Advertisment

১ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব কেইবা কোটি হোৱাটছএপ একাউন্ট!

আপোনাৰ মোবাইলত থকা হোৱাটছএপ একাউণ্টৰ নম্বৰটোৰ নির্দিষ্ট ছিম কার্ডখন একেটা মোবাইলত সংলগ্ন হৈ আছে নে? যদিহে হোৱাটছএপ একাউন্ট থকা মোবাইলৰ সৈতে ছিম কার্ডখন সংযোগ নাই, তেনেহ'লে আজি অর্থাৎ ১ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব আপোনাৰ মোবাইলৰ হোৱাটছএপ একাউণ্ট।

 Photograph: (amar axom)
Photograph: (amar axom)

১ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব কেইবা কোটি হোৱাটছএপ একাউন্ট!

Also Read....ইজৰাইল-আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইৰানৰ


আপোনাৰ বাৰু হোৱাটছএপ একাউন্ট আছে নেকি? আপোনাৰ মোবাইলত থকা হোৱাটছএপ একাউণ্টৰ নম্বৰটোৰ নির্দিষ্ট ছিম কার্ডখন একেটা মোবাইলত সংলগ্ন হৈ আছে নে? যদিহে হোৱাটছএপ একাউন্ট থকা মোবাইলৰ সৈতে ছিম কার্ডখন সংযোগ নাই, তেনেহ'লে আজি অর্থাৎ ১ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব আপোনাৰ মোবাইলৰ হোৱাটছএপ একাউণ্ট। 

Advertisment

ছ'চিয়েল মিডিয়া মেছেজিং এপ হোৱাটছএপ আৰু টেলিগ্রামৰ ক্ষেত্ৰত ভাৰত চৰকাৰে এতিয়াৰে পৰা ছিম বাইন্ডিং অর্থাৎ ছিম কার্ড সংযোগ বাধ্যতামূলক কৰিছে। এতিয়াৰে পৰা ভাৰত চৰকাৰৰ টেলিকম বিভাগে মেছেজিং এপসমূহৰ সৈতে ব্যৱহাৰকাৰীৰ ছিম কার্ড সংযুক্ত আৰু সক্ৰিয় হৈ থকাটো বাধ্যতামূলক কৰিছে। দেশত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ প্রবঞ্চনাৰ ঘটনা। এনে চাইবাৰ প্রবঞ্চনা প্ৰতিৰোধৰ বাবেই এই নতুন পদক্ষেপ হাতত লৈছে কেন্দ্রীয় চৰকৰে।

১ মাৰ্চৰ পৰা সমগ্ৰ ভাৰততে টেলিকম কোম্পানীসমূহে কাৰ্যকৰী কৰিব ছিম বাইন্ডিং বিধি। এতিয়া সহজ ভাষাত বুজি লওক, যদিহে আপুনি ব্যৱহাৰ কৰা হোৱাটছএপ একাউণ্টটো যিটো মবাইল নম্বৰত চলি আছে আৰু সেই ছিম কাৰ্ডখন আপোনাৰ সেই নিৰ্দিষ্ট ফোনটোত সোমোৱাই ৰখা নাই তেন্তে আপোনাৰ হোৱাটছএপ একাউণ্টটো বন্ধ হৈ পৰিব। এতিয়াৰে পৰা হোৱাটছএপ একাউণ্ট থকা ডিভাইজ বা মবাইলত ছিম কাৰ্ডখন সোমোৱাই ৰখাটো বাধ্যতামূলক হ'ব। 

