলি আছে। 
তামুলপুৰত ২৮ টেবুলত ৭ ৰাউণ্ডত হৈ আছে ভোটগণনা। কোকৰাঝাৰ জিলাৰ ১২ পৰিষদ সমষ্টিৰ ৩ স্থানত হৈ আছে ভোটগণনা। পৰ্বতঝোৰা মহকুমাতো চলি আছে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ ভোটগণনা। গোসাঁইগাঁৱত শ্ৰীৰামপুৰ, গুমা, যমদুৱাৰ, চৰাইবিল, কচুগাঁও সমষ্টিৰ ভোটগণনা। কোকৰাঝাৰত দোতমা, ফকিৰাগ্ৰাম, বনৰগাঁও, দেবৰগাঁও, বাওখুংগ্ৰী, চালাকাটিৰ ভোটগণনা। 

এইপৰ্যন্ত চলা BTRৰ ভোটগণনাত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ BPF। ৩২টা সমষ্টিৰ ১৮টাত BPF, UPPL ১০ খন আসনত আৰু বিজেপি মাত্ৰ ৬ আসনত অগ্ৰগতি লাভ কৰিছে। UPPL আৰু BJPৰ স্থিতি অধিকাংশ সমষ্টিতে দুৰ্বল বৰ্তমানলৈকে। 

ইয়াৰ লগে লগেই উত্থাপন হৈছে এটা প্ৰশ্ন BTRত আসনৰ সংখ্যা কমিব নেকি এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ? কিয়নো এই পৰ্যন্ত কেৱল ৬টা পৰিষদীয় সমষ্টিতহে অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে।২০২০ৰ নিৰ্বাচনত ৯টা সমষ্টি দখল কৰিছিল দলটোৱে। 

