Advertisment

জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। SITৰ জেৰাৰ পিছতে গ্ৰেপ্তাৰ সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়ট পাৰ্টীত আছিল সন্দীপন। আজি CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় সন্দীপনক।

 Filephoto
Filephoto

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। 

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। SITৰ জেৰাৰ পিছতে গ্ৰেপ্তাৰ সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়ট পাৰ্টীত আছিল সন্দীপন। আজি CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় সন্দীপনক।

Advertisment

ক্ষীপ্ৰগতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক। লগতে গ্ৰেপ্তাৰ হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামী আৰু সহশিল্পী অমৃতপ্ৰভা মহন্তক।

DPS সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ নকৰাক লৈ উত্থাপন হৈছিল বহু প্ৰশ্নৰ। তাৰ পাছতেই আজি ৭ দিন জেৰাৰ পাছত SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। গ্ৰেপ্তাৰৰ পিছতে CJM আদালতত লৈ যোৱা হৈছে সন্দীপন গাৰ্গক। SIT-এ সন্দীপন গাৰ্গক নিজৰ জিম্মাত বিচাৰি কৰিব আবেদন। 

উল্লেখ্য যে প্ৰথমে তদন্তৰ আওতালৈ অহা নাছিল সন্দীপন গাৰ্গ। কি কাৰণত আৰু কিয় সন্দীপন গাৰ্গ তদন্তৰ আওতালৈ অহা নাই, ইয়াক লৈও বিভিন্নজনে প্ৰশ্ন কৰিছিল। আৰক্ষী বিষয়া হোৱাৰ বাবেই সন্দীপন তদন্তৰ আওতালৈ অহা নাই বুলি বহুতে মন্তব্য কৰিছিল। 
 
ক্ৰমাত ৰহস্যঘন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো। জুবিনৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ’ত স্পষ্ট ৰূপত দেখা গৈছে য়ট পাৰ্টীৰ সময়ত জুবিন গাৰ্গৰ লগত থকা কেইজনে জুবিন গাৰ্গক কৰা অৱহেলা। কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে কৈছিল, জুবিনৰ সৈতে প্ৰকৃততে কি হৈছিল, আমাক সঁচা কথাটো লাগে। জুবিনৰ লাখ লাখ অনুৰাগীয়ে আঁচল কথাবোৰ জানিবলৈ অপেক্ষা কৰিছে। কথাবোৰত লাহে লাহে মেৰপাক বহুত বেছি হৈ গৈ আছে। কোনে কি কথা কৈছে, কি কৰিছে একো বুজি নোপোৱাৰ দৰে হৈছো। ইতিমধ্যে ভিডিঅ’বোৰত জুবিনক লৈ অৱহেলা স্পষ্টকৈ দেখা গৈছে। সঁচা কথাবোৰ ক’বলৈ ইমান ভয় কিয় খাইছে সেইসকল লোকে? এনেদৰে প্ৰশ্ন কৰিছিল গৰিমাই। 

সামাজিক মাধ্যমত এটাৰ পাছত আনটো আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। স্বামী জুবিন গাৰ্গক স্মৰণ কৰি এটাৰ পিছত আনটো পোষ্ট শ্বেয়াৰ কৰিছে গৰিমাই। কিছু সময় পূৰ্বে এটা পোষ্ট শ্বেয়াৰ কৰি গৰিমাই লিখিছে, “২০ দিন …মই সঁচাই আছো নে জীয়াই ?” 

Advertisment
Advertisment