LiveAssamese কি কি আছে ২০২৬ৰ বাজেটত? ১১ বজা লগে লগে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংসদত নৱমবাৰৰ বাবে দাখিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ। কি কি আছে ২০২৬ৰ বাজেটত?
Assamese ব্যৰ্থ কোন, দায়ী কোন? ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এৰিলে কলেজ... মহাবিদ্যালয় ত্যাগ কৰিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। চৰকাৰৰ অভিলাসী আঁচনিয়েও ধৰি ৰাখিব পৰা নাই শিক্ষাৰ্থীক। ছমাহতে অন্তৰ্ধান হ’ল ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰী। কাৰ ব্যৰ্থতাৰ প্ৰভাৱ এয়া?
Assamese মূকাভিনয়ত পাৰদৰ্শিতা, ৰুজীলৈ 'Young Talent Artist' বঁটা মূকাভিনয়ৰ জগতত পাৰদৰ্শিতাৰ বাবে গুৱাহাটীৰ ৰুজী মুদৈলৈ NEZCCৰ ২০২৫-২৬ বৰ্ষৰ 'Young Talent Artist' বঁটা। 'শিল্পগ্ৰাম মহোৎসৱ ২০২৬'ত মণিপুৰ আৰু নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাদেৱে ৰুজীক প্ৰদান কৰে 'Young Talent Artist' বঁটা।
Assamese চকু কপালত... প্ৰায় ডেৰ ফুট দীঘল এপাত জোতা এপাত জোতাক লৈ নাহৰকটীয়াত কৌতুহল। প্ৰায় ডেৰ ফুট দীঘল জোতাপাতক লৈ নাহৰকটীয়াৰ জাগুণত চাঞ্চল্য। একাংশৰ দাবী এয়া ৰজাদিনীয়া জোতা। জাগুণৰ ৰাকেশ দাসে ভাতৃৰ সৈতে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ হয় লেডাৰৰ এই প্ৰকাণ্ড জোতাপাত।
Assamese বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা? আকৌ আহিল জোনবিল মেলা। মধ্য অসমৰ তিৱাসকলৰ অন্যতম সাংস্কৃতিক পৰম্পৰা ঐতিহাসিক জোনবিল মেলা অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব।
Assamese মুছলমান যুৱকৰ দুঃসাহসিকতা, সন্ত্ৰাসবাদীৰ হাতৰ পৰা কাঢ়ি আনিলে বন্দুক সন্ত্ৰাসবাদীৰ হাতৰ পৰা বন্দুক কাঢ়ি মুছলমান যুৱকৰ দুঃসাহসিকতা। সাহসী আহমদ আল আহমদে প্ৰাণ ৰক্ষা কৰিলে শ শ লোকৰ। দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰত আহমদৰ বীৰত্ব।
Assamese মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাত মিঞাৰ আগ্ৰাসন। আগ্ৰাসী মিঞাৰ বাবে ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বামুন্দী বিষ্ণুপুৰৰ খিলঞ্জীয়াই ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি জীৱন-নিৰ্বাহ কৰা ভূমিত ভয়-ভাবুকি দেখুৱাই ভূমি দখলৰ চেষ্টা কৰিছে আগ্ৰাসী মিঞাই।
Assamese মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে? অহা ২০ আৰু ২১ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত গুৱাহাটী এয়াৰপৰ্ট উদ্বোধন, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কৰা অংশৰ আধাৰশিলা অনুষ্ঠানকে ধৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে।
Assamese পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায় পাকিস্তানত প্ৰথমবাৰৰ বাবে পাঠদান কৰোৱা হ'ব সংস্কৃত। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল মহাভাৰত আৰু গীতাৰ অধ্যায়। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে সংস্কৃত শিক্ষা দিয়া হ'ব পাকিস্তানত।
Assamese গৌৰৱৰ ক্ষণ... কেয়া সাহাই নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে চাপৰৰ কেয়া সাহাই। INTERNATIONAL BOOK OF RECORDSত নাম সন্নিৱিষ্ট হ'ল প্ৰতিভাশালী যুৱতীগৰাকীৰ। কৰিলে এই কাম।