  • Sep 26, 2025 22:21 IST

    হাগ্ৰামা-খাম্পাৰ যুঁজ হ'লগৈ ৫০-৫০

    হাগ্ৰামা-খাম্পাৰ যুঁজ হ'লগৈ ৫০-৫০

    এটা সমষ্টিত হাগ্ৰামাৰ জয়, আনটোত জয় খাম্পাৰ

    চিৰাংদুৱাৰ আৰু দেৱৰগাঁৱত দুয়োজনৰ মাজত প্ৰতিদ্বন্দ্বিতা

    দেৱৰগাঁৱত জয়লাভ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ

    চিৰাংদুৱাৰ সমষ্টিত পৰাস্ত হ'ল হাগ্ৰামা মহিলাৰী

    ৪৪৩টা ভোটৰ ব্যৱধানত পৰাজিত হাগ্ৰামা মহিলাৰী

    হাগ্ৰামাক হৰুৱাই জয়লাভ কৰিলে খাম্পা বৰগয়াৰীয়ে

    হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছিল ১৮,৩৫৭টা ভোট

    বিপৰীতে খাম্পা বৰগয়াৰীয়ে লাভ কৰে ১৮,৮২০টা ভোট



  • Sep 26, 2025 22:12 IST

    গয়বাৰী সমষ্টিত প্ৰমোদ বড়োৰ জয়লাভ

    📌গাদী হেৰুৱালেও সন্মান ৰক্ষা কৰিলে প্ৰমোদ বড়োৱে

    📌গয়বাৰী পৰিষদীয় সমষ্টিত UPPLৰ প্ৰমোদ বড়োৰ জয়লাভ

    📌৩০,৩৪১টা ভোট লাভ প্ৰমোদ বড়োৰ



  • Sep 26, 2025 22:10 IST

    BTC নিৰ্বাচনত জয়ী হ’ল হাগ্ৰামা মহিলাৰী

    📌শেষ হাঁহি মাৰিলে হাগ্ৰামা মহিলাৰীয়ে

    📌 দেবৰগাঁও সমষ্টিত জয়ী হাগ্ৰামা মহিলাৰী

    📌মুখথেকেচা UPPLৰ খাম্পা বৰগয়াৰীৰ



  • Sep 26, 2025 21:28 IST

    খৈৰাবাৰীত জয়লাভ BPFৰ লৌমশ্ৰাও দৈমাৰীৰ। 

    খৈৰাবাৰীত BPFৰ জয়লাভ। খৈৰাবাৰীত ১০৩টা ভোটৰ ব্যৱধানত জয়লাভ লৌমশ্ৰাও দৈমাৰীৰ। 



  • Sep 26, 2025 21:28 IST

    থুৰিবাৰী (মুকলি) সমষ্টিত অগ্ৰগতি

    ১৯নং থুৰিবাৰী (মুকলি) সমষ্টিত অব্যাহত ভোটগণনা। পঞ্চম ৰাউণ্ডৰ অন্তত BPFৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ অগ্ৰগতি।  BJPৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়তকৈ ৯৫৯টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে BPFৰ খলিলুৰ ৰহমান। 



  • Sep 26, 2025 21:22 IST

    চুবাইঝাৰ (জনজাতি) সমষ্টিত BPFৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীৰ জয়লাভ

    ১৭নং চুবাইঝাৰ (জনজাতি) সমষ্টিত BPFৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীৰ জয়লাভ। ১৮৯৪৯টা ভোটত জয়লাভ  BPFৰ ধীৰাজ বৰগয়াৰীৰ। UPPLৰ প্ৰাৰ্থী ফনীন বড়ো ৪৯২৪টা ভোটৰ ব্যৱধানত ধীৰাজক হাতত পৰাস্ত।



  • Sep 26, 2025 21:19 IST

    মানাস-চেৰফাং সমষ্টিত UPPLৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰী জয়লাভ

    বিজনীৰ ১৮নং মানাস-চেৰফাং পৰিষদীয় সমষ্টিত UPPLৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰী জয়লাভ। ১৯১৮টা ভোটৰ ব্যৱধানত ধনঞ্জয় বসুমতাৰীৰ হাতত পৰাস্ত BPFৰ প্ৰাৰ্থী জাংগিলা হাজোৱাৰী।



  • Sep 26, 2025 20:49 IST

    ধনশ্ৰীত বিপিএফৰ ফ্ৰেছ মুছাহাৰীৰ জয় ৷

    ধনশ্ৰীত বিপিএফৰ ফ্ৰেছ মুছাহাৰীৰ জয় ৷ UPPLৰ ৰুজুগুৱাৰা নাৰ্জাৰীৰ বিৰুদ্ধে জয়লাভ ফ্ৰেছৰ ৷



  • Sep 26, 2025 20:28 IST

    ১৭ নং সুবাইঝাৰ(জনজাতি) সমষ্টিত জয়ী BPF ৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰী

    ১৭ নং সুবাইঝাৰ(জনজাতি) সমষ্টিত জয়ী BPF ৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰী।  ষষ্ঠ ৰাউণ্ডৰ অন্তত BPF ৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীৰ হাতত পৰাস্ত UPPL ৰ প্ৰাৰ্থী ফনীন বড়ো । ৪৯২৪ টা ভোটৰ ব্যৱধানত পৰাস্ত UPPL ৰ প্ৰাৰ্থীজন।



