Assamese পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন শোভা। শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছে আলহী পক্ষীৰ। সমান্তৰালকৈ গঁড়, ম'হ, গাহৰিৰ লগতে অন্য জীৱ-জন্তুৰ দৃষ্টিনন্দন শোভাই আকৰ্ষিত কৰিছে পৰ্যটকক।
Assamese নৈশ ক্লাবত অৱসৰ বিনোদনতে প্ৰাণ গ'ল ২৩গৰাকীৰ... কিন্তু কেনেকৈ? পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। গোৱাৰ নৈশ ক্লাবত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত চিৰ বিদায় ল'লে ২৩জন লোকে। ঘটনাত আহত ৫০ জন। বৰ্তমানেও হাহাকাৰ পৰিস্থিতি।
Assamese উচ্ছেদিতক টকা বিলাই সহায়ৰ হাত বিধায়ক আমিনুল ইছলামৰ উচ্ছেদিতক ধন বিলালে বিধায়ক আমিনুল ইছলামে। ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদস্থলীত উপস্থিত হৈ কৰিলে উচ্ছেদৰ বিৰোধিতা। 'মুছলমান হোৱাৰ বাবে আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদ কৰিছে ভকতগাঁৱত'। 'মুখ্যমন্ত্ৰী অসহিষ্ণু মানৱ, যাৰ বাবে মুছলমানক এনদৰে উচ্ছেদ চলাই আছে'।
Assamese মাহীয়েকৰ ছোৱালীক ভালপোৱা আহমদ আলীৰ ভয়ংকৰ কাণ্ড... কঁপি উঠিব বুকু মাহীয়েকৰ ছোৱালীৰে আহমদ আলীৰ প্ৰেমৰ সম্পৰ্ক। ছাজিদাৰ ঘৰলৈ প্ৰায়েই আহ-যাহ হৈছিল আহমদ আলীৰ। কিন্তু হঠাৎ প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি প্ৰেমিকাক হত্যা কৰাৰ অভিযোগ প্ৰেমিক আহমদৰ বিৰুদ্ধে।
Assamese গৰু ভৰ্তি বাহন ধৰিবলৈ গৈয়ো ঘূৰি আহিল BSF জোৱান! কিন্তু কিয়...? গৰু ভৰ্তি বাহন খেদি বজাৰৰ ব্যৱসায়ীৰ বাধাৰ সন্মুখীন হ'বলগীয়াত পৰিল BSF জোৱান! ত্ৰিপুৰা ছিপাহিজলা জিলাৰ সোণামূৰা গৰু বজাৰত চৰম উত্তেজনা। ক্ৰেতা-বিক্ৰেতাৰ মাজত সৃষ্টি হ'ল ক্ষোভ।
Assamese সীমান্তত আকৌ চলিল গুলী... BSFৰ গুলীত ২ নাবালক গুলীবিদ্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া ভাৰত-বাংলা সীমান্তত পুনৰ উত্তেজনাময় পৰিস্থিতি। ত্ৰিপুৰা ছিপাহিজলা জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বক্সনগৰ পুতিয়াত BSFৰ গুলীত আহত হয় ২ নাবালক!
Assamese কি বিড়ম্বনা! Indigo কৰ্তৃপক্ষই জ্বলাকলা খুৱাইছে বিমানযাত্ৰীক যাত্ৰীক জ্বলাকলা খুৱাইছে Indigo কৰ্তৃপক্ষই। তৃতীয় দিনাও Indigo বিমানযাত্ৰীৰ মাজত হাহাকাৰ। DGCAৰ নতুন নিয়মৰ বাবে Indigoযে বাতিল কৰিছে হাজাৰোধিক বিমান। গুৱাহাটী বিমানবন্দৰত তৃতীয় দিনা বাতিল Indigoৰ প্ৰায় ১৫খন বিমান।
Assamese অসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম অসমৰ ক্ৰিকেটত সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম। ডিমাহাছাওত নতুন ক্ৰিকেট ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১৫ হাজাৰ দৰ্শক বহাৰ ব্যৱস্থা ACAৰ নতুন ষ্টেডিয়ামখনত।
Assamese কাকো ক্ষমা নকৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই, ল'লে এক্সন মুড! অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক্সন মুডত বিধায়িকা সুমন হৰিপ্ৰিয়া। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে হাজো প্ৰশাসনে আৰম্ভ কৰিছে চাৰিখনকৈ গ্ৰেজিং ৰিৰ্জাভত তদন্ত। বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া।
Assamese জুবিন গাৰ্গক অন্বেষণ, জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতক লৈ কৰা হ'ব গৱেষণা। জুবিন গাৰ্গে নিজস্ব সৃষ্টিৰ গীতসমূহ অধ্যয়ন কৰাৰ বিশেষ প্ৰয়াস। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ছাত্ৰৰ যৌথ প্ৰচেষ্টাত জুবিন গাৰ্গৰ সৃষ্টি কৰ্মক লৈ বৌদ্ধিক আন্দোলন।