Advertisment

জাতীয় সাজ পিন্ধিহে যাব পাৰিব বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰলৈ

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে পিন্ধা নাছিল পৰম্পৰাগত সাজপাৰ। বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উলিয়াই দিলে নিৰাপত্তাৰক্ষীক। জাতীয় সাজপাৰ পিন্ধি বটদ্ৰৱা কীৰ্তন ঘৰত সোমোৱাৰ আছে নিয়ম।  

জাতীয় সাজ পিন্ধিহে যাব পাৰিব বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰলৈ 


মুখ্যমন্ত্ৰীয়ে নিজে আঁতৰাই পঠালে নিৰাপত্তাৰক্ষীক

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে পিন্ধা নাছিল পৰম্পৰাগত সাজপাৰ। বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উলিয়াই দিলে নিৰাপত্তাৰক্ষীক। জাতীয় সাজপাৰ পিন্ধি বটদ্ৰৱা কীৰ্তন ঘৰত সোমোৱাৰ আছে নিয়ম। নিয়ম ভংগ কৰা নিৰাপত্তাৰক্ষীক মুখ্যমন্ত্ৰীয়ে কীৰ্তন ঘৰৰ পৰা দিলে উলিয়াই।  

Advertisment

Also Read: অশান্তজৰ্জৰ মধ্য প্ৰাচ্য, তেলৰ ভয়াৱহ সংকটে দেখা দিব পাৰে বিশ্বত


অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থানত উদযাপন শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ ফাকুৱা। এই উৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ গুৰু আসনত সেৱা লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে গুৰুগৃহত অস্থায়ীভাৱে ৰখা গোসাঁইৰ সন্মুখত সেৱা লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰক লৈ ডাঙৰ ঘোষণা কৰে। জাতীয় সাজপাৰ পিন্ধিহে প্ৰৱেশ কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত। অৱশ্যে ১২ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। ১২ বছৰৰ ঊৰ্ধ্বৰ দৰ্শনাৰ্থীলৈ এই নিৰ্দেশনা। বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত প্ৰৱেশৰ ক্ষেত্ৰত এই নিয়ম পূৰ্বৰে পৰা চলি আহিছে। 

Also Read: আবিৰেৰে ৰঙীন ৰাজ্য

উল্লেখ্য যে, বটদ্ৰৱা কীৰ্তন ঘৰত লং পেণ্ট পিন্ধি প্ৰৱেশ কৰা এজন নিৰাপত্তাৰক্ষীক উলিয়াই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীজনে পিন্ধা নাছিল পৰম্পৰাগত জাতীয় সাজ। নিয়ম ভংগ কৰাৰ বাবে বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উলিয়াই দিলে নিৰাপত্তাৰক্ষীজনক।

Advertisment
Advertisment
Advertisment