Assameseইফটাৰৰ সুযোগ বুজি চোৰে চলালে চাফাই অভিযানচোৰে সৰ্বস্বান্ত কৰিলে এটা পৰিয়ালক। বিশ্বৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ চলি আছে পবিত্ৰ ৰমজান মাহ। এই ৰমজান মাহৰ সুযোগ বুজি ওদালগুৰি জিলাৰ কলাই গাঁৱৰ ১নং আমগুৰি গাঁৱৰ আটায়ুৰ ৰহমানৰ ঘৰত চোৰে চলালে চাফাই অভিযান। Estafur Rahman Mar 09, 2026 10:59 ISTPhotograph: (dy365)ইফটাৰৰ সুযোগ বুজি চোৰে চলালে চাফাই অভিযানAlso Read...টীম ইণ্ডিয়াৰ বেটাৰৰ ৰানৰ বৰষুণ, নিউজীলেণ্ডক ২৫৬ ৰানৰ বিশাল লক্ষ্য ভাৰতৰAdvertismentচোৰে সৰ্বস্বান্ত কৰিলে এটা পৰিয়ালক। বিশ্বৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ চলি আছে পবিত্ৰ ৰমজান মাহ। এই ৰমজান মাহৰ সুযোগ বুজি ওদালগুৰি জিলাৰ কলাই গাঁৱৰ ১নং আমগুৰি গাঁৱৰ আটায়ুৰ ৰহমানৰ ঘৰত চোৰে চলালে চাফাই অভিযান। ঘটনাটো আছিল ৫মাৰ্চ বৃহস্পতিবাৰৰ। সেইদিনা আটায়ুৰ ৰহমানৰ সকলো পৰিয়াল আলহীৰ আমন্ত্ৰণত ইফটাৰ পাৰ্টীলৈ গৈছিল। আৰু ইফালে চোৰৰ চকু আছিল আটায়ুৰ ৰহমানৰ ঘৰৰ ওপৰত। ঘৰত কোনো নথকাৰ সুযোগ বুজি এফালৰ পৰা ঘৰখনত চলালে চাফাই অভিযান। পৰিয়ালৰ সকলো সদস্যই ঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই চোৰে আৰম্ভ কৰিলে লুট পাট। পৰিয়ালৰ লোকৰ সন্দেহ চোৰে বহুদিনৰ পৰা আমাৰ ঘৰৰখনৰ ওপৰত নজৰ ৰাখিছিল। আমি কোনেও ঘৰত নথকাৰ সকলো খবৰ চোৰে লাভ কৰিছিল আৰু সুযোগ বুজি চোৰে চলালে অভিযান।Also Read...৪০ লাখ হিতাধিকাৰী মহিলালৈ ৯ হাজাৰকৈ টকা, বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীAdvertismentনিশা ৭ মান বজাত আলোহী ঘৰৰ পৰা ইফটাৰ পাৰ্টী কৰি ঘৰলৈ উভতিছিল আটায়ুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালবৰ্গই। ঘৰত সোমাইয়ে দেখিলে দৰ্জা ভাঙি গদৰেজৰ পৰা প্ৰায় ৫ লাখ টকাৰ মূল্যৰ সোণৰ গহণা লগতে নগদ ৫০ হাজাৰ টকা লৈ যায়। চোৰৰ চাফাই অভিযানত মূৰে-কঁপালে হাত দি দুৰ্ভগীয়া পৰিয়ালটোৱে লগে লগে কলাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ দাখিলৰ পিছতেই কলাইগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। Also Read...কাউণ্টডাউন আৰম্ভ ! ইতিহাস সলনিৰ লক্ষ্যৰে আজি ২২ গঁজত নামিব টীম ইণ্ডিয়াৰাজ্যত এতিয়া চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে সাধাৰণ জনতা। দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সংখ্যা। চোৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ হৈ উঠিছে। Advertisment Read More AdvertismentAdvertisment Read the Next Article