Advertisment

দিন দুপৰতে ৬ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ !

বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজচৰ অঞ্চলত ৬ বছৰীয়া এটি শিশুক অপহৰণৰ চেষ্টা কৰা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। ঘৰৰ পৰা দোকানত চকলেট কিনিবলৈ যোৱাৰ সময়তেই আছকেৰ আলী নামৰ এজনে শিশুটিক অপহৰণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন।

 Photograph: (dy365)
Photograph: (dy365)

দিন দুপৰতে ৬ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা অপহৰণকাৰীৰ !

বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজচৰ অঞ্চলত ৬ বছৰীয়া এটি শিশুক অপহৰণৰ চেষ্টা কৰা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। ঘৰৰ পৰা দোকানত চকলেট কিনিবলৈ যোৱাৰ সময়তেই আছকেৰ আলী নামৰ এজনে শিশুটিক অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগ। শিশুকটিৰ লগত টনা-আঁজোৰা কৰি থকা সময়তেই শিশুটিৰ মোমায়েকে ঘটনাটো প্ৰতক্ষ্য কৰি আগভেটি ধৰে আছকেৰ আলীক। মোমায়েকে বাধা দিয়াত আছকেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

Also Read.....বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি!


পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি অভিযুক্ত আছকেৰ আলীৰ ঘৰ একেখন গাঁৱতে। ঘৰুৱা কন্দলৰ বাবে ৬ বছৰীয়া শিশুটিক টাৰ্গেট কৰি লোৱাৰ অভিযোগ আছকেৰ আলীৰ বিৰুদ্ধে। এই ঘটনাৰ পাছতেই আতংকিত হৈ পৰে অঞ্চলবাসী ৰাইজ। কেৱল ঘৰুৱা কন্দলৰ বাবে এটি ৬ বছৰীয়া শিশুক লক্ষ্য কৰি লোৱাৰ মানসিকতাক লৈ এতিয়া গাঁওবাসী চিন্তিত হৈ পৰিছে।

Also Read...প্ৰতিবন্ধকতাক নেওচি জীৱন পথত...

গাঁওবাসীৰ সন্দেহ, ইয়াৰ পূৰ্বেও আছকেৰ আলীয়ে কোনো শিশুৰ লগত অসামাজিক কাম কৰিছিল নেকি? ন'হলে আছকেৰ আলীৰ সাহস কেনেকৈ হ'ব পাৰিলে এই কাৰ্য কৰাৰ। 

Also Read...বীৰ লাচিত সেনাৰ তিনি সদস্য আৰক্ষীৰ জালত

ইতিমধ্যে এই সমগ্ৰ ঘটনাক লৈ ৬ বছৰীয়া কন্যা সন্তানটিৰ পিতৃয়ে আৰক্ষীৰ ওচৰত দাখিল কৰিছে এজাহাৰ। আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব।

Advertisment

Advertisment
Advertisment