Advertisment

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন যুৱক

এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এখন দোকানত খুন্দা দ্ৰুতবেগী চুইফট বাহনৰ। ঘটনাস্থলীত এজন যুৱকৰ কৰুণ মৃত্যু হয়।

 Photograph: (dy365)
Photograph: (dy365)

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন যুৱক

Also Read....গৌৰৱ গগৈৰ দাবী। আঁচনিৰ সুবিধাৰ কাৰণে বিজেপিৰ সভাত মহিলাসকলে যাবলৈ বাধ্য হৈছে!

Advertisment


এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এখন দোকানত খুন্দা মাৰে দ্ৰুতবেগী চুইফট বাহনে। ঘটনাস্থলীতে এজন যুৱকৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছেতই ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সুবোধ দাস নামৰ এজন যুৱকে। শনিবাৰে সন্ধিয়া কাছাৰৰ চৈদপুৰৰ চৰকিশাহ মোকাম সংলগ্ন কালী মন্দিৰৰ সমীপত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ​জানিব পৰা মতে, এখন দ্ৰুতবেগী চুইফট ডিজায়াৰ (Swift Dzire)বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা এখন Fast food ৰ দোকানত খুন্দা মাৰে ৷

Also Read...হোলীৰ পূৰ্বে কৃষক সকলৰ একাউণ্টত জমা হ'ব নেকি ২০০০ টকা!

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দোকানখনৰ কাষতে থকা সুবোধ দাস নামৰ  যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় ৷ মৰ্মান্তিক ঘটনাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।  একাংশ উত্তেজিত ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ (SMCH) প্ৰেৰণ কৰে।

Advertisment

Also Read...মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

ইপিনে দুৰ্ঘটনা সংঘটিত কৰা চুইফট ডিজায়াৰ বাহনখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে ​ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই মৰ্মান্তিক ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।

Advertisment
Advertisment