Advertisment

আকৌ আহিব নে জুবিন? জুবিনৰ মৃত্যু জানো হ'ব পাৰে?

জুবিন আৰু নাই। হঠাৎ অসম কঁপাই যোৱাকৈ ছিংগাপুৰৰ পৰা এটা খবৰ। যিগৰাকী শিল্পীৰ প্ৰতি কত সহস্ৰ অনুৰাগী দোৱা-প্ৰাৰ্থনা আছে সেইগৰাকী শিল্পী নাই বুলিয়েই নোহোৱা হৈ যাব পাৰেনে?

 জুবিন আৰু নাই Photograph: (file)
জুবিন আৰু নাই Photograph: (file)

আকৌ আহিব নে জুবিন গাৰ্গ? জুবিনৰ মৃত্যু জানো হ'ব পাৰে?

অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ খবৰটো। জুবিন আৰু নাই। হঠাৎ অসম কঁপাই যোৱাকৈ ছিংগাপুৰৰ পৰা এটা খবৰ আহিছে। অসমৰ হিৰ', হিয়াৰ আমঠু জুবিন গাৰ্গৰ সৈতে সংঘটিত হৈছে এক অঘটন। ছিংগাপুৰত জুবিন গাৰ্গৰ প্ৰমোদ বিহাৰৰ সময়তে এই দুখবৰে নিমিষতে স্তব্ধ কৰি তুলিলে অসম। জুবিনবিহীন অসমত এতিয়া অচলাৱস্থা। 

Advertisment

সঁচাকৈয়ে জুবিন হেৰাই গ'ল নে? নাই কোনো অসমীয়াই কোনো অনুৰাগীয়ে বিশ্বাস কৰিব পৰা নাই যে জুবিন আৰু নাই। লগে-লগেই সেমেকা চকুৰে অনুৰাগীয়ে ক'লে জুবিনৰ একো হোৱা নাই, জুবিন জীয়াই আছে। জুবিনবিহীন অসম কেনেকৈ কল্পনা কৰে অসমে। যিগৰাকী শিল্পীৰ প্ৰতি কত সহস্ৰ অনুৰাগী দোৱা-প্ৰাৰ্থনা আছে সেইগৰাকী শিল্পী নাই বুলিয়েই নোহোৱা হৈ যাব পাৰেনে? 

দিনৰ প্ৰায় ২.৩০ বজাত অহা এই খবৰে ব্যথিত কৰিছে সকলোকে। প্ৰথমে খবৰ আহে ছিংগাপুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জুবিন গাৰ্গক ICUত ভৰ্তি কৰোৱা হয়। এক দুৰ্ঘটনাত ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ হয় জুবিন গাৰ্গ। প্ৰমোদ বিহাৰৰ সময়ত সাগৰত পৰি যায় জুবিন আৰু অচেতন অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় জুবিনক। উল্লেখ্য যে ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি জুবিন গাৰ্গক লৈ যায় চিকিৎসালয়লৈ। লগে-লগেই জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ অনুৰাগীৰ মাজত বৃদ্ধি পাই ব্যাপক উদ্বিগ্নতা। আচলতে কি হৈছে জুবিন গাৰ্গৰ সৈতে? 

সময় বাগৰি গৈছে, বৃদ্ধি পাইছে কৌতুহল। কেনেকৈ আছে প্ৰাণৰ জুবিন, কেনেকৈ আছে আমাৰ মৰমৰ জুবিন? সকলোৰে এটাই প্ৰাৰ্থনা, জুবিন জীয়াই আছে। কিন্তু তাৰ মাজতে প্ৰকাশ পালে সেই চূড়ান্ত সত্য খবৰ, জুবিন গাৰ্গ আৰু সঁচাকৈয়ে নাই। সকলোৰে ভাষা হেৰাই গ'ল। যেন এক অশান্ত ধুমুহাই হঠাৎ আহি ভাঙি থৈ গ'লহি অসমীয়াৰ আৱেগৰ ঘৰখন, জুবিনৰ গানে গঢ়া অসমীয়াৰ মন। সেমেকি উঠিল চকুলো, অসমজুৰি বাজি উঠিল 'মায়াবিনী ৰাতিৰ বুকুত...'। 

অসমীয়াৰ হৃদয় স্পন্দন জুবিন গাৰ্গ ঘূৰি নহাৰ বাটেৰে গুচি গ'ল। জুবিন গাৰ্গৰ আকস্মিক বিদায়ত শোকস্তব্ধ হৈ পৰিল ৰাজ্য। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত কান্দোনত ভাঙি পৰিছে সকলো। কেউফালে কেৱল শোকৰ ছাঁ। স্বতঃস্ফূর্তভাৱে বন্ধ হৈ গ'ল সকলো দোকান-পোহাৰ। এয়াই জুবিনৰ প্ৰতি থকা মানুহৰ মৰম আৰু ভালপোৱা। 

জুবিনৰ গানত কি নাছিল, সকলো আছিল... আছিল শান্তি-সম্প্ৰীতি, দুখ-বেদনা, প্ৰেম-ভালপোৱাৰ কথা। প্ৰতিটো পৰিস্থিতিকেই জুবিনৰ গানত অনুভৱ কৰিব পাৰিছিল অনুৰাগীয়ে। জুবিনৰ গান আৰু কণ্ঠই মানুহৰ ভগ্ন হৃদয় লগাইছিল যোৰা, ভাগৰি পৰা, জীৱন হেৰুৱাব খোজাজনে পাইছিল অনুপ্ৰেৰণা, গান শুনি গোটাইছিল সাহস। দেখিছিল জীৱন ৰঙীন সপোন। সেয়ে আজি প্ৰতিজন অনুৰাগী দুখী, শোকত বিহ্বল। 

বিশ্বাস কৰিব নোৱাৰা এক সত্য মানি ল'বলগীয়া হ'ল অসমবাসীয়ে। লগে-লগেই সকলোৱে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিলে। স্বয়ংক্ৰিয়ভাৱে শ-শ, হাজাৰ-বিজাৰ মানুহ ওলাই আহিল ৰাজুপথলৈ। সন্ধিয়াৰ দৃশ্যই পুনৰ কঁপাই গ'ল অসম। জুবিন আছে ছিংগাপুৰত। কেতিয়া অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ? জুবিনৰ পাৰ্থিৱ শৰীৰ এবাৰলৈ চোৱাৰ হেঁপাহ। জুবিনক এবাৰলৈ হেঁপাহ পলুৱাই চাব অনুৰাগীয়ে। খবৰ পোৱাৰ পিছতেই জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত হাজাৰ- হাজাৰ অনুৰাগীৰ ভিৰ। কান্দোনত ভাগি পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

অসমে পাহৰিব নোৱাৰা এক শোক-দুখ জুবিনৰ মৃত্যু। জুবিনৰ অভাৱ প্ৰতিজন অসমীয়াই যুগ-যুগান্তৰলৈকে অনুভৱ কৰিব। ঈশ্বৰৰ দেশত এতিয়া শান্তিৰে থাকিব প্ৰাণৰ জুবিন। কিন্তু ছিংগাপুৰৰ পৰা কেতিয়া পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ? সকলোৰে মনত এয়াই প্ৰশ্ন আৰু সন্দেহ প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ সৈতে? কোন কোন আছিল জুবিনৰ লগত? 

Advertisment
Advertisment