Assameseগোৱালপাৰাত ২৪ ঘণ্টাত হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুনিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাইছে। হাতীয়ে উপদ্ৰৱ চলোৱা অঞ্চলসমূহত প্ৰতিনিয়ত শংকাত কটাব লগা হয় আবাল-বৃদ্ধ-বনিতা। ২৪ ঘণ্টাত হাতীৰ গচকত প্ৰাণ হেৰুৱালে গোৱালপাৰা জিলাৰ দুজনকৈ লোকে। Estafur Rahman Mar 03, 2026 12:04 ISTPhotograph: (dy365)গোৱালপাৰাত ২৪ ঘণ্টাত হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু অসমৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ আক্ৰমণত নিতৌ মানুহৰ মৃত্যু হোৱা আৰু অকালতে প্ৰাণ হেৰুৱা ঘটনা এক জ্বলন্ত সমস্যা হৈ পৰিছে। কলিয়াবৰ, গোৱালপাৰা, হোজাই, ধেমাজি আৰু পশ্চিম কাৰ্বি আংলঙৰ দৰে অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত শস্যপথাৰ ধ্বংস হোৱাৰ লগতে, ঘৰত থকা অৱস্থাত বা মাছ ধৰিবলৈ যাওঁতে বা অতৰ্কিতে আক্ৰমণ কৰি হাতীয়ে মানুহৰ প্ৰাণ লৈছে। Advertismentনিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাইছে। হাতীয়ে উপদ্ৰৱ চলোৱা অঞ্চলসমূহত প্ৰতিনিয়ত শংকাত কটাব লগা হয় আবাল-বৃদ্ধ-বনিতা। হাতীৰ গচকত কিমানে যে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে। ২৪ ঘণ্টাত হাতীৰ গচকত প্ৰাণ হেৰুৱালে গোৱালপাৰা জিলাৰ দুজনকৈ লোকে। Also Read....চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে?নিশা দুধনৈৰ ডাবলী বৰঝাৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় প্ৰদীপ চাংমা নামৰ এজন লোকে। চাইকেলেৰে নিশা নিজৰ ঘৰলৈ গৈ থকা সময়ত হাতীয়ে আক্ৰমণ কৰে প্ৰদীপ চাংমাক। ৪০ বছৰীয়া প্ৰদীপ চাংমাৰ মৃত্যুৰ পিছতেই অঞ্চজুৰি শোকৰ ছাঁ পৰে। দ্বিতীয়টো অঘটন ঘটে নিশা প্ৰায় ১ মান বজাত। গোৱালপাৰা জিলাৰ ধনুভাঙাত নিশা প্ৰায় ১ মান বজাত হাতীৰ গচকত প্ৰাণ গ'ল অৰূপ কুমাৰ দাস নামৰ লোকজনৰ। নিশা নিজৰ কল বাগানৰ পৰা বাইকেৰে ঘৰলৈ গৈ থকা সময়ত হাতীৰ আক্ৰমণত মৃত্যু হয় ৪৬ বছৰীয়া অৰূপ কুমাৰ দাসৰ। বাইকেৰে গৈ অৱস্থাত হাতীক প্ৰত্যক্ষ কৰি পলাবলৈ লওতেই হাতীয়ে আক্ৰমণ কৰে অৰূপ কুমাৰ দাসক। হোলীৰ আনন্দ-উল্লাসৰ মাজতেই গোৱালপাৰাৰ দুজনকৈ লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱা ঘটনাই সমগ্ৰ জিলাখনতেই শোকৰ ছাঁ পেলাইছে।Also Read...মামাৰ মৰম ! ভাগিনক খুলি দিলে হাতৰ ঘড়ী... Read More AdvertismentAdvertisment Read the Next Article