Advertisment

হোলীৰ পূৰ্বে কৃষক সকলৰ একাউণ্টত জমা হ'ব নেকি ২০০০ টকা!

সমগ্ৰ দেশৰ কৃষক সকলে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২২ সংখ্যক কিস্তিৰ ধনৰ বাবে অধিৰ অপেক্ষাৰে ৰৈ আছে। কেতিয়া একাউন্টত সোমাব ২২ সংখ্যক প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন।

 Photograph: (TV9)
Photograph: (TV9)

হোলীৰ পূৰ্বে কৃষক সকলৰ একাউণ্টত জমা হ'ব নেকি ২০০০ টকা! 

Also Read....দিন দুপৰতে ৬ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ !

সমগ্ৰ দেশৰ কৃষক সকলে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২২ সংখ্যক কিস্তিৰ ধনৰ বাবে অধিৰ অপেক্ষাৰে ৰৈ আছে। কেতিয়া একাউন্টত সোমাব ২২ সংখ্যক প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন। চাৰিওফালে খবৰ বিয়পি পৰিছে যে, হোলীৰ আগতে এই ধন একাউন্টত জমা হ'ব। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২১ সংখ্যক কিস্তিৰ ধন ২০২৫ চনৰ ১৯ নৱেম্বৰত জমা হৈছিল। আৰু তেতিয়াৰ পৰাই কৃষকসকলে তেওঁলোকৰ পৰৱৰ্তী ধন পোৱাৰ অপেক্ষাৰে ৰৈ আছে। ফেব্ৰুৱাৰী মাহ শেষ যদিও এতিয়ালৈকে ২২ সংখ্যক কিস্তিৰ ধন পোৱা নাই।

Advertisment


আমি কেতিয়া লাভ কৰিম ২২ সংখ্যক কিস্তিৰ ধন...

চলিত বছৰৰ ১ মাৰ্চৰ পৰা ৪ মাৰ্চলৈকে ধাৰাবাহিকভাৱে বেংকসমূহ বন্ধ থাকিব। কাৰণ সমগ্ৰ দেশতে ৰঙৰ উৎসৱ হোলীৰ কাৰণে সকলো চৰকাৰী কাৰ্যালয়ৰ পৰা বেংকসমূহ বন্ধ থাকিব। ইয়াৰ পৰা এটা কথা গম পোৱা যায় যে, হোলীৰ পূৰ্বে ২২ সংখ্য়ক কিস্তিৰ ধন একাউন্টত জমা নহয়। আজি ২৮ ফেব্ৰুৱাৰী, মাহৰ অন্তিম দিন। বহু কৃষকে আশা কৰিছিল যে আজি তেওঁলোকে এই সাহায্যৰ ধন লাভ কৰিব। অৱশ্যে আজি মাহৰ চতুৰ্থ শনিবাৰ, আৰু সেইবাবেই সমগ্ৰ দেশৰ সকলো বেংক বন্ধ। পি এম কিষাণ যোজনাৰ অধীনত থকা ধন প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT)ৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হয়। যিহেতু আজি বেংকিং ব্যৱস্থাসমূহ বন্ধ হৈ আছে সেয়েহে একাউণ্টত ধন জমা নহয়। গতিকে ২২ তম কিস্তিৰ ধন হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমোৱাৰ সম্ভাৱনা নাই। 

Also Read...মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

হোলীৰ আগতে এই ধনৰ আশা কৰিব পাৰি নে....?

শনিবাৰৰ দিনটোত দেশৰ লাখ লাখ কৃষকৰ একাউন্টত পি এম কিষাণৰ ধন জমা নোহোৱাৰ পিছতেই তেওঁলোকৰ মনত প্ৰশ্ন উদয় হৈছে যে, হোলী উৎসৱৰ পূৰ্বে কৃষকে এই ধন লাভ কৰিবনে? এতিয়া যদি আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ কেলেণ্ডাৰখন চাও তেন্তে  ১ মাৰ্চ অৰ্থাৎ দেওবাৰে পুনৰ বন্ধ থাকিব বেংক। আনফালে ২ তাৰিখে উত্তৰ প্ৰদেশৰ সকলো বেংকিং ব্যৱস্থা বন্ধ থাকিব। ইফালে আন বহু ৰাজ্যতো অহা ৩ মাৰ্চত বন্ধ থাকিব বেংকিং কাম-কাজ। ইয়াৰ পাছতেই সমগ্ৰ দেশতে  ৪ মাৰ্চৰ দিনটো হোলীৰ কাৰণে বন্ধ থাকিব। এই একেৰাহে বেংক ছুটীৰ প্ৰতি লক্ষ্য ৰাখি ক'ব পাৰি যে, হোলীৰ পূৰ্বে কৃষকে এই আৰ্থিক সাহায্য লাভ কৰাৰ সম্ভাৱনা ক্ষীণ।

Advertisment
Advertisment