Advertisment

সিদ্ধাৰ্থহঁতে পইচাৰ হিচাপ নিদিয়াৰ বাবেই মোবাইল ভাঙি দিছিল জুবিন গাৰ্গে! 'জুবিনে এদিন খুউব দুখেৰে কৈছিল, খগেন দা মোৰ লগত পইচা নাই অ'

জুবিন গাৰ্গে টকা পইচাৰ খেলিমেলিৰ কথা গম পাইছিল। দাদাই এদিন আমাক কৈছিল 'মই মোবাইল ভাঙি পেলালো নহয়'। 'মোৰ একাউণ্টত ৫ কোটি টকা এটা নাই। আছে দাদা, আছে দাদা বুলি কৈ থাকে, কিন্তু হিচাপ দিব নোৱাৰে'। 'তিনিবছৰ ধৰি মোক একো হিচাপ দিয়া নাই'।

'জুবিনে এদিন খুউব দুখেৰে কৈছিল, খগেন দা মোৰ লগত পইচা নাই অ' Photograph: (file photo)
'জুবিনে এদিন খুউব দুখেৰে কৈছিল, খগেন দা মোৰ লগত পইচা নাই অ' Photograph: (file photo)

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২১ দিন। ২১ দিনে বহুতেই মানি ল’ব পৰা নাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যে আৰু নাই। জুবিনৰ মৃত্যুৰ তদন্তৰ মাজতে পোহৰলৈ আহিছে ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ। জুবিন গাৰ্গৰে ঘনিষ্ঠ সম্পৰ্ক থকা কেইবাজনো লোকে সংবাদমাধ্যমৰ আগত আগবঢ়াইছে জুবিন গাৰ্গৰ টকাক লৈ খেলিমেলি থকাৰ বিস্ফোৰক অভিযোগ। জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ শিল্পী খগেন গগৈকো মনৰ বেজাৰতে জুবিন গাৰ্গে কৈছিল - সিদ্ধাৰ্থহঁতে টকাৰ হিচাপ নিদিয়াৰ কথা। পকেটত এটকাও নাই বুলি বৰ আক্ষেপেৰে জুবিন গাৰ্গে কৈছিল খগেন গগৈক। জুবিন গাৰ্গৰ নিচিনা হৃদয়বান ল'ৰা এটাৰ পকেটত ১০ টকা এটাও নাথাকিছিল বুলিও মন্তব্য খগেন গগৈৰ।

Advertisment

খগেন গগৈয়ে এদিন জুবিন গাৰ্গক কৈছিল, 'তই জীয়াই থাকিব লাগিব আৰু তই অলপ সাৱধান হ'ব লাগিব'। তেতিয়া জুবিনে কৈছিল মোক কোনে মাৰিব? সকলো মোৰ ভাই হয়। 'জুবিন গাৰ্গে কেতিয়াও কাৰো বদনাম নকৰিছিল, কাৰো কথা কেতিয়াও বেয়াকৈ নকৈছিল। তেনেকুৱা এজন ল'ৰাক দুটামান পইচাৰ বাবে মাৰি পেলাব নালাগিছিল বুলিও মন্তব্য খগেন গগৈৰ।

জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰাৰো এক বিষ্ফোৰক অভিযোগ। পইচাৰ হিচাপ নিদিয়াৰ বাবেই মোবাইল ভাঙি দিয়াৰ কথা কৈছিল শতাব্দীৰ আগত জুবিন গাৰ্গে।জুবিন গাৰ্গে টকা পইচাৰ খেলিমেলিৰ কথা গম পাইছিল। শতাব্দী বৰাৰ ভাষ্য- 'দাদাই এদিন আমাক কৈছিল, মই মোবাইল'টো ভাঙি পেলালো নহয়'। কিয় বুলি সুধোতে দাদাই কৈছিল- 'মোৰ একাউণ্টত ৫ কোটি টকা এটা নাই। আছে দাদা, আছে দাদা বুলি কৈ থাকে, কিন্তু হিচাপ দিব নোৱাৰে'। 'তিনিবছৰ ধৰি মোক একো হিচাপ দিয়া নাই'।

৩ বছৰে মেনেজাৰ সিদ্ধাৰ্থই ধনৰ হিচাপ দিয়া নাছিল জুবিন গাৰ্গক। ৫ কোটি টকাৰ হিচাপ জুবিনক দিব পৰা নাছিল সিদ্ধাৰ্থই। বিত্তীয় খেলিমেলিৰ কথা জানিব পাৰি ক্ষোভত নিজৰ মোবাইল ভাঙিছিল জুবিনে। DY365ৰ ‘সিদ্ধান্ত’ অনুষ্ঠানত বিস্ফোৰণ জুবিনৰ সহযোগী গায়িকা শতাব্দী বৰাৰ। pic.twitter.com/VNCDXexKB2
— DY365 (@DY365) October 9, 2025

জুবিন গাৰ্গৰ সম্পত্তিৰ হিচাপো ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ টকা পইচা, ঘৰ-দুৱাৰকে ধৰি প্ৰতিটো বস্তুৰ হিচাপত আছিল মেনেজাৰ সিদ্ধাৰ্থ। 'সিদ্ধাৰ্থহ'তৰ ব্যৱহাৰৰ বাবে জুবিন গাৰ্গৰ ওচৰলৈ কোনো আহিব নিবিছাৰিছিল'। 'ভাল মানুহখিনিক দাদাৰ পৰা আতৰাই ৰাখিছিল সিঁহতে'। এই অভিযোগ শতাব্দী বৰাৰ।

নিজকে জুবিন গাৰ্গ বুলি ভাবিছিল সিদ্ধাৰ্থই। অভদ্ৰামিৰ সীমা চেৰাই গৈছিল সিদ্ধাৰ্থ-শেখৰে। বেয়া শব্দ ব্যৱহাৰ নকৰাকৈ কথাই নকৈছিল শেখৰ গোস্বামীয়ে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ, সহযোগী শেখৰজ্যোতি গোস্বামীক লৈ জুবিন গাৰ্গৰ সহ শিল্পী শতাব্দী বৰাৰ বিস্ফোৰণ।

নিজকে জুবিন গাৰ্গ বুলি ভাবিছিল সিদ্ধাৰ্থই। অভদ্ৰামিৰ সীমা চেৰাই গৈছিল সিদ্ধাৰ্থ-শেখৰে। বেয়া শব্দ ব্যৱহাৰ নকৰাকৈ কথাই নকৈছিল শেখৰ গোস্বামীয়ে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ, সহযোগী শেখৰজ্যোতি গোস্বামীক লৈ সিদ্ধান্ত অনুষ্ঠানত শতাব্দী বৰাৰ বিস্ফোৰণ। pic.twitter.com/n2ozmwUs5c
— DY365 (@DY365) October 9, 2025