Advertisment

BPFত যোগদান কৰিব প্ৰভাৱশালী নেতা খাম্পা বৰগয়াৰীয়ে

সোমবাৰে BPFত যোগদান কৰিব প্ৰভাৱশালী নেতা খাম্পা বৰগয়াৰীয়ে। চিৰাং জিলাৰ কাজলগাঁৱত পুনৰ BPFত যোগদান কৰিব UPPLৰ উপ-সভাপতিগৰাকীয়ে। BTC নিৰ্বাচনৰ পূৰ্বে BPF ত্যাগ কৰি প্ৰমোদ বড়োৰ UPPLত যোগদান কৰিছিল খাম্পা বৰগয়াৰীয়ে।

Also Read: যুদ্ধৰ বিভীষিকা, আতংকিত প্ৰবাসী ভাৰতীয় 

২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ পৰা আহিল ডাঙৰ খবৰ। সোমবাৰে BPFত যোগদান কৰিব প্ৰভাৱশালী নেতা খাম্পা বৰগয়াৰীয়ে। চিৰাং জিলাৰ কাজলগাঁৱত পুনৰ BPFত যোগদান কৰিব UPPLৰ উপ-সভাপতিগৰাকীয়ে। কেইবাগৰাকী সতীৰ্থক লগত লৈ আনুষ্ঠানিকভাৱে যোগদান কৰিব বিপিএফত। BTC নিৰ্বাচনৰ পূৰ্বে BPF এৰি প্ৰমোদ বড়োৰ UPPLত যোগদান কৰিছিল খাম্পা বৰগয়াৰীয়ে। BTC নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল খাম্পা বৰগয়াৰী। দেৱৰগাঁও সমষ্টিত হাগ্ৰামাৰ হাতত পৰাস্ত হৈছিল খাম্পা বৰগয়াৰী। আনহাতে চিৰাং দুৱাৰ সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে জয়ী হৈছিল খাম্পা বৰগয়াৰী। বিটিচি বিধানসভাত বিৰোধীৰ দলপতি হৈ আছিল খাম্পা বৰগয়াৰী৷ 

Also Read: সকলোৰে মুখে মুখে কেৱল এটাই নাম সঞ্জু ছেমছন

ইউপিপিএল দল ত্যাগৰ পিছত সংবাদমাধ্যমৰ আগত খাম্পা বৰগয়াৰীৰ মন্তব্য...

আমি বিটিচি গঠন কৰিলো। বিপিএফ দল এটা ভাল দল। বিভিন্ন কাৰণত হাগ্ৰামা মহিলাৰীৰ পৰা আমি আঁতৰি গৈছিলো। উপলদ্ধি কৰিলো কাম কৰাৰ মৰ্যাদা বিপিএফ দলত আছে। হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ আহ্বানমৰ্মে পুনৰাই বিপিএফ দললৈ ঘূৰি আহিলো।

Advertisment
Advertisment