Also Read...ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যু

এনোকুৱা বহু হোৱাটছএপ একাউন্ট আছে, য'ত নির্দিষ্ট মবাইলটোত সংশ্লিষ্ট ছিম কার্ডখন সংযোগ হৈ থকা নাই। এনে সুৰুঙাৰ বাবে বহু সময়ত চাইবাৰ প্ৰৱঞ্চকে ভাৰতীয় ছিম কার্ড নম্বৰ ব্যৱহাৰ কৰি বিদেশী ৰাষ্ট্ৰৰ পৰা হোৱাটছএপ একাউন্ট চলাই আহিছে। যি সমূহ হোৱাটছ এপ একাউণ্টৰ পৰা ডিজিটেল এৰেষ্টৰ দৰে চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত কৰি ভাৰতীয় নাগৰিকৰ পৰা কোটি কোটি টকা সৰকাই নিছে। বিদেশী ৰাষ্ট্ৰৰ পৰা হোৱা এনে চাইবাৰ প্ৰৱঞ্চনাৰ তদন্ত কৰিবলৈ গৈ থমকি ৰ'বলগীয়া হৈছে ভাৰতীয় তদন্তকাৰী সংস্থাসমূহ। দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰু বর্ধিত চাইবাৰ প্ৰৱঞ্চনা ৰোধ কৰিবলৈকে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে। 

Advertisment

বৰ্তমান সময়ত হোৱাটছএপে সমগ্র বিশ্বতে এবাৰ ভেৰিফাই কৰা পদ্ধতি অনুসৰণ কৰি আহিছে। এবাৰ অটিপি দি একাউন্টটো সক্রিয় কৰি ল'লে পিছলৈ ছিমখন ফোনত নাথাকিলেও বা ছিমখন খুলি থ'লেও হোৱাটছএপ ব্যৱহাৰ কৰি থাকিব পাৰি। আনকি ইণ্টাৰনেট সংযোগ থাকিলে অন্য ডিভাইচতো হোৱাটছএপ চলোৱাটো সম্ভৱ হৈ পৰে। কিন্তু ভাৰতৰ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা হোৱাটছএপ একাউণ্টৰ সৈতে ফোনত ছিমকাৰ্ডখন নিৰন্তৰভাৱে সংযোগ হৈ থাকিব লাগিব। যদি ছিমকাৰ্ডখন ফোনৰ পৰা উলিয়াই দিয়ে বা সলনি কৰে, তেন্তে ছিমখন পুনৰ ভৰাই নিদিয়ালৈকে স্বয়ংক্রিয়ভাবে হোৱাটছএপ বন্ধ হৈ পৰিব। 

Also Read...গৌৰৱ গগৈৰ দাবী। আঁচনিৰ সুবিধাৰ কাৰণে বিজেপিৰ সভাত মহিলাসকলে যাবলৈ বাধ্য হৈছে!


দ্যা টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত হোৱা খবৰ অনুসৰি, ১ মাৰ্চৰ পৰা কম্পিউটাৰ বা লেপটপত হোৱাটছএপ ব্যৱহাৰ কৰিলে প্রতি ৬ ঘণ্টাৰ মূৰে মূৰে স্বয়ংক্রিয়ভাৱে একাউন্টটো লগ আউট হৈ যাব পাৰে। ইয়াৰ উপৰিও যিসকলে ছিম নোহোৱাকৈ কেৱল ৱাই-ফাইৰ জৰিয়তে টেবলেট বা অন্য ফোনত হোৱাটছএপ চলায়, তেওঁলোকেও এতিয়া সঘনাই মূল ফোনটোৰ সহায় ল'বলগীয়া হ'ব। ২০২৫ চনৰ ২৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে এক নির্দেশনা জাৰি কৰি বিভিন্ন এপ নির্মাতা সংস্থাক এই নিয়ম কাৰ্যকৰী কৰিবলৈ ৯০ দিনৰ সময়সীমা নির্ধাৰণ কৰি দিছিল। সেই সময়সীমা শনিবাৰে অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীত অন্ত পৰে। ফলস্বৰূপে, ১ মাৰ্চৰ পৰা দেশত Sim Binding Rules কাৰ্যকৰী হ'ব।

Advertisment
Advertisment
Advertisment