Advertisment

ভাগ্য আছিল কোটিপতি হোৱাৰ। নিশাটোৰ ভিতৰতে ৩৫ কোটি টকাৰ গৰাকী উত্তৰপ্ৰদেশৰ যুৱক।

কোম্পানীত কৰ্মৰত এজন যুৱকেও দেখিছিল ধনী হোৱাৰ সপোন। উত্তৰ প্ৰদেশৰ যুৱক সন্দীপ কুমাৰ প্ৰসাদে ডুবাইত কৰ্মৰত অৱস্থাতে ভাগ্য সলনি হ'ল। লটাৰীত সন্দীপে লাভ কৰিলে ৩৫ কোটি টকা। কি আছিল লাকী নম্বৰ?

 ভাগ্য আছিল কোটিপতি হোৱাৰ। নিশাটোৰ ভিতৰতে ৩৫ কোটি টকাৰ গৰাকী উত্তৰপ্ৰদেশৰ যুৱক।

সপোন সকলোৱে দেখে, ধনী হোৱাৰ, বিলাসী জীৱন কটোৱাৰ। 

কোম্পানীত কৰ্মৰত এজন যুৱকেও দেখিছিল ধনী হোৱাৰ সপোন। উত্তৰ প্ৰদেশৰ যুৱক সন্দীপ কুমাৰ প্ৰসাদে সংযুক্ত আৰব আমিৰশ্বাহীত কাম কৰে। ডুবাইত কৰ্মৰত অৱস্থাতে ভাগ্য সলনি হ'ল সন্দীপৰ।

Advertisment

লটাৰীত সন্দীপে লাভ কৰিলে ৩৫ কোটি টকা। যোৱা ১৯ আগষ্টত সন্দীপে ক্ৰয় কৰিছিল ২০০৬৬৯ নম্বৰৰ এটা লটাৰী টিকট।

বিগত তিনি বছৰে ডুবাইত কাম কৰা সন্দীপে তিনিমাহ ধৰি নিয়মীয়াকৈ লটাৰীৰ টিকট ক্ৰয় কৰি আহিছিল। প্ৰতিবাৰেই পুৰস্কাৰ লাভৰ পৰা বঞ্চিত হৈছিল উত্তৰপ্ৰদেশৰ যুৱক সন্দীপ কুমাৰ প্ৰসাদ। কিন্তু ধৈৰ্যৰ ফল যে মিঠা সেয়া প্ৰমাণ হ'ল। ৩ মাহে লটাৰীৰ টিকট ক্ৰয় কৰা সন্দীপৰ অৱশেষত ফুলিল কঁপাল। শেহতীয়াকৈ ১৯ আগষ্টত সন্দীপে ক্ৰয় কৰা লটাৰীৰ টিকটে দেখুৱালে যাদু। ৩ ছেপ্টেম্বৰত ওলাল ফলাফল। লটাৰী কোম্পানীৰ পৰা ফোন আহিলে সন্দীপলৈ। যি খবৰ সন্দীপৰ কাণত পৰিল ঠিকেই কিন্তু সেই কথা যেন বিশ্বাস কৰিব নোৱাৰিলে সন্দীপে। অৱশ্যে সেয়াই সত্য। সন্দীপ একেদিনাই হৈ পৰিল কোটিপতি। সন্দীপে জিকিলে ৩৫ কোটি টকা (সংযুক্ত আৰব আমিৰশ্বাহীৰ মুদ্ৰাত ১.৫ কোটি দিৰহাম)ৰ লটাৰী। সুখত আত্মহাৰা হৈ কোম্পানীত কৰ্মৰত সন্দীপে ক'লে- 'লটাৰী কোম্পানীটোৰ পৰা মোলৈ ফোন আহিল। টিকট নম্বৰটো উল্লেখ কৰি ক'লে যে মই পুৰস্কাৰ পাইছো। প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিলো। কিন্তু পিছত টিকটৰ নম্বৰ তুলনা কৰি বিশ্বাস কৰিলোঁ'

সন্দীপৰ মতে এতিয়া তেওঁ জিকা ধনেৰে পৰিয়ালটো ভালদৰে চলাব পাৰিব। তেওঁ এতিয়া আৰু বিদেশত থাকি কোম্পানীত কাম কৰিব নালাগে। ডুবাই সংবাদ প্ৰতিষ্ঠান দ্য খালিজ টাইমছক জনোৱা অনুসৰি সন্দীপ এগৰাকী বিবাহিত লোক। সন্দীপৰ উত্তৰপ্ৰদেশৰ ঘৰত আছে পত্নী-সন্তানৰ লগতে পিতৃ, দুই ভাতৃ আৰু এগৰাকী ভগ্নী। 

Advertisment
Advertisment