Assamese দক্ষিণ আফ্ৰিকাৰ হাতত হোৱাইটৱাশ্ব টীম ইণ্ডিয়া ঘৰুৱা মাটিতে টাচপাতৰ দৰে খহিল টীম ইণ্ডিয়াৰ বেটিং লাইনআপ। বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বলিং বিক্ৰমত দিশহাৰা ভাৰতীয় বেটাৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হোৱাইটৱাশ্বৰ পাছতেই আন এটা শৃংখলাত হোৱাইটৱাশ্ব টীম ইণ্ডিয়াৰ।
Assamese ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি মৃত্যু এতিয়া সহজ...! ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি। ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কেইবাটাও শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লয় ৪গৰাকীকৈ লোকে। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেইবাগৰাকীকৈ লোক। সংকটজনক অৱস্থাত আহতসকলক হাস্পতালত ভৰ্তি।
Assamese হাত বন্ধা, অৰ্ধ উলংগ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য কাছাৰৰ সোণাই সুন্দৰীত সংঘটিত এক ভয়ংকৰ ঘটনা। মহিলাৰ হাত বন্ধা, অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ। ঘাঁ কাটিবলৈ পথাৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈছিল মহিলাগৰাকী।
Assamese ধুবুৰীৰ সন্তোষৰ হত্যাকাৰী এতিয়াও মুকলি আকাশৰ তলত... প্ৰতিবাদত বহিল মাতৃ ঘৰৰ পৰা টানি আনি ধুবুৰীৰ সন্তোষ চৌধুৰীক মাৰধৰ। চিকিৎসাধীন অৱস্থাতে GMCHত সন্তোষৰ মৃত্যু। পুত্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত নামিল মাতৃ। বগা সাজ পৰিধান কৰি প্ৰতিবাদত বহিল ভাতৃ। চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ ধুবুৰী চহৰৰ নুনিয়াপট্টিত উত্তপ্ত পৰিস্থিতি।
Assamese হাতত হেংদাং লৈ ৰাজপথত নামিল লাচিত বৰফুকন! ৰাজপথত লাচিত বৰফুকন! ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এইবাৰ প্ৰকাণ্ড নৌকাত আহিল প্ৰায় ১৩ শতাধিক লাচিত। হাতত হেংদাং লৈ ১৩ শতাধিক অসমীয়া যুৱকে 'জয় আই অসম ধ্বনি'ৰে কঁপালে জামুগুৰিহাটৰ পকামুৰা পথাৰ৷ লাচিত দিৱস উপলক্ষ্যে প্ৰতীকী নাওলৈ এই শোভাযাত্ৰা।
Assamese আদানি-আম্বানিক বৰপীৰা...! গৰজি উঠিল ৰাভা হাছাং, উত্তাল পলাশবাৰী জনজাতীয় ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ বিৰোধিতা। বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন হাজাৰ হাজাৰ লোকৰ। 'আমাক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰাতকৈ গুলিয়াই মাৰকঃ প্ৰতিবাদকাৰী
Assamese মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ ঘটনা। মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ ঘটনা। নৃশংস হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাৰ নগাপথাৰ ইনথেম বৌদ্ধ বিহাৰত সংঘটিত শিহৰণকাৰী হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বৌদ্ধ ভিক্ষু ইন্দ্ৰ বংশা নামৰ বাবাক কুঠাৰেৰে ঘপিয়াই হত্যাৰ সন্দেহ।
Assamese দুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ দুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ। আত্মসমৰ্পণ কৰে অৰুণোদয় দহোটীয়া ওৰফে অৰুণোদয় অসমে। আলফা কেডাৰ ফ্ৰান্সিছ অসমৰো আত্মসমৰ্পণ। সেনা আৰু আৰক্ষীৰ ওচৰত দুয়ো আলফাৰ শীৰ্ষ কেডাৰে কৰে আত্মসমৰ্পণ।
Assamese পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা, বিশাল ফুকন! পুনৰ চৰ্চালৈ আহিছে দেশ কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত চুমি বৰা, বিশাল ফুকন। চুমি বৰা, বিশাল ফুকনৰ লগতে তাৰ্কিক বৰাও এতিয়াও বিপদত। আদালতৰ আগতীয়া অনুমতি অবিহনে আটাইকেইজনে যাব নোৱাৰিব অসমৰ বাহিৰলৈ।
Assamese 'নিযুত মইনা'ৰ পাছত আহি আছে 'বাবু আঁচনি' ১ জানুৱাৰীৰ পৰা আহি আছে ‘বাবু আঁচনি’। নিযুত মইনা আঁচনিৰ পাছত এইবাৰ চৰকাৰে আৰম্ভ কৰিব 'বাবু আঁচনি'। ল’ৰা-ছোৱালী উভয় পক্ষকে সমানে গুৰুত্ব দিবলৈ এই পদক্ষেপ মুখ্যমন্ত্ৰীৰ।