Assameseযুদ্ধৰ বিভীষিকা, আতংকিত প্ৰবাসী ভাৰতীয়ইৰান-ইজৰাইলৰ যুদ্ধৰ বিভীষিকাময় পৰিৱেশত আতংকিত হৈ পৰিছে প্ৰবাসী ভাৰতীয়। বিমান সেৱা বন্ধ, জৰুৰীকালীন পৰিস্থিতিৰ বাবে ভয়-ভীতিৰে দিন পাৰ কৰিছে প্ৰবাসী ভাৰতীয়ই। যুদ্ধৰ প্ৰভাৱ পৰা ৮খন দেশৰ ১ কোটি ভাৰতীয়ৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। Jyotiprasad Sarma Mar 02, 2026 11:33 ISTযুদ্ধৰ বিভীষিকাআতংকিত প্ৰবাসী ভাৰতীয়ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ বাবে মধ্য প্ৰাচ্যৰ বহু দেশত আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে । যাৰ ফলত বাতিল হৈছে ইখনৰ পিছত সিখনকৈ আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ। Advertismentইৰান আৰু ইজৰাইলৰ যুদ্ধৰ বাবে মধ্য প্ৰাচ্যত এতিয়া অস্থিৰতা, আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰানৰ ওপৰত কৰা আক্ৰমণে লৈছে ভয়াৱহ ৰূপ। ইজৰাইল, আমেৰিকাৰ যৌথ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰানে কৰা আক্ৰমণে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ। ইৰানৰ আক্ৰমণত ডুবাই, আবুধাবি, বাহৰেইন আদিত সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ। যুদ্ধৰ বাবে মধ্য প্ৰাচ্যত আকাশমাৰ্গ বন্ধ কৰাৰ ফলত বিভিন্ন দেশে বিমান সেৱা বাতিল কৰিছে। Also Read: যুদ্ধই কঁপাইছে মধ্য প্ৰাচ্যইৰান-ইজৰাইলৰ যুদ্ধৰ বিভীষিকাময় পৰিৱেশত আতংকিত হৈ পৰিছে প্ৰবাসী ভাৰতীয়। বিমান সেৱা বন্ধ, জৰুৰীকালীন পৰিস্থিতিৰ বাবে ভয়-ভীতিৰে দিন পাৰ কৰিছে প্ৰবাসী ভাৰতীয়ই। যুদ্ধৰ প্ৰভাৱ পৰা ৮খন দেশৰ ১ কোটি ভাৰতীয়ৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। যুদ্ধৰ প্ৰভাৱ পৰা UAEত আছে প্ৰায় ৩৬ লাখ ভাৰতীয় নাগৰিক। বাহৰেইনত আছে ৩.২৭ লাখ, ছৌদি আৰৱীয়াত আছে ২৪.৬৩ লাখ ভাৰতীয়।কাটাৰত ৮.৩৬ লাখ, কোৱেইটত ৯.৯৫ লাখ, ওমানত আছে ৬.৮৬ লাখ ভাৰতীয়। ইফালে ইৰানত আছে ১০,৭৬৫গৰাকী আৰু ইজৰাইলত আছে ১.০৫ লাখ ভাৰতীয়। Also Read: ইজৰাইল-আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইৰানৰপ্ৰবাসী ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে লৈ পদক্ষেপ। যুদ্ধ বিভীষিকাৰ মাজতে নিশা প্ৰধানমন্ত্ৰী মোদীৰ জৰুৰীকালীন বৈঠক। দেশৰ বায়ুসেনা, নৌসেনাৰ শীৰ্ষ বিষয়াৰে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ।AdvertismentAdvertismentAdvertisment Read the Next Article