Assamese চুৰি হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি...! মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি চুৰি। জাতিৰ পিতা গান্ধীৰ প্ৰতিমূৰ্তি চুৰি হোৱাৰ ঘটনাই আচম্বিত কৰি তুলিছে সকলোকে। অষ্ট্ৰেলিয়াৰ মেলব'র্ন চহৰৰ আউষ্ট্ৰলিয়ান ইণ্ডিয়ান কমিউনিটী চেণ্টাৰৰ পৰা চুৰি হয় মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো।
Assamese হাজাৰ হাজাৰ বিমানৰ উৰণ বাতিল! প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত আমেৰিকাৰ জনজীৱন প্ৰচণ্ড তুষাৰপাত আৰু তাৰ মাজতে ধুমুহা। প্ৰকৃতিৰ এই তাণ্ডৱে এতিয়া বিধ্বস্ত কৰি তুলিছে আমেৰিকাৰ কেইবাখনো ৰাজ্য। একাঠুৰ পৰা একঁকাল পৰ্যন্ত বৰফৰ তৰপৰ মাজত আৱদ্ধ হৈ পৰিছে জনতা। ধুমুহাৰ ফলত বিচ্ছিন্ন বিদ্যুত্ সেৱা। ইয়াৰ মাজত পণবন্দী প্ৰায় ১৪ কোটি জনতা।
Assamese ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা প্ৰথমবাৰলৈ ৱৰ্ল্ড ইকনমিক ফ’ৰামলৈ এজন অসমীয়া। ছুইজাৰলেণ্ডৰ ডেভ’চ-ক্ল’ষ্টাৰ্ছ চহৰত আৰম্ভ হোৱা ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ ল’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ'ব ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া।
Assamese প্ৰথমে আক্ৰমণ পাছত বিহ খুৱাই...বাংলাদেশত পুনৰ হিন্দুৰে ভয়ংকৰ ঘটনা শান্ত হোৱা নাই বাংলাদেশ। অশান্ত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা। দিপু চন্দ্ৰ দাস, অমৃত মণ্ডল, বজেন্দ্ৰ বিশ্বাসৰ হত্যাকাণ্ডৰ পাছতে এইবাৰ জয় মহাপাত্ৰ নামৰ হিন্দু যুৱকক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ।
Assamese ভাৰতক ভাবুকি ট্ৰাম্পৰ ! তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে... প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বৰ ভাল মানুহ। তেওঁ বুজি পাইছে- মই সুখী নহয়। মোক সন্তুষ্ট কৰি ৰখাটো মোদীৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভেৰী গুড মেন’ বুলি আখ্যা দি ভাৰতক আকৌ শুল্ক বৃদ্ধিৰ ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে।
Assamese ভেনিজুৱেলাত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ দক্ষিণ আমেৰিকাৰ তৈল চহকী দেশ ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। মাৰ্কিন বাহিনীয়ে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লোৰেচক বন্দী কৰি লৈ যায়।
Assamese কি হৈৰাই গৈছে? কোটি কোটি বছৰ পূৰ্বে কি আছিল এন্টাৰ্কটিকাত? এন্টাৰ্কটিকাৰ বৰফৰ খোলাৰ তলত লুকাই আছে এখন হেৰুওৱা ‘পৃথিৱী’! কোটি কোটি বছৰৰ আগতে এই মহাদেশখন আছিল এখন ৰসাল অৰণ্য! এন্টাৰ্কটিকা আছিল গভীৰ জংঘলেৰে ভৰা। এই দাবী কৰিছে গৱেষকসকলৰ।
Assamese বৃহত্ গণবিক্ষোভ! ৰাজপথলৈ লাখ লাখ জনতা শাসন ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথত বৃহত্ গণবিক্ষোভ। ধৰ্মীয় গোড়া শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ইৰান। ইৰানৰ চহৰে-নগৰে ওলাই আহিছে লাখ লাখ প্ৰতিবাদী লোক। তেহৰানকে ধৰি বিভিন্ন চহৰত অভাৱনীয় পৰিস্থিতি।
Assamese শিহৰণকাৰী! অগ্নিদগ্ধ হৈ ১৬ জনৰ কৰুণ মৃত্যু বিশ্ব কঁপোৱা এক শিহৰণকাৰী খবৰ। ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ১৬ জন লোকৰ কৰুণ মৃত্যু। ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহৰ ভিতৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
Assamese ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক! ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদীৰ মৃত্য়ু নাইজেৰিয়াৰ ISISৰ ঘাটিত ভয়ংকৰ আক্ৰমণ। আমেৰিকাৰ ভয়ংকৰ আক্ৰমণত ধ্বংস হ'ল ISISৰ কেইবাটাও ঘাটি। খ্ৰীষ্টান গণহত্যাৰ পোতক তুলিবলৈ আমেৰিকাই কৰা এই আক্ৰমণত ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য।