  • Sep 26, 2025 20:06 IST

    হৰিশিঙা সমষ্টিত জয়ী BPF প্ৰাৰ্থী

    📌হৰিশিঙা সমষ্টিত জয়ী BPF প্ৰাৰ্থী ত্ৰিদিপ দৈমাৰী

    📌পৰাস্ত UPPLৰ সঞ্জয় স্বৰ্গীয়াৰী

    📌৫২০০টা ভোটত জয়ী ত্ৰিদিপ দৈমাৰী

    📌অৱশ্য এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী



  • Sep 26, 2025 19:04 IST

    BPFৰ বাবে ইটোৰ পিছত সিটো ভাল খবৰ

    📌BPFৰ বাবে ইটোৰ পিছত সিটো ভাল খবৰ

    📌ভৈৰৱকুণ্ডত জয়ৰ দিশে BPFৰ ৰিহন দৈমাৰী 

    📌ৰৌতাত জয়ৰ দিশে BPFৰ চৰণ বড়ো

    📌ধনশ্ৰীতো জয়ৰ দিশে BPFৰ ফ্ৰেছ মুছাহাৰী

    📌হৰিশিঙাতো জয়ৰ দিশে BPFৰ ত্ৰিদীপ দৈমাৰী



  • Sep 26, 2025 18:59 IST

    হাগ্ৰামাৰ হাতলৈ যাব নেকি বিটিচিৰ বাঘজৰী?

    হাগ্ৰামাৰ হাতলৈ যাব নেকি বিটিচিৰ বাঘজৰী? নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জনৰ দিশে বিপিএফ। ২১খন আসনত অগ্ৰগতি বিপিএফ দলৰ।দ্বিতীয় স্থানৰ বাবে বিজেপি-UPPLৰ প্ৰতিযোগিতা।কংগ্ৰেছ, ৰাইজৰ দল, AJP, AGPয়ে নাপালে এখনো আসন।



  • Sep 26, 2025 18:50 IST

    ওদালগুৰিৰ ১০ সমষ্টিৰ ৬খনত অগ্ৰগতি BPFৰ

    📌ওদালগুৰিৰ ১০ সমষ্টিৰ ৬খনত অগ্ৰগতি BPFৰ

    📌খৈৰাবাৰীত BPFৰ বৃহৎ অগ্ৰগতি

    📌ননৈ ছেৰফাঙত BPFৰ অগ্ৰগতি

    📌হৰিশিঙাতো আগবাঢ়ি আছে BPF

    📌ধনশ্ৰী, ভৈৰৱকুণ্ডতো BPFৰ অগ্ৰগতি

    📌ৰৌতাতো আগবাঢ়ি আছে BPF প্ৰাৰ্থী

    📌খালিংদুৱাৰৰ বাহিৰে আটাইকেইটা সমষ্টিত পিছ পৰিছে বিজেপি



  • Sep 26, 2025 18:10 IST

    BTR নিৰ্বাচনৰ BIG UPDATE

    BTR নিৰ্বাচনৰ শেহতীয়া তথ্য আহি পৰিছে।চিৰাংদুৱাৰ সমষ্টিত পিছ পৰিছে হাগ্ৰামা মহিলাৰী । UPPL প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে লাভ কৰিছে ১৪,৬৫০টা ভোট।হাগ্ৰামাই লাভ কৰিছে ১৩,৪৩১টা ভোট। দেৱৰগাঁৱত BPFয়ে লাভ কৰিছে ১৪,৯৭৩টা ভোট। বিপিএফে লাভ কৰিছে ১৪,৯৭৩টা ভোট। UPPLয়ে অগ্ৰগতি লাভ কৰিছে ১৭টা ভোটত। 



  • Sep 26, 2025 17:55 IST

    বিটিচি নিৰ্বাচনী ফলাফলৰ প্ৰথমটো জয়ৰ খবৰ!

    বিটিচি নিৰ্বাচনী ফলাফলৰ প্ৰথমটো জয়ৰ খবৰ। বিপিএফৰ বাবে আহিল প্ৰথমটো ভাল খবৰ।নিশ্চিত বিজয়ৰ দিশে নিছিমা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী।নিশ্চিত জয়ৰ দিশে জেমছ বসুমতাৰী।অৱশ্যে এতিয়াও হোৱা নাই আনুষ্ঠানিক ঘোষণা। 



