Advertisment

সকলোৰে মুখে মুখে কেৱল এটাই নাম সঞ্জু ছেমছন

T-20 বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলত টীম ইণ্ডিয়া।  ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫ উইকেটত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতে।

 Photograph: (dy365)
Photograph: (dy365)

সকলোৰে মুখে মুখে কেৱল এটাই নাম সঞ্জু ছেমছন।

Also Read....১ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব কেইবা কোটি হোৱাটছএপ একাউন্ট!

T-20 বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলত টীম ইণ্ডিয়া।  ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫ উইকেটত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি ভাৰতৰ সন্মুখত বান্ধি দিছিল ১৯৬ ৰানৰ বিশাল লক্ষ্য। 

Advertisment

ভাৰতীয় দলৰ হৈ সঞ্জু ছেমছনে সৰ্বাধিক ৰান সংগ্ৰহ কৰে।  ৫০টা বলত ৯৭ ৰানৰ বিস্ফোৰক ইনিংছ খেলে সঞ্জু ছেমছনে। নিজৰ ইনিংছত ১২টা ফ’ৰ আৰু ৪টা ছিক্স কোবাই সঞ্জুৱে। T-20 বিশ্বকাপত লক্ষ্য অনুসৰণ কৰি ভাৰতৰ হৈ এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে সঞ্জু ছেমছনে। দুৰ্দান্ত বেটিঙৰ বাবে সঞ্জু ছেমছনক প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্যা মেচৰ সন্মান।

Also Read...শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন যুৱক

২০১৬ৰ টি-২০ বিশ্বকাপৰ ফাইনেলত অতি নিৰ্দয়ভাৱে ভাৰতক পৰাস্ত কৰিছিল ৱেষ্ট ইণ্ডিজে। চৌদিশে সমালোচিত হৈছিল টীম ইণ্ডিয়া। ষ্টেডিয়ামতে হুকহুকাই কান্দিছিল বিৰাট কোহলিয়ে। সুদীৰ্ঘ ১০টা বছৰৰ পাছত পুনৰ ৱেষ্ট ইণ্ডিজৰ সন্মুখত টীম ইণ্ডিয়া। ২০১৬চনৰ কথা মনত ৰাখি দেওবাৰে ইডেন গাৰ্ডেনত নামিছিল মেন ইন ব্লু। টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈছিল সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই। সেই অনুসৰি ৱেষ্ট ইণ্ডিজে পোনতে বেটিং কৰি ৪টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৯৫ ৰান। 

Advertisment

বিজয় লক্ষ্য ভাৰতৰ বাবে কঠিন নাছিল যদিও ১০ ৰানতে অভিষেক শৰ্মাৰ উইকেট হেৰুৱাই দেশবাসীক চিন্তাত পেলাইছিল টীম ইণ্ডিয়াই। কিন্তু ছেমিফাইনেলৰ খেলখনত যেন ৱেষ্ট ইণ্ডিজক বধৰ মানসিকতাৰে অ’পেনিঙত নামিছিল সঞ্জু ছেমছনে। দলৰ বিপৰ্যয় আৰু ব্যক্তিগত প্ৰদৰ্শনৰ বাবে সমালোচনা, এই দুই চাপ মূৰত লৈ এটাৰ পাছত এটা বলাৰক কৰি গৈছিল প্ৰহাৰ। নিৰ্দয়ভাৱে সঞ্জু ছেমছনে প্ৰহাৰ কৰি অপৰাজিত ৯৭ ৰানৰ বৰঙণিৰে দলৰ জয়ৰ মুখ্য ভূমিকা পালন কৰে। সঞ্জু ছেমছনৰ প্ৰদৰ্শনে কেৱল ভাৰতীয় দলৰে নহয় দেশবাসীৰো মন জয়  কৰিবলৈ সক্ষম হয়। দেওবাৰৰ খেলখনৰ পাছত এতিয়া সকলোৰে মুখত কেৱল এটাই নাম সঞ্জু, সঞ্জু।

Also Read...গৌৰৱ গগৈৰ দাবী। আঁচনিৰ সুবিধাৰ কাৰণে বিজেপিৰ সভাত মহিলাসকলে যাবলৈ বাধ্য হৈছে!


৫ মাৰ্চত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত। ৪ মাৰ্চত প্ৰথমখন ছেমিত অৱতীৰ্ণ হ’ব দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড।

Advertisment
Advertisment
Advertisment