Advertisment

জুবিনৰ টকা কেনেকৈ সৰকাইছিল সিদ্ধাৰ্থে? বিস্ফোৰক তথ্য আছে মানস ৰবীনৰ হাতত।

জুবিন গাৰ্গৰ সতীৰ্থ মানস ৰবীনৰ বিস্ফোৰক মন্তব্য। জুবিন গাৰ্গৰ ধন আত্মসাতৰ বিস্ফোৰক প্ৰমাণ আছে মানস ৰবীনৰ হাতত। সেই প্ৰমাণ বা তথ্য তদন্তকাৰী সংস্থা CIDক দিবলৈ সাজু জুবিন গাৰ্গৰ বন্ধু মানস ৰবীন।

জুবিন গাৰ্গৰ ধন আত্মসাতৰ তথ্য আছে মানস ৰবীনৰ হাতত!

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে বহু বিস্ফোৰক অভিযোগ। তাৰ মাজতে জুবিন গাৰ্গৰ সতীৰ্থ মানস ৰবীনৰ বিস্ফোৰক মন্তব্য। জুবিন গাৰ্গৰ ধন আত্মসাতৰ বিস্ফোৰক প্ৰমাণ আছে মানস ৰবীনৰ হাতত। সেই প্ৰমাণ বা তথ্য তদন্তকাৰী সংস্থা CIDক দিবলৈ সাজু জুবিন গাৰ্গৰ বন্ধু মানস ৰবীন। 

Advertisment

মানস ৰবীনৰ মতে ----

জুবিন গাৰ্গৰ ধন আত্মসাতৰ অভিযোগ পূৰ্বে বহুবাৰ পাইছিলোঁ। কিন্তু বিশ্বাস কৰা নাছিলোঁ, কিন্তু এতিয়া কথাবোৰ সঁচা প্ৰমাণ হ'বলৈ ধৰিছে। মোৰ ওচৰত ইয়াৰ এটা black and white প্ৰমাণ আছে। চৰকাৰে তদন্ত কৰিছে, কৰিব লাগিব। দুটা দিশত চাব লাগিব, প্ৰথম মৃত্যুৰ ৰহস্য আৰু দ্বিতীয়তে অৰ্থনৈতিক লেনদেন। শ্যামকানু ব্লেক লিষ্ট হোৱাত হয়তো মহন্ত পৰিয়ালে বেয়া পাইছে, কিন্তু সমগ্ৰ অসমবাসীয়ে ভাল পাইছে। জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি মাৰ্ডাৰ তুচাদছ মিউজিয়ামত প্ৰতিষ্ঠা হ'ব লাগে। 

লগতে কণ্ঠশিল্পী মানস ৰবীনৰ ঘোষণা জুবিনৰ স্মৃতিত গামোচাৰ এখন চিলা প্ৰস্তুত কৰি লাচিত ঘাটত উৰুৱাব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লাভ কৰা গামোচাৰ পৰা প্ৰস্তুত কৰিব এই বৃহৎ চিলা। সমান্তৰালকৈ বৰ্তমান সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকা সকলো নিয়ন্ত্ৰণ জুবিনৰ পৰিয়ালৰ হাতলৈ আনিব লাগে বুলিও দাবী মানস ৰবীনৰ।