  • Sep 26, 2025 17:04 IST

    ভোটগণনাৰ মাজতেই উত্তপ্ত পৰিস্থিতি

    ফকিৰগ্ৰাম সমষ্টিৰ ভোটগণনাৰ মাজতেই উত্তপ্ত পৰিস্থিতি। বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত পোলিং অফিচাৰে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। নাকচ হোৱা ভোট বিজেপিৰ সমৰ্থনত কাউণ্ট কৰাৰ অভিযোগ। GSPৰ কাউণ্টিং এজেণ্টে আনিলে এই বিস্ফোৰক অভিযোগ। অভিযোগৰ পিছতে ভোটগণনা হলত হুলস্থূল।



  • Sep 26, 2025 16:39 IST

    BTC নিৰ্বাচনৰ ফলাফলৰ BIG UPDATE

    📌কোকৰাঝাৰত ১২ আসনৰ ৬ খনত BPFৰ অগ্ৰগতি

    📌তামুলপুৰৰ ৫ আসনৰ দুখনত BJP, দুখনত UPPLৰ অগ্ৰগতি

    📌চিৰাঙৰ ৭ আসনৰ ৩খনত BJP, ৩খনত UPPLৰ অগ্ৰগতি

    📌ওদালগুৰিৰ ১০ আসনৰ ৭ খনত BPFৰ অগ্ৰগতি

    📌বাক্সাৰ ৬ খনৰ ৩খনত BPFৰ অগ্ৰগতি



  • Sep 26, 2025 16:16 IST

    ওদালগুৰিৰ ১০ সমষ্টিৰ ৭টাত BPFএ লাভ কৰিছে অগ্ৰগতি

    পৰ্বতঝোৰাত অগ্ৰগতি লাভ কৰিছে BPF এ। ১১৩৯টা ভোটত অগ্ৰগতি মুন মুন ব্ৰহ্মৰ। চুবাইঝাৰত বিজেপি, UPPLক পিছ পেলাই অগ্ৰগতি BPFৰ। নিছিমা সমষ্টিতো অগ্ৰগতি BPFৰ।আনহাতে ওদালগুৰিৰ ১০ সমষ্টিৰ ৭টাত BPFএ লাভ কৰিছে অগ্ৰগতি। 



  • Sep 26, 2025 15:59 IST

    খাম্পা বৰগয়াৰীয়ে ওফৰাব নেকি হাগ্ৰামাৰ আসন?

    এতিয়াও ২খন আসনতেই পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। দেৱৰগাঁৱত তৃতীয় ৰাউণ্ডৰ অন্তত ৫৮৯ পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। চিৰাংদুৱাৰ সমষ্টিতো পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰীক চেলেঞ্জ দি UPPLৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল খাম্পা। 



  • Sep 26, 2025 15:41 IST

    বিটিচি নিৰ্বাচনৰ শেহতীয়া খবৰ

    📌১৮খন আসনত অগ্ৰগতি BPFৰ

    📌১খন আসনত অগ্ৰগতি বিজেপিৰ

    📌UPPLৰো ১১খন আসনত অগ্ৰগতি



  • Sep 26, 2025 15:00 IST

    ওদালগুৰিৰ কোন সমষ্টিত কোন দলৰ অগ্ৰগতি?

