Assamese দয়া নাই... এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ, চামগুৰিৰ ভকত গাঁৱত উচ্ছেদ অব্যাহত মধ্য অসমত আজি বৃহৎ উচ্ছেদ অভিযান। নগাঁৱৰ খাটোৱাল মৌজাত উচ্ছেদ অভিযান। ভকতগাঁৱত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ। ৩৮ বিঘা চৰকাৰী ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ।
Assamese অসম ভাওনা সমাৰোহ-২०২৬ৰ লাইখুঁটা স্থাপন শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ এঘাৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম ভাওনা সমাৰোহ-২०২৬। জুবিন গাৰ্গৰ সোঁৱৰণিত ভাওনা সমাৰোহ থলীৰ প্ৰদৰ্শনী ক্ষেত্ৰ উছৰ্গা কৰাৰ সিদ্ধান্ত।
Assamese কোনে নিলে চৰকাৰী চাউল? ধেমাজিৰ গুদামত অন্তৰ্ধান ২৬,৮০০ বস্তা চাউল হাজাৰ হাজাৰ বস্তাৰ চৰকাৰী বিনামূলীয়া চাউল চুৰি! বিয়াগোম খাদ্য নিগমত বৃহৎ কেলেংকাৰি। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা অন্তৰ্ধ্যান হ'ল ২৬,৮০০ চাউলৰ বেগ।
Assamese ছাত্ৰ আন্দোলনৰ প্ৰভাৱ, সলনি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য! প্ৰতিবাদত উত্তাল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। প্ৰ’–উপাচাৰ্যৰূপে জয়া চক্ৰৱৰ্তীক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰভাৱ। ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব কৰিলে গ্ৰহণ।
Assamese দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী। অগাপিছাকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ তিনিগৰাকী সদস্য। বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক।
Assamese বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ সফলতাৰ পিছত বোকাখাত ক্ৰিকেটৰ বাবে আন এক ভাল খবৰ। BCCIৰ ১৯ বছৰ অনূৰ্ধ্বৰ মহিলাৰ এদিনীয়া টুৰ্নামেণ্টৰ বাবে অসম দলত বোকাখাতৰ তিনি মহিলা ক্ৰিকেটাৰ অন্তৰ্ভুক্ত।
Assamese নিষিদ্ধ ড্ৰাগছ, গাঞ্জা লৈ উজনিত কি কৰিছে সন্দেহজনক লোকে? তিনিচুকীয়াৰ পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জনকৈ সন্দেহজনক নাগৰিকক আটক। স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সহযোগত কৰায়ত্ত কৰা হয় আটাইকে। আটকাধীন বাংলাদেশীৰ পৰা জব্দ নিষিদ্ধ নিচাজাতীয় দ্ৰব্যও।
Assamese 'চৰকাৰে দিয়া ঘৰ চৰকাৰেই ভাঙি পেলাইছে, আমি ক'লৈ যাম?' লুটুমাৰীত লোতক বৈ আহিল উচ্ছেদিতৰ ‘আমাৰ ঘৰবোৰ ভাঙি দিলে, সৰু সৰু ল’ৰা-ছোৱালী লগত লৈ গছৰ তলতে আছো। এতিয়া আমি ক’লৈ যাম। চৰকাৰে ঘৰ দিছে, ৰেচন কাৰ্ড আছে আমাৰ।’ কামপুৰৰ লুটুমাৰীত উচ্ছেদিতৰ কান্দোন।
Assamese ৰোগীৰ মুখত জোতা-চেণ্ডেল... ছালমান কবিৰাজৰ ভয়ংকৰ তন্ত্ৰ–মন্ত্ৰ ‘আমি বিখ্যাত যাদুকৰী মায়ঙৰ পৰা প্ৰশিক্ষিত’। বেনাৰ–পোষ্টাৰ লগাই ভণ্ড কবিৰাজে কৰিলে কাণ্ড। এখন হাতত মানুহৰ লাওখোলা, আনখন হাতত এপাত চেণ্ডেল লৈ ছালমান কবিৰাজে আৰম্ভ কৰিছে তন্ত্ৰ–মন্ত্ৰ। সকলোধৰণৰ সমস্যা ৭২ ঘণ্টাৰ ভিতৰত সমাধান হয় বুলিও দিলে গ্যেৰাণ্টী।
Assamese ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল... কাক ST(P), ST(H), ST(V) দিয়াৰ প্ৰস্তাৱ? বিধানসভাত দাখিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। ST(P), ST(H)ৰ পিছত ST(Valley) নতুনকৈ সংযোজন। আহোম, চুতীয়া, চাহ জনগোষ্ঠীক ST(Valley)ত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ।