Assamese‘বিজেপিক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ’ যন্তৰ মন্তৰৰ পৰা দাবী কেজৰিৱালৰআবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত সকাহ লাভ কৰাৰ পিছতেই আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত দলৰ বৃহৎ সমাৱেশত যোগদান কৰে। আইনী সকাহ পোৱাৰ পিছত এইখনেই আছিল তেওঁৰ প্ৰথম বৃহৎ ৰাজহুৱা সভা।Estafur Rahman Mar 02, 2026 13:15 ISTPhotograph: (news nation)‘বিজেপিক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ’যন্তৰ মন্তৰৰ পৰা দাবী কেজৰিৱালৰAlso Read....সকলোৰে মুখে মুখে কেৱল এটাই নাম সঞ্জু ছেমছনআবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত সকাহ লাভ কৰাৰ পিছতেই আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত দলৰ বৃহৎ সমাৱেশত যোগদান কৰে। আইনী সকাহ পোৱাৰ পিছত এইখনেই আছিল তেওঁৰ প্ৰথম বৃহৎ ৰাজহুৱা সভা।Advertismentযন্তৰ মন্তৰৰ দলীয় সমাৱেশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি লয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে,‘বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ হৈছে।’লগতে তেওঁ আৰু অভিযোগ কৰি কয় যে, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আবকাৰী নীতিৰ গোচৰত মোক ফচোৱাৰ ষড়যন্ত্ৰ কৰিছিল। বিগত ১২ বছৰত বিজেপিৰ শাসনৰ অধীনত সমগ্ৰ দেশৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ পতন ঘটিছে। দিল্লীৰ কথাও উল্লেখ কৰি কয়, বিজেপিৰ শাসনৰ এবছৰতে সমগ্ৰ চহৰখন ধ্বংস হৈছে। বাট-পথ, প্ৰদূষিত পানী আৰু প্ৰদূষণৰ বাবে সাধাৰণ জনতাৰ ক্ষতিগ্ৰস্ত হৈছে। একেখন মঞ্চৰ পৰাই ভোটাৰ তালিকাক লৈ বিজেপিয়ে কৰা ষড়যন্ত্ৰৰ কথাও উল্লেখ কৰে। তেওঁ আৰু কয়, ‘মোদীজী, আপুনি ক্ষমতাৰ বাবে কাম কৰক। আৰু মই দেশৰ বাবে কাম কৰিম।’Also Read...BPFত যোগদান কৰিব প্ৰভাৱশালী নেতা খাম্পা বৰগয়াৰীয়েদেশৰ যুৱক-যুৱতীক উদ্দেশ্যি কেজৰিৱালে কয়, সত্যবাদী শিক্ষিত যুৱক-যুৱতী ৰাজনীতিলৈ আহিব লাগে। শিক্ষিত যুৱক-যুৱতীক ৰাজনীতিলৈ অনা কাম আম আদমী পাৰ্টীয়ে আৰম্ভ কৰিছিল। বহু যুৱক-যুৱতীয়ে নিজৰ চাকৰি জীৱন এৰি ৰাজনীতিত যোগদান কৰি এতিয়া তেওঁলোক একো একোজন বিধায়ক, মন্ত্ৰী হৈ ৰাইজৰ সেৱক হিচাপে কাম কৰি আছে। নিজৰ মাতৃভূমিক বিশ্ববাসীৰ আগত সফলভাৱে চিনাকি কৰিবলৈ হ'লে সত্যবাদী শিক্ষিত যুৱক-যুৱতী ৰাজনীতিত অহাটো আজিৰ সময়ত অত্যন্ত জৰুৰী বুলি সমাৱেশৰ পৰাই ভাষণত কয় কেজৰিৱালে ।AdvertismentAlso Read...কেৱল প্ৰতিশ্ৰুতিহে দিছিল,কাম নকৰিলে বিধায়ক কমলাক্ষ দে পুৰকায়স্থইদেওবাৰে দিল্লীৰ যন্তৰ মন্তৰ আপৰ সমাৱেশত উপস্থিত থাকি ভাষণ প্ৰদান কৰে পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মান, মনীষ চিছ’দিয়া, আপ নেতা আতিশী, সঞ্জয় সিং আৰু সৌৰভ ভৰদ্বাজেও।AdvertismentAdvertisment Read the Next Article