    📌১০খন আসনৰ ৭খনত BPFৰ অগ্ৰগতি

    📌ভেৰগাঁৱত বিজেপিক পিছ পেলাই অগ্ৰগতি UPPLৰ

    📌খালিংদুৱাৰত বিজেপিৰ অগ্ৰগতি

    📌মুদৈবাৰীত BPFৰ অগ্ৰগতি

    📌হৰিশিঙাত অগ্ৰগতি BPFৰ

    📌ধনশ্ৰীত BPFৰ অগ্ৰগতি

    📌ভৈৰৱকুণ্ডত BPFৰ অগ্ৰগতি

    📌পাচনৈ চেৰফাঙত বিজেপিৰ অগ্ৰগতি 

    📌ৰৌতাত BPFৰ অগ্ৰগতি

    📌ননৈ চেৰফাঙত BPFৰ অগ্ৰগতি

    📌খৈৰাবাৰীত BPFৰ অগ্ৰগতি



  • Sep 26, 2025 14:42 IST

    UPPLৰ প্ৰমোদ বড়োৰ অগ্ৰগতি

    গৈবাৰীত UPPLৰ প্ৰমোদ বড়োৰ অগ্ৰগতি। অৱশ্যে দতমাত পিছ পৰি আছে প্ৰমোদ বড়ো। দুয়োটা সমষ্টিত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। কাজল গাঁৱত অগ্ৰগতি UPPLৰ চন্দন ব্ৰহ্মৰ। দেবৰগাঁও আৰু চিৰাংদুৱাৰত পিছ পৰিছে হাগ্ৰামা। 



  • Sep 26, 2025 14:34 IST

    হাগ্ৰামা মহিলাৰীৰ সমুখত নচলিল নেকি এইবাৰ বিজেপিৰ মেজিক!

    হাগ্ৰামা মহিলাৰীৰ সমুখত নচলিল নেকি এইবাৰ বিজেপিৰ মেজিক! ভোটগণনাত পিছ পৰি ৰৈছে বিজেপি, UPPL।
    BTRৰ ২৩ আসনত বৃহৎ অগ্ৰগতি লাভ কৰিছে বিপিএফে। ৯ আসনত অগ্ৰগতি UPPLৰ। মাত্ৰ ৭খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই দেখা সপোন পূৰ হ'ব নে বুলিও এক প্ৰশ্ন উত্থাপন হৈছে। 



  • Sep 26, 2025 14:26 IST

    ৰৌতা সমষ্টিটোত দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা সম্পন্ন

    ৰৌতা সমষ্টিটোত দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। BPFৰ প্ৰাৰ্থী চৰণ বড়োৱে লাভ কৰিছে ৪০৫৫টা ভোট।
    UPPLৰ নিলত স্বৰ্গীয়াৰীয়ে ৩২৪৫টা ভোট লাভ কৰিছে। সমষ্টিত মূল যুঁজ চলিছে BPF আৰু UPPLৰ মাজত।



  • Sep 26, 2025 14:22 IST

    BTRৰ কোনখন জিলাত কোন আগবাঢ়ি আছে?

    ♦️কোকৰাঝাৰৰ ১২ আসনৰ ৬ আসনতে বিপিএফৰ অগ্ৰগতি


    ♦️ওদালগুৰিত ১০ আসনৰ ৬ আসনত অগ্ৰগতি বিপিএফৰ


    ♦️বাক্সাৰ ৬ আসনৰ ৪খনতে আগবাঢ়ি আছে বিপিএফ


    ♦️তামুলপুৰত ৫ আসনৰ দুখন বিজেপি, দুখনত UPPLৰ অগ্ৰগতি


    ♦️তামুলপুৰত এখন আসনত অগ্ৰগতি বিপিএফৰ


    ♦️চিৰাঙত ৩ আসনত বিপিএফ, ৩খনত UPPL, এখনত বিজেপিৰ অগ্ৰগতি



  • Sep 26, 2025 14:12 IST

    কোকৰাঝাৰৰ কোন সমষ্টিত আগবাঢ়ি আছে কোনটো দল?

