Assameseআবিৰেৰে ৰঙীন ৰাজ্যআজিৰে পৰা আৰম্ভ ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ পৰশেৰে ৰঙীন ৰাজ্যৰ চৌদিশ। হোলীগীতৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ দৌল মহোত্সৱৰ ব্যাপক উছাহ। Jyotiprasad Sarma Mar 03, 2026 12:14 ISTআবিৰেৰে ৰঙীন ৰাজ্য Photograph: (DY365)আবিৰেৰে ৰঙীন ৰাজ্যহোলীগীতৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহআজিৰে পৰা আৰম্ভ ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ পৰশেৰে ৰঙীন ৰাজ্যৰ চৌদিশ। হোলীগীতৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ দৌল মহোত্সৱৰ ব্যাপক উছাহ। জাতি, ধৰ্ম আৰু বৰ্ণ নির্বিশেষে অসমৰ সকলো শ্ৰেণীৰ লোক ফাকুৱাৰ আনন্দ-উল্লাসত এতিয়া মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। গাঁও-চহৰ সকলোতে সকলোৱে ৰং খেলি, ভক্তিমূলক গীত গাই ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰিছে। Advertismentফাকুৱা কেৱল ৰং খেলাৰ আনন্দতেই সীমাবদ্ধ নহয়, এই উৎসৱে অসমীয়া সমাজ-সংস্কৃতি, ধৰ্মীয় আৰু আধ্যাত্মিক ঐতিহ্যকো প্ৰতিফলিত কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান শ্ৰীকৃষ্ণই বৃন্দাৱনত গোপীসকলৰ লগত ৰং খেলিছিল। সেই ঐতিহ্য আৰু স্মৃতিক সোঁৱৰণ কৰি পালন কৰা হয় ফাকুৱা বা হোলী। অসমতো এই উৎসৱ অতি উলহ-মালহেৰে উদযাপন কৰা হয়। হোলীগীতৰ ধ্বনিৰে মুখৰিত হৈছে বৰপেটা, বটদ্রৱা, মাজুলীৰ সত্র সমূহ। ফাকুৱা উপলক্ষে ৰাজ্যজুৰি নামঘৰ আৰু সত্ৰসমূহত কীৰ্তন, নাম-প্ৰসংগ আৰু ভাওনাৰ আয়োজন।উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত ৰীতি-নীতি, পৰম্পৰাৰে দৌলোৎসৱ উদযাপন। মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন। AdvertismentAlso Read: গোৱালপাৰাত ২৪ ঘণ্টাত হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুমেষদাহ অনুষ্ঠানেৰে আৰম্ভ হ’ল মাজুলীৰ ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰৰ লগতে বিভিন্ন সত্ৰানুষ্ঠানত ৰঙৰ উৎসৱ ফাকুৱাৰ। আবিৰৰ ৰঙত ৰঙীয়াল মাজুলী। মাজুলীৰ বিভিন্ন সত্ৰানুষ্ঠানৰ লগতে গাঁও সমূহতো আনন্দ-উল্লাসৰ মাজেৰে আৰম্ভ হৈছে ফল্গুৎসৱ৷ হোলীগীতেৰে সত্ৰসমূহ মুখৰ হৈ পৰিছে৷ দবা-শংখ ধ্বনিত মুখৰ হৈ পৰিছে মাজুলী৷ দক্ষিণপাট সত্ৰ, চামগুৰি সত্ৰ, গড়মূৰ সৰু সত্ৰত অধিবাস বা মেষদাহ কাৰ্যসূচীৰে ফাকুৱা উৎসৱৰ আৰম্ভ হয়৷ ফাকুৱা উৎসৱ উপলক্ষে হোলীগীতেৰে সমগ্ৰ মাজুলী মুখৰিত হোৱাৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণে মিলন তীৰ্থত পৰিণত হৈছে। বৰপেটা সত্ৰত শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোত্সৱৰ উখল-মাখল পৰিৱেশ। প্ৰতি বছৰৰ দৰে এইবাৰো বৰপেটাত দৌল উৎসৱ মহাসমাৰোহেৰে অনুষ্ঠিত হৈছে। হোলীগীতৰ সুৰত মুখৰিত হৈ পৰিছে বৰপেটাৰ চৌদিশ। বৰপেটাৰ আকাশ-বতাহে এতিয়া কেৱল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ। বৰপেটাৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি আধ্যাত্মিক পৰিৱেশত দৌল যাত্ৰা মহোত্সৱত অংশগ্ৰহণ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে। ফাকুৰ ৰঙেৰে ৰঙীন বৰপেটাৰ আকাশ-বতাহ। বহু দূৰ-দূৰণিৰ পৰা ভক্তসকল আহি এই উৎসৱত অংশগ্ৰহণ কৰি ভগৱান শ্ৰী কৃষ্ণক আৰাধনা কৰে। ভক্তসকলে নাম-কীৰ্তনৰ মাজেৰে ভগৱানক আৰাধনা কৰি পিছত ফাকু ছটিয়াই আনন্দ কৰে।ফাকুৱা ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ আৰধনা কৰি এই উৎসৱ পালন কৰা হয়।Advertisment Read More AdvertismentAdvertisment Read the Next Article