Assamese পঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন! আজৱ সিদ্ধান্ত! মহিলাই এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন। স্মাৰ্টফোনৰ সলনি মহিলাই কেৱল কিপেড মোবাইল ফোনহে ব্যৱহাৰ কৰিব পাৰিব। ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।
Assamese আচৰিত! কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগ কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগ। হাজাৰ হাজাৰ শিৱলিংগ থকা বাবে ইয়াৰ নাম সহস্ৰলিংগ। কৰ্ণাটকৰ ছিৰচিৰ পৰা ১৪ কিলোমিটাৰ নিলগত অৱস্থিত এই শালমালা নদীৰ জলপৃষ্ঠ কমি যোৱাৰ লগে লগেই ভক্তই দৰ্শন কৰিব পাৰে সহস্ৰলিংগ।
Assamese অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ ৰাজপথতেই অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ। বিজেপি বিধায়ক পৰাগ শ্বাহে চৰ শোধালে এগৰাকী অটোৰিক্সা চালকক। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।
Assamese বাংলাদেশত হিন্দুক কৰা অত্যাচাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ! বাংলাদেশত হিন্দু হত্যাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক। ৰঙিয়া আৰক্ষীৰ জালত শ্বেইফ আখতাৰ আলী নামৰ যুৱকজন। ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু দুটাকৈ হিন্দুত্ববাদী সংগঠনৰ।
Assamese অধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়া ৰে’ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম। AC আৰু NON AC উভয়তে ৰে’ল যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাৰা। ভাৰা বৃদ্ধিৰ জৰিয়তে ৬০০ কোটি টকাৰ ৰাজহ লাভৰ আশা ভাৰতীয় ৰে’লৱেৰ।
Assamese সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ক ঘৃণা বিয়পোৱা বক্তব্য দিয়াসকল সাৱধান! শীঘ্ৰেই চৰকাৰে আনিব এখন নতুন বিধেয়ক। মুখ্যমন্ত্ৰীৰ স্পষ্ট স্থিতি- কোনো ধৰ্মৰ বিৰুদ্ধে অপমানজনক মন্তব্য সহ্য কৰা নহ’ব।
Assamese অভিযুক্তৰ মুখত নাই অনুসূচনা, হতভম্ব হাৰ্টথ্ৰ'ৱৰ ভগ্নী অলপো অনুতপ্ত নহয় জুবিন গাৰ্গ হত্যাৰ আটাইকেইজন অভিযুক্ত। জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানিত আজি আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। শুনানিৰ সময়ত অভিযুক্তৰ মুখত পামী বৰঠাকুৰে নেদেখিলে অনুসূচনা।
Assamese বাস্তৱ হ'ল সপোন, কোনে কোনে পালে চৰকাৰী নিযুক্তি? চৰকাৰী চাকৰিৰ সপোন বাস্তৱ একাংশৰ। পুনৰ ৩,৪২০গৰাকী প্ৰাৰ্থীলৈ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Assamese কেৱল লুণ্ঠন! বিজেপিৰ অসম প্ৰেমক লৈ প্ৰশ্ন কংগ্ৰেছৰ বিজেপিক কেৱল অসমৰ পৰা ভোট লাগে। অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰীয়ে কৈছিল, বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব। কিন্তু এই বিজেপিৰে দুজন বিধায়ক প্ৰমাণিত হৈছে বাংলাদেশী বুলি।
Assamese ৰক্ষা নাই! বিজেপি নেতাৰ ঘৰত চলিল বুলড’জাৰ উচ্ছেদৰ পৰা হাত সাৰি নগ’ল বিজেপি নেতাৰ ঘৰ। এইবাৰ বিজেপি নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। জাননী নিদিয়াকৈ প্ৰশাসনে বাসগৃহত বুলড’জাৰ চলোৱাৰ অভিযোগ তুলি কান্দি কান্দি ক্ষোভ ব্যক্ত কৰিলে বিজেপি নেতাই।