    • ১নং পৰ্বতঝোৰা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ অগ্ৰগতি
    • ২নং গুমা সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ সজল কুমাৰ সিংহ
    • ৩নং শ্ৰীৰামপুৰ সমষ্টিত বিপিএফৰ মুকলেশ্বৰ ৰহমানৰ অগ্ৰগতি
    • ৪নং যমদুৱাৰ সমষ্টিত অগ্ৰগতি বিপিএফৰ উইলিয়াম নাৰ্জাৰীৰ
    • ৫নং শৰাইবিল সমষ্টিত ইউপিপিএলৰ ৰাজু নাৰ্জাৰীৰ অগ্ৰগতি
    • ৬নং কচুগাঁও সমষ্টিত বিপিএফৰ ৰবিৰাম নাৰ্জাৰীৰ অগ্ৰগতি
    • ৭নং ফকিৰাগ্ৰাম সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ অৰূপ কুমাৰ দে’
    • ৮নং দতমা সমষ্টিত বিজেপিৰে প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ অগ্ৰগতি
    • ৯নং বনৰগাঁও সমষ্টিত ইউপিপিএলৰ ৰবিৰাম ব্ৰহ্মৰ অগ্ৰগতি
    • ১০নং দেৱৰগাঁও সমষ্টিত অগ্ৰগতি ইউপিপিএলৰ খাম্ফা বৰগয়াৰীৰ
    • ১১নং বাওঁখুংগ্ৰী সমষ্টিত বিপিএফৰ ধনেশ্বৰ গয়াৰীৰ অগ্ৰগতি
    • ১২নং ছালাকাটি সমষ্টিত ইউপিপিএলৰ লৰেন্স ইছলাৰীৰ অগ্ৰগতি লাভ



  • Sep 26, 2025 14:07 IST

    পাঁচনৈ ছেৰফাং সমষ্টিটোত সম্পন্ন হৈছে প্ৰথম ৰাউণ্ডৰ ভোটগণনা


    পাঁচনৈ ছেৰফাং সমষ্টিটোত BPFৰ শ্যাম চুন্দিয়ে লাভ কৰিছে ১০৬৮টা ভোট। BJPৰ প্ৰাৰ্থী দিপীক মৌৰে লাভ কৰিছে ১৪৪৯টা ভোট। নিৰ্দলীয় প্ৰাৰ্থী ৰবি সুমিতৰাজ মিঞ্জে লাভ কৰিছে ১৪৭০টা ভোট।



  • Sep 26, 2025 14:05 IST

    তৃতীয় ৰাউণ্ডত খৈৰাবাৰী সমষ্টিত BPFৰ অগ্ৰগতি

    সমষ্টিটোৰ তৃতীয় ৰাউণ্ডত ২১৩টা ভোটত BPFৰ অগ্ৰগতি
    ১৫১১টা ভোট লাভ কৰিছে BPFৰ লমশ্ৰাও দৈমাৰীয়ে
    UPPLৰ ধৰণী বড়োৱে লাভ কৰিছে ১২৯৮টা ভোট
    BJPৰ মদন ৰাভাই লাভ কৰিছে ১৩৪৯টা ভোট



  • Sep 26, 2025 14:04 IST

    ২৪খনকৈ আসনত বৃহৎ অগ্ৰগতি বিপিএফৰ

    ২৪খনকৈ আসনত বৃহৎ অগ্ৰগতি লাভ কৰিছে বিপিএফে। ইয়াৰ বিপৰীতে মাত্ৰ ৫ আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। ৮ আসনত অগ্ৰগতি UPPLৰ।  বিটিচি নিৰ্বাচনী ফলাফলত বৰ্তমানলৈকে কংগ্ৰেছ শূন্য। 



  • Sep 26, 2025 14:03 IST

    ননৈ ছেৰফাং সমষ্টিত সমাপ্ত হৈছে প্ৰথম ৰাউণ্ডৰ ভোটগণনা

    ননৈ ছেৰফাং সমষ্টিত সমাপ্ত হৈছে প্ৰথম ৰাউণ্ডৰ ভোটগণনা
    প্ৰথম ৰাউণ্ডত UPPLৰ মৰিয়ম তপোৱে ৪৪২টা ভোট লাভ কৰিছে
    BPFৰ প্ৰাৰ্থী পাউল তপোৱে লাভ কৰিছে ৬৭৮টা ভোট
    BJP প্ৰাৰ্থী সঞ্জিত তাঁতীয়ে লাভ কৰিছে ১০৯২টা ভোট
    নিৰ্দলীয় প্ৰাৰ্থী ৰিতেন কৰ্মকাৰে ১৪০৯টা ভোট লাভ কৰিছে
    TMCৰ প্ৰাৰ্থী বিজয় বৈশ্যই লাভ কৰিছে ১৫৪২টা ভোট



  • Sep 26, 2025 14:00 IST

    কোন কোন সমষ্টিত অগ্ৰগতি বিপিএফৰ?

