Assameseকেৱল প্ৰতিশ্ৰুতিহে দিছিল,কাম নকৰিলে বিধায়ক কমলাক্ষ দে পুৰকায়স্থইশ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বাজাৰঘাট গাঁৱৰ লংগাই নৈখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিয়াৰ নামত ৰাইজক প্ৰতিশ্ৰুতি দি দুবাৰকৈ বিধায়ক হৈছিল কমলাক্ষ দে পুৰকায়স্থই । দুবাৰকৈ জয়লাভ কৰাৰ পিছতো নিৰ্মাণ নকৰিলে লংগাই নৈৰ ওপৰৰ দলং। Estafur Rahman Mar 02, 2026 11:41 ISTPhotograph: (dy365)কেৱল প্ৰতিশ্ৰুতিহে দিছিল,কাম নকৰিলে বিধায়ক কমলাক্ষ দে পুৰকায়স্থইশ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বাজাৰঘাট গাঁৱৰ লংগাই নৈখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিয়াৰ নামত ৰাইজক প্ৰতিশ্ৰুতি দি দুবাৰকৈ বিধায়ক হৈছিল কমলাক্ষ দে পুৰকায়স্থই। ৰাইজেও প্ৰতিশ্ৰুতিৰ ভাষণত ডুব গৈ ভোট দিছিল আৰু জয়ী কৰাইছিল। ২০১৬ আৰু ২০২১ত কংগ্ৰেছৰ পৰা জয়লাভ কৰিছিল কমলাক্ষ দে পুৰকায়স্থই। দুবাৰকৈ জয়লাভ কৰাৰ পিছতো নিৰ্মাণ নকৰিলে লংগাই নৈৰ ওপৰত দলং।AdvertismentAlso Read....১ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব কেইবা কোটি হোৱাটছএপ একাউন্ট!ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন। শাসক-বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। তাৰমাজতেই একো একোজন নেতাই আৰম্ভ কৰিছে দল বাগৰাৰ ৰাজনীতি। ২০১৬ আৰু ২০২১ কংগ্ৰেছৰ পৰা জয়লাভ কৰা বিধায়কগৰাকীয়ে এইবাৰ দল সলনি কৰাৰ লগতে সমষ্টিও সলনি কৰাত ব্যস্ত হৈ পৰিছে। নেতাই নিজৰ মুনাফাক লৈ ব্যস্ত থকাৰ সময়ত সলনি নহ'ল ৰাইজৰ ভাগ্য। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বাজাৰঘাট গাঁৱৰ লংগাই নৈৰ দুয়োপাৰে থকা ৰাইজে বহুবাৰ দাবী কৰি আহিছিল এখন দলং লাগে বুলি পিছে কোনেও গুৰুত্ব নিদিলে। অৱশেষত দুয়োপাৰৰ ৰাইজে নিজৰ টকাৰে নিৰ্মাণ কৰিলে এখন বাঁহৰ সাঁকো। বাহৰ সাঁকোখনেৰে পাৰ হ'বলৈ এজন মানুহে দিব লাগে ১০ টকাকৈ চান্দা। ইপিনে বাৰিষাৰ সময় আহি আছে,বাৰিষাৰ সময়ত বাঁহৰ সাঁকোৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লাগিব সৰু নাও। নিজৰ জীৱন হাতত লৈ নাৱৰে পাৰ হ'ব লাগিব নৈখন। Also Read...শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন যুৱকপুনৰ এবাৰ ৰাজ্যত নিৰ্বাচন। আকৌ নেতাই ভাষণত দিব বহু প্ৰতিশ্ৰুতি । এইবাৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নে নেতাই?সেয়া সময়ে ক'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এইবাৰ গাঁওবাসীয়ে ওলাই আহি অনুৰোধ কৰিছে। আমাক এই লংগাই নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিয়ক। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া গাঁওবাসীৰ অনুৰোধ ৰক্ষা কৰিব নে নাই সেয়া লক্ষণীয় হ'ব । AdvertismentAdvertismentAdvertisment Read the Next Article