Assameseঋণৰ বোজা, ভুৱা আঁচনি আৰু ছিণ্ডিকেটৰাজ ! বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ গুৰুতৰ অভিযোগ।২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী দল কংগ্ৰেছ। প্ৰিয়ংকা গান্ধীয়ে অভিযোগনামা মুকলি কৰাৰ পাছতেই মীৰা বৰঠাকুৰে সংবাদমেলযোগে সেই অভিযোগনামাৰ সবিশেষ ৰাইজৰ আগত দাঙি ধৰিলে। Estafur Rahman Feb 23, 2026 15:14 ISTPhotograph: (INC ASSAM PAGE)ঋণৰ বোজা, ভুৱা আঁচনি আৰু ছিণ্ডিকেটৰাজ ! বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ গুৰুতৰ অভিযোগ..AdvertismentAlso Read....নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিহত ১৭জন, আহত ২৪জন২০২৬ৰ অসম বিধানসভানিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী দল কংগ্ৰেছ। যোৱা ১৯ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে দুদিনীয়া কাৰ্যসুচীৰে অসমত উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে এখন অভিযোগনামা মুকলি কৰিছিল। অভিযোগনামা মুকলি কৰাৰ পিছতেই দেওবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে এখন সংবাদমেলযোগে সেই অভিযোগনামাৰ সবিশেষ ৰাইজৰ আগত দাঙি ধৰে।সংবাদমেলত মীৰা বৰঠাকুৰে কয় যে, চৰকাৰখনে ‘সবকা সাথ, সবকা বিকাশ’ৰ প্ৰতিশ্ৰুতি দিলেও প্ৰকৃততে কেৱল পৰিয়ালকেন্দ্ৰিক বিকাশহে হৈছে। ৰাজ্যত বৰ্তমান কয়লা, গৰু, চুপাৰি, কণী, পাণ আৰু মাছৰ অবাধ ছিণ্ডিকেট চলি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। চৰকাৰৰ নেতা-মন্ত্ৰীসকলৰ সম্পত্তি সন্দৰ্ভতো কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে, চৰকাৰী ধনৰ অবাধ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠসকলে নিজৰ পৰিয়ালৰ নামত নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে।Also Read...'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰলগতে সংবাদমাধ্যমত আৰু কয় যে, মুখ্যমন্ত্ৰীয়ে নিজৰ সন্তানৰ নামত ১৭টাকৈ কোম্পানী, বিলাসী ৰিজৰ্ট, চাহ বাগিচা, অভিজাত বিদ্যালয়, সংবাদ প্ৰতিষ্ঠান আৰু ফাৰ্মাচিউটিকেল উদ্যোগকে ধৰি হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰিছে। কমিছনৰ স্বাৰ্থত থলুৱা ঠিকাদাৰক বঞ্চিত কৰি পছন্দৰ ঠিকাদাৰক কাম দিয়াৰো অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ অৰ্থনৈতিক দিশৰ সমালোচনা কৰি তেওঁ কয় যে ৰিজাৰ্ভ বেংকৰ মূল্যায়ন অনুসৰি ২০২৬ চনৰ এপ্ৰিল মাহলৈ অসমৰ মুঠ ঋণৰ পৰিমাণ ২.০৬ লাখ কোটি টকা স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে। অসমে আৰু ঋণ ল’ব পৰা ক্ষমতা নথকাৰ পিছতো এই চৰকাৰখনে উপৰ্যুপৰি ঋণ লৈ জনসাধাৰণৰ মূৰত বোজা জাপি দিয়াৰ এক পৰিকল্পনা কৰিছে ।Advertismentইয়াৰ উপৰিও সংবাদমেলত তেওঁ আৰু কয় যে, প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সেয়া পালন নকৰা আৰু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আওকান কৰা বুলি তেওঁ উল্লেখ কৰে। ভূমিপট্টা আৰু উচ্ছেদ সন্দৰ্ভত তেওঁ কয় যে মিছন বসুন্ধৰাৰ নামত ভুৱা প্ৰ-পত্ৰ বিতৰণ কৰি এতিয়া গুৱাহাটীৰ পাহাৰৰ বাসিন্দাসকলক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰা হৈছে। অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰি কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিৰে চোৱা বুলিও চৰকাৰক তীব্ৰ সমালোচনা কৰে।Also Read...'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰএই চৰকাৰখনে নিবনুৱাক পৰ্যাপ্ত চাকৰি নিদিয়া, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা আৰু বাজেটত শিক্ষা, স্বাস্থ্য খণ্ডৰ পুঁজি কৰ্তন কৰাৰো অভিযোগ কৰে। চিকিৎসালয় নিৰ্মাণ কৰিলেও পৰ্যাপ্ত আন্তঃগাঁথনি নথকা আৰু ৰাজ্যত ভেজাল ঔষধৰ পয়োভৰ হোৱা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। শেষত, বিদেশী বা বাংলাদেশী বুলি একাংশ লোকক উচ্ছেদ কৰাৰ পিছত সেই মানুহখিনি বৰ্তমান ক’লৈ গ’ল,বাংলাদেশলৈ গ'ল নে? নে অসমতে আছে ? এনে কেতবোৰ অভিযোগেৰে মীৰা বৰঠাকুৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ এই অভিযোগনামা ৰাইজৰ আগত সংবাদমেলৰ জৰিয়তে অৱগত কৰে।AdvertismentAdvertismentAdvertisment Read the Next Article