    খৈৰাবাৰী সমষ্টিত আগবাঢ়িছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল। মাদৈবাৰী সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিপিএফে। হৰিশিঙা সমষ্টি, ধনশ্ৰী সমষ্টিতো বিপিএফৰ অগ্ৰগতি। ভৈৰৱকুণ্ডতো আগবাঢ়ি আছে বিপিএফৰ ৰিহন দৈমাৰী।
    ৰৌতাত বিপিএফৰ চৰণ বড়োৰ অগ্ৰগতি।



  • Sep 26, 2025 13:53 IST

    কংগ্ৰেছ বৰ্তমানলৈকে শূন্য BTR নিৰ্বাচনত

    কংগ্ৰেছ বৰ্তমানলৈকে শূন্য BTR নিৰ্বাচনত। এখনো আসনত অগ্ৰগতি লাভ কৰা নাই কংগ্ৰেছ দলে। 



  • Sep 26, 2025 13:44 IST

    তৃতীয় ৰাউণ্ডৰ ভোট গণনাতো বৃহৎ অগ্ৰগতি বিপিএফৰ

    তৃতীয় ৰাউণ্ডৰ ভোট গণনাতো বৃহৎ অগ্ৰগতি লাভ কৰিছে বিপিএফে। ২০টা সমষ্টিতেই অগ্ৰগতি লাভ কৰিছে হাগ্ৰামাৰ দল BPF দলে। বিজেপিয়ে ৯খন আৰু UPPL আগবাঢ়ি আছে ১০খন আসনত। অৱশ্যে নিজ আসনত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। চিৰাংদুৱাৰত হাগ্ৰামাক পিছ পেলাই খাম্পা বৰগয়াৰীৰ অগ্ৰগতি। দেবৰগাঁৱতো ৫৮৯ ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। দতমা সমষ্টিতো পিছ পৰিছে UPPLপ্ৰধান প্ৰমোদ বড়ো। 



  • Sep 26, 2025 13:42 IST

    ১নং পৰ্বতঝোৰাত বিপিএফৰ মুনমুন ব্ৰহ্মৰ আগ্ৰগতি

    ১নং পৰ্বতঝোৰাত বিপিএফৰ মুনমুন ব্ৰহ্মৰ আগ্ৰগতি।  BPF প্ৰাৰ্থী মুন মুন ব্ৰহ্মই  লাভ কৰে ২০২১টা ভোট। UPPL প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্ম ভোট লাভ কৰিছে ১৭০৮ ভোট। বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীয়ে লাভ কৰিছে ১২১০টা ভোট। 



  • Sep 26, 2025 13:38 IST

    পিছপৰি আছে BPF প্ৰধান হাগ্ৰামা মহিলাৰী

    BPF প্ৰধান হাগ্ৰামা মহিলাৰী পিছপৰি আছে দুয়োটা সমষ্টিতেই। হাগ্ৰামাক অতিক্ৰম কৰি অগ্ৰগতি লাভ কৰিছে খাম্ফা বৰগয়াৰীয়ে।  দেৱৰগাওঁ আৰু চিৰাং দুৱাৰ দুয়োটা সমষ্টিতেই পিছপৰি আছে হাগ্ৰামা। 



  • Sep 26, 2025 13:31 IST

    অগ্ৰগতি লাভ কৰিছে UPPLৰ প্ৰমোদ বড়োৱে

    গৈবাৰী সমষ্টিত অগ্ৰগতি লাভ কৰিছে UPPLৰ প্ৰমোদ বড়োৱে। বৰ্তমানলৈকে ৪,৩৩৭টা ভোট লাভ UPPL প্ৰাৰ্থী প্ৰমোদ বড়োৰ। 



Advertisment
Advertisment