Advertisment

সিদ্ধাৰ্থই জুবিন দাক কোনো বাধা দিয়া নাছিলঃ শেখৰ

সেই দিনা কি হৈছিল জুবিন গাৰ্গৰ সৈতে? ছিংগাপুৰৰ সমুদ্ৰ তীৰত সংঘটিত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে সংগী শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী শেখৰ গোস্বামীৰ বিস্ফোৰক তথ্য।

মোৰ কোনো অধিকাৰ নাছিলঃ শেখৰ

জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী শেখৰ গোস্বামীৰ বিস্ফোৰক তথ্য। ছিংগাপুৰৰ সমুদ্ৰ তীৰত সংঘটিত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে সংগী শেখৰজ্যোতি গোস্বামীয়ে।

Advertisment

শেখৰৰ মতে- 'এয়া এক অনিচ্ছাকৃত দুৰ্ঘটনা'। ‘সিদ্ধাৰ্থই দাদাক কোনো বাধা দিয়া নাছিল’। লগতে শেখৰ ক'লে - ‘মই যাত্ৰাটোত কেৱল জুবিনদাৰ সংগীত সহযোগী হিচাপেহে গৈছিলো’। ‘গতিকে তেওঁক বাধা দিয়া মোৰ কোনো অধিকাৰ নাছিল’। ‘সাঁতুৰি থাকোঁতে তেওঁ হঠাত্‍ তলমুৱাকৈ পৰি ৰৈছিল’। ‘১০ ছেকেণ্ডৰ পিছতে মই তেওঁক সাবটি ধৰিছিলো’। ‘কিন্তু নিমিষতে তেওঁ অচেতন হৈ নীলা হৈ গৈছিল’। ‘য়াৰ্টখনৰ কেপ্টেইন আৰু আন এজনে তেওঁক CPR দিছিল’। ‘আধা ঘণ্টা সময় তেওঁক দি থকা হৈছিল CPR’। ‘তাৰ পিছতে সমীপৰ প’ৰ্ট এটালৈ অনা হৈছিল জুবিনদাক’। ‘ইয়াৰ পিছৰ ঘটনা সিদ্ধাৰ্থই পৰিচালনা কৰিছিল, মোৰ কোনো গুৰুত্ব নাছিল’।

উল্লেখ্য যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্যজুৰি বৰ্তমানো চলি আছে তীব্ৰ প্ৰতিক্ৰিয়া। শেহতীয়াতৈ সামাজিক মাধ্যমত শেখৰজ্যোতি গোস্বামীৰে হোৱা এক বাৰ্তালাপ ভাইৰেল হোৱাৰ পিছৰে পৰা এই বিষয়টোক লৈ অতি সৰৱ হৈছে জুবিনৰ অনুৰাগী। তাৰ মাজতে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সংঘটিত ঘটনা চাক্ষুক বৰ্ণনা দিবলৈ গৈ শেখৰজ্যোতি গোস্বামীয়ে ক'লে যে -'এয়া এক অনিচ্ছাকৃত দুৰ্ঘটনা'।

অৱশ্যে শেখৰে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও উজাৰিলে ক্ষোভ। বিশেষকৈ সিদ্ধাৰ্থই শেখৰক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে। কিন্তু অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হোৱাতো বিচাৰিছে। কিন্তু শেখৰজ্যোতি গোস্বামীৰ এই মন্তব্যৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য অধিক গভীৰতালৈ সোমাই পৰিছে।