Assameseইজৰাইল-আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইৰানৰআয়াতুল্লা আলী খামেইনিৰ মৃত্যুৰ পিছতে অধিক যুযুধান ইৰান। আমেৰিকাৰ ঘাটি তচনচ কৰি দিয়াৰ হুংকাৰ দিলে ইৰানী সেনাই। ৰমজান মাহতে সৰ্বোচ্চ ধৰ্মীয় নেতাক হেৰুৱাই আক্ৰমণাত্মক IRGC।Jyotiprasad Sarma Mar 01, 2026 12:39 ISTইজৰাইল-আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইৰানৰ Photograph: (DY365)মধ্য প্ৰাচ্যত মহাযুদ্ধ!ইজৰাইল-আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইৰানৰআয়াতুল্লা আলী খামেইনিৰ মৃত্যুৰ পিছতে অধিক যুযুধান ইৰান। আমেৰিকাৰ ঘাটি তচনচ কৰি দিয়াৰ হুংকাৰ দিলে ইৰানী সেনাই। ৰমজান মাহতে সৰ্বোচ্চ ধৰ্মীয় নেতাক হেৰুৱাই আক্ৰমণাত্মক IRGC।Advertismentভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে মধ্য প্ৰাচ্যৰ যুদ্ধই। ছুপ্ৰিম লীডাৰ আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ সাজু ইৰান। ইৰানে ভয়াৱহ আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ সাজু ইজৰাইল-আমেৰিকাৰ ওপৰত। ইজৰাইল-আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ ইৰানৰ। ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবৰ বাবে সাজু হৈ উঠিছে ইৰান। ইৰানৰ প্ৰত্যাক্ৰমণৰ চোক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ইৰানে শনিবাৰে সমগ্ৰ দিনটোত বিভিন্ন দেশলৈ নিক্ষেপ কৰিছিল ক্ষেপণাস্ত্ৰ। ডুবাইলৈয়ো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ইৰানে। কুৱেইট ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টতো ৰকেট নিক্ষেপ ইৰানৰ। আমেৰিকাৰ সামৰিক ঘাটি থকা মধ্য প্ৰাচ্যৰ যিকোনো দেশক আক্ৰমণৰ হুংকাৰ ইৰানৰ। Also Read: ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যুআমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ইৰানেও আক্ৰমণ আৰম্ভ কৰে। ইৰানৰ আক্ৰমণত কঁপি উঠিছে পশ্চিম এছিয়াৰ একাধিক দেশ। কেৱল ইজৰাইলেই নহয়, পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক ঘাটি থকা সকলো দেশতে আক্ৰমণ কৰে ইৰানে। মধ্যপ্ৰাচ্যৰ ১৪ মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ কৰাৰ দাবী ইৰান চৰকাৰৰ। ইৰানৰ ৰকেট আক্ৰমণত নিহত শতাধিক আমেৰিকাৰ সেনা। UAE, বাহৰেইন, কাটাৰ, জৰ্দানৰ মাৰ্কিন সেনাৰ ঘাটিত আক্ৰমণ কৰে ইৰানে। Advertismentসংযুক্ত আৰব আমিৰশ্বাহীৰ আবুধাবি আৰু ডুবাইৰ লগতে কাটাৰৰ দোৱা আৰু ছোদি আৰৱৰ ৰিয়াদত ইৰানে চলাই আক্ৰমণ। বুৰ্জ খালিফা অঞ্চলত বিস্ফোৰণৰ শব্দ শুনাৰ পিছতে আতংকময় পৰিৱেশে বিৰাজ কৰে।ইৰানৰ আক্ৰমৰ পিছতে শনিবাৰে খালী কৰি দিয়া হয় বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফা। বুৰ্জ খালিফাৰ পৰা ইতিমধ্যে সকলো লোকক আঁতৰাই নিয়াৰ খবৰ প্ৰকাশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। Also Read: পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামাসমগ্ৰ পশ্চিম এছিয়াত এতিয়া যুদ্ধৰ পৰিৱেশে বিৰাজ কৰিছে। ইতিমধ্যে ইৰানে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। পশ্চিম এছিয়াৰ এক বিশাল অঞ্চলত বিমান পৰিবহণ স্থগিত ৰখা হৈছে। পশ্চিম এছিয়াৰ কেইবাখনো দেশৰ ১৪টা আমেৰিকাৰ সামৰিক ঘাটি আক্ৰমণ কৰি ধ্বংস কৰা হৈছে বুলি দাবী কৰিছে ইৰানে। ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড ক'ৰ্পছেও দাবী কৰিছে যে, এই আক্ৰমণত শ শ আমেৰিকান জোৱান নিহত হৈছে।Advertismentবাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ। জুফেয়াৰ অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ দাবী ইৰানৰ। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি জুফেয়াৰত এক বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছিল। ইয়াৰ উপৰিও আই আৰ জি চিয়ে দাবী কৰিছে যে কুৱেইট, কাটাৰ, জৰ্ডানত থকা আমেৰিকাৰ সামৰিক ঘাটিকো লক্ষ্য কৰি পূৰ্বতে আক্ৰমণ চলোৱা হৈছে।কাটাৰত আমেৰিকাৰ সেনাবাহিনী থকা আল উদেইদ এয়াৰ বেছত আক্ৰমণ কৰা হয়। কুৱেইটৰ আল চেলেম এয়াৰ বেছ আৰু জৰ্ডানৰ মুআফফাক আল ছালটি এয়াৰ বেছকো লক্ষ্য কৰি লোৱা হৈছিল। ইয়াৰ উপৰিও আবুধাবিৰ আল ধাফ্ৰা এয়াৰ বেছতো আক্ৰমণ কৰা হয়। ইৰানৰ সেনাই দাবী কৰিছে যে তেওঁলোকে মুঠ ১৪টা আমেৰিকাৰ সামৰিক ঘাটি ধ্বংস কৰিছে।AdvertismentAdvertisment Read the Next Article