Advertisment

কাইলৈ ২২ গঁজত ভাৰত-পাকৰ মহাৰণ

কাইলৈ ভাৰত-পাকিস্তানৰ মাজত টি-২০ বিশ্বকাপৰ মহাৰণ। শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ২২ গঁজত মুখামুখি হ'ব দুই চিৰবৈৰী দল। সন্ধিয়া ৭ বজাৰ লগে লগে আৰম্ভ হ'ব হাইভল্টেজ খেলখন। 

 File Photo
File Photo

কাইলৈ ২২ গঁজত ভাৰত-পাকৰ মহাৰণ

কাইলৈ ভাৰত-পাকিস্তানৰ মাজত টি-২০ বিশ্বকাপৰ মহাৰণ। শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ২২ গঁজত মুখামুখি হ'ব দুই চিৰবৈৰী দল। সন্ধিয়া ৭ বজাৰ লগে লগে আৰম্ভ হ'ব হাইভল্টেজ খেলখন। 

Advertisment

Read More- আকৌ ইউ টাৰ্ণ পাকিস্তানৰ , ১৫ ফেব্ৰুৱাৰীত সমুখসমৰত ভাৰত-পাকিস্তান

অৱশেষত নাটকৰ অন্ত পৰিল পাকিস্তানৰ। আকৌ এবাৰ ICCৰ ওচৰত নতশিৰ হ'ল পাকিস্তান। বয়কটৰ ফটাঢোল বজোৱা পাকিস্তান এতিয়া সাজু হৈছে ভাৰতৰ বিৰুদ্ধে ২২ গঁজত নামিবলৈ। দেওবাৰে ভাৰত-পাকিস্তানৰ মাজত বহুপ্ৰত্যাশিত বিশ্বকাপৰ মেচ। এইপৰ্যন্ত টি-২০ বিশ্বকাপত ৮ বাৰকৈ মুখামুখি হৈছে দুই চিৰবৈৰী দেশ। য'ত ভাৰতে ৭খন খেলত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তান জয়ী হৈছে মাত্ৰ এখন মেচত। 

Read More- ক্ৰিকেট অনিশ্চয়তাৰ খেল! জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা অষ্ট্ৰেলিয়ান বেটাৰ

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ। কিন্তু মেগা ইভেণ্টখনৰ আৰম্ভণিৰ পূৰ্বৰে পৰা এইপৰ্যন্ত বিতৰ্ক অব্যাহত আছে। এই বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু হৈছে পাকিস্তান। প্ৰথমে পাকিস্তানে বাংলাদেশত উচতনি দি বিশ্বকাপৰ পৰা বাহিৰ কৰিলে। তাৰ পাছত নিজেও ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া লীগ পৰ্যায়ৰ খেলখন বয়কট কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু ICCৰ ধমকত সুৰ সলাই পাকিস্তান সাজু হৈছে ভাৰতৰ বিৰুদ্ধে মেচ খেলিবলৈ। 

Read More- ৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত  RRক নেতৃত্ব দিব ৰিয়ানে

হাইভল্টেজ খেলখনৰ পূৰ্বে সংবাদমেলত পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘাই কয় যে, "ভাৰতৰ বিৰুদ্ধে আমাৰ পূৰ্বৰ অভিলেখ ভাল নহয়। কিন্তু মেচখনত ভাল প্রদর্শন কৰিবলৈ চেষ্টা কৰিম"৷ গতিকে কাইলৈ অনুষ্ঠিত হ'বলগীয়া খেলখনক লৈ সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী ত্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ থাকিব।

Advertisment
Advertisment