Advertisment

চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে?

IMD-এ জাৰি কৰা অনুসৰি, ২০২৬ চনৰ ৩ মাৰ্চ (১২ ফাল্গুন, ১৯৪৭ শকাব্দ) তাৰিখে পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব। ভাৰতৰ অধিকাংশ স্থানৰ পৰা এই গ্ৰহণ দেখা যাব, যদিও দেশৰ একেবাৰে পশ্চিম প্ৰান্তৰ কিছুমান ঠাইত ইয়াক সম্পূৰ্ণভাৱে দেখা নাযাবও পাৰে।

 Photograph: (news 18 assam)
Photograph: (news 18 assam)

২০২৬ চনৰ ৩ মাৰ্চ, ফাগুন পূৰ্ণিমাৰ দিনটোত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ।

IMD-এ জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, ২০২৬ চনৰ ৩ মাৰ্চ (১২ ফাল্গুন, ১৯৪৭ শকাব্দ) তাৰিখে এই পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব। ভাৰতৰ অধিকাংশ স্থানৰ পৰা এই গ্ৰহণ দেখা যাব, যদিও দেশৰ একেবাৰে পশ্চিম প্ৰান্তৰ কিছুমান ঠাইত ইয়াক সম্পূৰ্ণভাৱে দেখা নাযাবও পাৰে।

Advertisment

চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে?


হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ তাৎপৰ্য আছে। কিন্তু সেইবোৰক শুভ সময় হিচাপে গণ্য কৰা নহয়, বৰঞ্চ আধ্যাত্মিকভাৱে সজাগ হোৱাৰ সময় হিচাপেহে গণ্য কৰা হয়। সূৰ্যগ্ৰহণৰ সময়ত মন্দিৰ বন্ধ কৰি ৰখাৰ লগতে পূজা-অৰ্চনা স্থগিত ৰখাৰ প্ৰথা আছে। শাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত ঘৰ, পূজাস্থলী, পাকঘৰ পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। শৰীৰ পৰিশোধন কৰাৰ পিছতহে ঘৰ চাফা কৰাটো ভাল বুলি গণ্য কৰা হয়। 

Also Read.....মামাৰ মৰম ! ভাগিনক খুলি দিলে হাতৰ ঘড়ী...


সাধাৰণতে চন্দ্ৰগ্ৰহণৰ সময়ত ৰন্ধা-বঢ়া কৰা নহয়। চন্দ্ৰগ্ৰহণৰ পূৰ্বে ৰন্ধা খাদ্যৰ ওপৰত তুলসী পাত ৰাখিলে সেয়া বিশুদ্ধ হৈ থাকিব বুলি বিশ্বাস কৰা হয়। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত গেছৰ চৌকা, বাচন-বৰ্তনকে ধৰি পাকঘৰ সকলো সামগ্ৰী ভালদৰে ধুই মচি পৰিষ্কাৰ কৰিব লাগে। পুৰণি খাদ্য থাকিলে পেলাই দিলে ভাল। পাকঘৰ সম্পূৰ্ণ পৰিষ্কাৰ হোৱাৰ পিছতহে নতুন খাদ্য ৰান্ধিব লাগে।  ধূপ জ্বলোৱা বা সৰু হোম-যজ্ঞ কৰাই ঘৰৰ পৰিৱেশ অধিক শান্তিপূৰ্ণ আৰু পবিত্ৰ কৰি তোলে বুলি বিশ্বাস কৰা হয়। গা-ধুই পূজা কৰাৰ পিছত নিজৰ সামৰ্থ অনুযায়ী খাদ্য, কাপোৰ বা ধন দান কৰিব লাগে। ভোকাতুৰ মানুহক খুৱাই দিয়াটো অতি পূণ্য কাম বুলি গণ্য কৰা হয়। ওচৰৰ মন্দিৰলৈ গৈ ঈশ্বৰৰ দৰ্শন কৰাটোও শুভ বুলি গণ্য কৰা হয়। গ্ৰহণ কৰাৰ পিছত শুদ্ধিকৰণ আৰু ৰীতি-নীতি সম্পাদন কৰিলে শান্তি আৰু সৌভাগ্যৰ উদয় হ’ব।

Also Read...শ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ!

IMD-ৰ কলকাতাস্থিত Positional Astronomical Centre-এ প্ৰকাশ কৰা জ্যোতিৰ্বৈজ্ঞানিক তথ্য অনুসৰি, দুপৰীয়া ৩:২০ বজাৰ পৰা উম্ব্ৰা পৰ্যায় আৰম্ভ হ’ব। পূৰ্ণ পৰ্যায় আৰম্ভ হ’ব সন্ধিয়া ৪:৩৪ বজাৰ পৰা আৰু ৫:৩৩ বজালৈ চলিব। এই চন্দ্ৰগ্ৰহণ পূৰ্ব এচিয়া, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু আমেৰিকাৰ বহু অংশতো দৃশ্যমান হ’ব। ভাৰতত অধিকাংশ ঠাইত চন্দ্ৰোদয়ৰ সময়ত গ্ৰহণৰ শেষাংশ দেখা যাব, সেয়েহে বেছিভাগ স্থানত গ্ৰহণৰ অন্তিম পৰ্যায়হে প্ৰত্যক্ষ কৰিব পৰা যাব।

Advertisment

Also Read...‘বিজেপিক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ’ যন্তৰ মন্তৰৰ পৰা দাবী কেজৰিৱালৰ


ইয়াৰ আগতে ভাৰতৰ পৰা দৃশ্যমান হোৱা শেষ চন্দ্ৰগ্ৰহণ ২০২৫ চনৰ ৭–৮ ছেপ্টেম্বৰত হৈছিল, আৰু সেয়াও আছিল পূৰ্ণ চন্দ্ৰগ্ৰহণ। পৰৱৰ্তী চন্দ্ৰগ্ৰহণ ২০২৮ চনৰ ৬ জুলাইত দেখা যাব আৰু সেয়া আংশিক চন্দ্ৰগ্ৰহণ হ’ব।

Advertisment
Advertisment