Advertisment

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই ফেচবুক লাইভ কৰি বা পত্ৰ লিখি সাৰি যাব নোৱাৰিবঃ মুখ্যমন্ত্ৰী

৬ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমৰ CIDৰ কাৰ্যালয়ত উপস্থিত হ'বলৈও  আহ্বান মুখ্যমন্ত্ৰীৰ। সঁচাকৈয়ে যদি  শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা নিৰ্দোষী তেন্তে সাহসেৰে আহিবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে। 

'শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্যৰ সৈতে খেলা কৰিব চেষ্টা নকৰিব'। 'ফেচবুক লাইভ কৰি বা পত্ৰ লিখি জনতা আৰু আইনৰ পৰা সাৰি যাব নোৱাৰিব'। 'জনতাৰ ক্ষোভৰ সৈতে খেলা নকৰিব'। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। 'জুবিনক লৈ মই ৬ বছৰ আগতে মই কৈছিলো, জুবিনক বিপথে পৰিচালিত কৰাত তেওঁৰ আশে-পাশে থকা মানুহবোৰেই'। '৬ বছৰ আগতে যি কৈছিলো তাৰ উপস্থিতি আজিও সংবাদমাধ্যম আৰু সামাজিক মাধ্যমত আছে'। ঘটনাক লৈ মোৰ যি স্পষ্টভাৱ সেইয়া আজি নহয় ৬ বছৰ আগতেই সেইয়া মই ৰাইজৰ জনাইছিলো।

Advertisment

জুবিনৰ কোনো এজন অনুৰাগীতকৈ হিমন্ত বিশ্ব শৰ্মাই নিজকে কম অনুৰাগী বুলি নাভাবে বুলিও মন্তব্য কৰে। ৬ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমৰ CIDৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। সঁচাকৈয়ে যদি  শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা নিৰ্দোষী তেন্তে সাহসেৰে আহিবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে। CID ওচৰত যদি মুখ খুলিবলৈ বেয়া পাই তেন্তে আদালতৰ ওচৰত গৈ কথাখিনি কওক, কিন্তু ৰাইজৰ যি ক্ষোভৰ অগ্নিৰ সৈতে খেলা নকৰিবলৈও সকীয়নি মুখ্যমন্ত্ৰীৰ। 

'এইখন চৰকাৰে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা মানুহৰ ওচৰত কেতিয়াও শিৰণত নকৰে'। 'অসম চৰকাৰে কেৱল অসমৰ ৰাইজৰ ওচৰক শিৰণত কৰিব'। আগতীয়াকৈ জামিন লাভ কৰিম বুলি ভবাটো ভুল হ'ব শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাবে। কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ। জুবিনৰ মৃত্যুৰ প্ৰতিটো ঘটনা তন্ন তন্নকৈ দাঙি ধৰিব লাগিব ৰাইজৰ আগত শ্য়ামকানু আৰু সিদ্ধাৰ্থই বুলি হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। 

জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰতিগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্বও স্বীকাৰ কৰিলে মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক'ভিড, বানপানীৰ সময়ত যিধৰণে অসমৰ জনসাধাৰণক এৰি দিয়া নাছিল মুখ্যমন্ত্ৰীয়ে, ঠিক তেনেদৰে আজি জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে যি আন্দোলন কৰা হৈছে তাতো অসমৰ জনতাৰ লগত আছে মুখ্যমন্ত্ৰীগৰাকী। আচামী কেতিয়াবা দুটামান দিন লুকাই থাকে, কিন্তু আইনৰ হাত দীঘল, আইনে ধৈৰ্য সহকাৰে কেনেকৈ আগবাঢ়িব লাগে জানে লগতে আইনে কাকো ৰেহাই নিদিয়ে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।