Advertisment

গৌৰৱ গগৈৰ দাবী। আঁচনিৰ সুবিধাৰ কাৰণে বিজেপিৰ সভাত মহিলাসকলে যাবলৈ বাধ্য হৈছে!

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শনিবাৰে শিৱসাগৰ জিলাত কংগ্ৰেছ নেতৃত্বাধীন 'সময় পৰিৱৰ্তন' বিশাল যাত্ৰাত অংশগ্ৰহণ কৰি শাসকীয় চৰকাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি কয়, 'আঁচনিৰ সুবিধাৰ বাবে বিজেপিৰ সভাত যাবলৈ বাধ্য হৈছে অসমৰ মহিলা।

 Photograph: (dy365)
Photograph: (dy365)

 গৌৰৱ গগৈৰ দাবী। আঁচনিৰ সুবিধাৰ কাৰণে বিজেপিৰ সভাত মহিলাসকলে যাবলৈ বাধ্য হৈছে!

Advertisment

Also Read....হোলীৰ পূৰ্বে কৃষক সকলৰ একাউণ্টত জমা হ'ব নেকি ২০০০ টকা!

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শনিবাৰে শিৱসাগৰ জিলাত কংগ্ৰেছ নেতৃত্বাধীন 'সময় পৰিৱৰ্তন' বিশাল যাত্ৰাত অংশগ্ৰহণ কৰি শাসকীয় চৰকাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি কয়,'আঁচনিৰ সুবিধাৰ বাবে বিজেপিৰ সভাত যাবলৈ বাধ্য হৈছে অসমৰ মহিলা'। চৰকাৰী আঁচনিৰ সুবিধা লাভৰ স্বাৰ্থত বিজেপিৰ সভাত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ মহিলাসকলক বাধ্য কৰোৱা হৈছে।

'সময় পৰিৱৰ্তন' যাত্ৰাত তেওঁ ভাষণত আৰু কয়,যদি কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ ভোট দিয়া হয়, তেন্তে বৰ্তমানৰ সমাজ কল্যাণমূলক আঁচনিসমূহ “পুনৰ বিবেচনা আৰু উন্নত” কৰা হ’ব । যাতে আমাৰ মহিলাসকলে কোনো ৰাজনৈতিক হেঁচা অবিহনে সকলো সুবিধা লাভ কৰিব পাৰে । আগন্তুক বিধানসভা নিৰ্বাচনত “ভয় আৰু ভাবুকি”ৰ ৰাজনীতি অসমৰ জনসাধাৰণে নাকচ কৰিবলৈ ইতিমধ্যে সাজু হৈছে। যদি কংগ্ৰেছ চৰকাৰ শাসনলৈ আহে তেন্তে যোগ্য মহিলাসকলে কোনো দলীয় সভাত উপস্থিত নাথাকিলেও তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ সুবিধা লাভ কৰিব।

Also Read...মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা


সভাপতি গৌৰৱ গগৈয়ে আৰু কয় যে,ৰাইজে এতিয়া শান্তিপূৰ্ণ আৰু প্ৰগতিশীল “নতুন বৰ অসম” বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰচাৰিতাক এতিয়া কোনেও ভয় নকৰে। ৰাইজে মুকলি অন্তৰেৰে কংগ্ৰেছক আদৰণি জনাইছে আৰু কংগ্ৰেছ দলক পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে।

Advertisment


'সময় পৰিৱৰ্তন' যাত্ৰাৰ শেষত সাংবাদিকৰ আগত মত প্ৰকাশ কৰি গগৈয়ে কয়, বৰ্তমানৰ চৰকাৰখনে আমাৰ প্ৰাণৰ শিল্পী, অসমীয়া কিংবদন্তি সংগীত শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ নামত উচৰ্গা কৰা সমাধিক্ষেত্ৰক অৱহেলা কৰাৰো অভিযোগ উত্থাপন কৰে। অভিযোগ উত্থাপন কৰি কয়, ‘জুবিন ক্ষেত্ৰ’ৰ সঠিক ৰক্ষণাবেক্ষণ আৰু উন্নয়নত ব্যৰ্থ হোৱাৰ বাবে পৰিয়ালৰ সদস্য আৰু অনুৰাগীসকলে নিজাববীয়াকৈ ঠাইখন পৰিস্কাৰ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ বাধ্য হৈ পৰিছে। এই চৰকাৰে সঘনাই উৰণীয়া সেতু আৰু বৃহৎ প্ৰকল্পৰ কথা কয়, কিন্তু জুবিন ক্ষেত্ৰৰ উন্নয়নৰ বাবে আজিলৈকে কোনো উল্লেখযোগ্য পদক্ষেপ হাতত লোৱা নাই।  

Also Read...দিন দুপৰতে ৬ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ !


এনেদৰে শিৱসাগৰত 'সময় পৰিৱৰ্তন' যাত্ৰাত বিজেপি চৰকাৰৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ অভিযোগেৰে ৰাইজৰ আগত ভাষণ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে । এই পৰিৱৰ্তন যাত্ৰাত গৌৰৱ গগৈৰ লগত উপস্থিত থাকে অসমৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল।

Advertisment
Advertisment