Assameseযুদ্ধই কঁপাইছে মধ্য প্ৰাচ্যযুদ্ধই কঁপাইছে মধ্য প্ৰাচ্য। আকাশত যুদ্ধ বিমানৰ তহল। ইজৰাইল আৰু আমেৰিকাই যৌথ আক্ৰমণ অব্যাহত ৰাখিছে ইৰানত। ইৰানৰ টেহৰানত আমেৰিকা-ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণ।Jyotiprasad Sarma Mar 02, 2026 10:00 ISTযুদ্ধই কঁপাইছে মধ্য প্ৰাচ্য Photograph: (DY365)যুদ্ধই কঁপাইছে মধ্য প্ৰাচ্যযুদ্ধই কঁপাইছে মধ্য প্ৰাচ্য। আকাশত যুদ্ধ বিমানৰ তহল। ইজৰাইল আৰু আমেৰিকাই যৌথ আক্ৰমণ অব্যাহত ৰাখিছে ইৰানত। ইৰানৰ টেহৰানত আমেৰিকা-ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণ। ওৰেনিশা ইৰানৰ টেহৰানত অব্যাহত ইজৰাইলৰ গোলাবৰ্ষণ। বেইৰুটৰ আকাশমাৰ্গত ইজৰাইলৰ ফালৰ পৰা ধাৰাসাৰ গুলীবৰ্ষণ কৰে। হিজবুল্লাৰ শীৰ্ষ নেতাক লক্ষ্য কৰি এই গোলাবৰ্ষণ। লেবাননৰ ওপৰতো নিক্ষেপ কৰে মিছাইল। আনকি চিকিত্সালয়তো আক্ৰমণ চলাই ইজৰাইলে। টেহৰানস্থিত গান্ধী হাস্পতালত নিশা মিছাইলেৰে আক্ৰমণ কৰাত চিকিত্সালয়খনৰ বৃহত্ অংশ ক্ষতিগ্ৰস্ত হয়। এই আক্ৰমণত কেইবাজনো ৰোগী আহত হোৱাৰ খবৰ প্ৰকাশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। চিকিত্সালয়ত মিছাইল আক্ৰমণৰ পিছতে ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ। লেবানন আৰু টেহৰানত ধাৰাবাহিক বিস্ফোৰণ ইজৰাইলৰ। ইজৰাইলৰ আক্ৰমণত টেহৰানৰ নিলুফৰ চৌহদত ২০জন লোকৰ মৃত্যুৰ খবৰ। AdvertismentAlso Read: ১ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব কেইবা কোটি হোৱাটছএপ একাউন্ট!ইফালে ইৰানত আক্ৰমণ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইৰানে গ’ল্ফত আক্ৰমণ বন্ধ নকৰা পৰ্যন্ত আক্ৰমণ চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰে। বিভীষিকাৰ মাজতে ইৰানেও লৈছে প্ৰতিশোধ। ইৰানে তেল আভিভ আৰু জেৰুজালেম চহৰত ভয়ংকৰ আক্ৰমণ কৰে। ইজৰাইলৰ মধ্য চহৰ বেইট চেমেছত ৯জন লোকৰ মৃত্যু খবৰ। দেওবাৰে আমেৰিকাৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ ল'লে ইৰানে। আমেৰিকাৰ এয়াৰক্ৰাফট কেৰিয়াৰৰ ওপৰত ইৰানে নিক্ষেপ কৰে ৪টাকৈ বেলেষ্টিক মিছাইল। USS আব্ৰাহাম লিংকন এয়াৰক্ৰাফট কেৰিয়াৰত ভয়ংকৰ আক্ৰমণ কৰে ইৰানে। বিশ্বৰ অন্যতম উন্নত বিমানবাহী জাহাজ বুলি গণ্য কৰা হয় আব্ৰাহাম লিংকনক। আয়াতুল্লা আলী খামেইনি জীয়াই থকা সময়তে ইৰানে এই জাহাজ ধ্বংস কৰাৰ ভাবুকি দিছিল আমেৰিকাক। মাৰ্কিন বিমান ঘাটিসমূহক লক্ষ্য কৰি প্ৰত্যাক্ৰমণ চলাইছে ইৰানে। ইয়াৰ ফলত চৰম অস্থিৰতাৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যত।Also Read: ইজৰাইল-আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইৰানৰমধ্যপ্ৰাচ্যৰ যুঁজ-বাগৰে লৈছে বিশ্বযুদ্ধৰ ৰূপ! ইৰান বনাম আমেৰিকা আৰু ইজৰাইলৰ মাজৰ যুদ্ধ বিয়পি পৰে উপসাগৰীয় অঞ্চললৈ। ডুবাই, আবুধাবি, ৰিয়াধ, ডোহা, মানামাত ইৰানে নিক্ষেপ কৰে ৰকেট। এই যুদ্ধত প্ৰভাৱিত হৈছে বিশ্বৰ ১২খন দেশ। আমেৰিকা, ইজৰাইল, ইৰান, বাহৰেইন, ছৌদি আৰব, ইৰাক, UAE, কাটাৰ, কুৱেইট, জৰ্ডান, য়েমেন আৰু লেবানন সম্পূৰ্ণৰূপে প্ৰভাৱিত এই যুদ্ধত। AdvertismentAdvertismentAdvertisment Read the Next Article