Assamese ৰাভা হাছঙৰ বৰদুৱাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা হাজাৰ হাজাৰ লোকৰ টকেশ্বৰ ৰাভাৰ বাবেই পলাশবাৰীৰ ৰাভা হাছঙৰ বৰদুৱাৰ বাগান অঞ্চলত যেন ফিৰিঙটিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ আছে! ১ কঠা ৫ লেচাকৈ ভূমি এটা পৰিয়ালক প্ৰদান কৰাতকৈ মাৰি পেলাবলৈ আহ্বান জনাইছে ৰাভা হাছংবাসীয়ে।
Assamese মগনীয়াক দিয়াৰ দৰে দিলে নহ'ব...পূৰ্ণ পৰ্যায়ৰ চাকৰিৰ দাবীৰে অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা অনা-শিক্ষক কৰ্মচাৰীৰ। চিলাপথাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত অচল বিদ্যালয়। প্রাদেশিকৃত বিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কর্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰা দাবী প্ৰতিবাদী শিক্ষকৰ।
Assamese আকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস, JEত মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইন সাৱধান হওক ৰাজ্যবাসী। ৰাজ্যত আকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস। ৰূপহীহাটত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যুক লৈ আতংকিত অঞ্চলবাসী। JE আক্ৰন্ত হৈ মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইনৰ।
Assamese দুই বন্যহস্তীৰ যুঁজত জাঁপ দি আহত মিজু দুই বন্যহস্তীৰ তুমুল যুঁজত গুৰুতৰভাৱে আহত তামুলপুৰৰ এগৰাকী লোক। হাতীৰ যুঁজ ভাঙিবলৈ গৈ কামি হাড় ভাগিল তামুলপুৰ জিলাৰ পাটকীজুলীৰ কালাঝাৰ গাঁৱৰ মিজু বসুমতাৰীৰ।
Assamese দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনি আজিৰে পৰা মুকলি হ'ল অসম চৰকাৰৰ 'প্ৰেৰণা' আঁচনি। এই আঁচনিৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব জলপানি। নৱেম্বৰৰ পৰা '২৬ৰ ফেব্ৰুৱাৰী পৰ্যন্ত ৩০০ টকাকৈ লাভ কৰিব জলপানি।
Assamese কৈৱৰ্ত জনগোষ্ঠীয়ে কৰিলে পৃথক দাবী, এৰিব জনজাতি লাগে বছৰি ১,০০০ কোটি 'আমি জনজাতি এৰি দিম, আমাক বছৰি ১,০০০ কোটিকৈ দিয়ক'। সংৰক্ষণ ব্যৱস্থাৰ পৰা আঁতৰি আহিব অনুসূচিত জাতিৰ কৈৱৰ্ত জনগোষ্ঠীসকল। পৰিৱৰ্তে কৈৱৰ্ত জনগোষ্ঠীক বিশেষ মৰ্যাদা প্ৰদানেৰে বছৰি ১,০০০ কোটি টকাৰ পেকেজ আৱন্টনৰ দাবী সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ।
Assamese ভূমি বেদখলকাৰীৰ ৰক্ষা নাই... এইবাৰ হাজোৰ ৰাক্ষসনী চৰত উচ্ছেদ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই। এইবাৰ হাজোৰ ৰাক্ষসনী চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। থলুৱা গোপালকৰ অভিযোগৰ ভিত্তিত ৰাক্ষসনী চৰত উচ্ছেদ।
Assamese বন্ধ হ’ব বহু বিবাহ... ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ’ব বহু বিবাহ প্ৰতিৰোধী বিধেয়ক অসমত বন্ধ হ’ব বহু বিবাহ। বহুবিবাহক লৈ সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। 'আল্লাক ফাঁকি নিদিয়াকৈ ক'ৰবাত দ্বিতীয় বিবাহ হয় নেকি?' বিধানসভাত গৃহীত হ’ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫
Assamese পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিমঃ মুখ্যমন্ত্ৰী পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিব হিমন্ত বিশ্ব শৰ্মাই। সদনত বিৰোধীক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ঘোষণা, ‘পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত আনিম UCC’। ‘মোক যিমান পাৰে ৰখাই লওঁক, নহ’লে UCC আহিবই’।
Assamese প্ৰৱঞ্চনাৰ সীমা পাৰ কৰা দ্বীপজ্যোতি আৰু উশালেন এতিয়া আৰক্ষীৰ জালত ভুৱা পৰিচয়, গাড়ীত ভুৱা নম্বৰ প্লেট... প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপ্ৰদস্থ বিষয়া বুলি পৰিচয় দি আৰক্ষীৰ জালত দুই মহা প্ৰৱঞ্চক দ্বীপজ্যোতি দাস আৰু উশালেন শৰ্মা। এই দুই মহা প্ৰৱঞ্চক এতিয়া আজাৰা থানাৰ আলহী।