Assameseমামাৰ মৰম ! ভাগিনক খুলি দিলে হাতৰ ঘড়ী...'জন আৰ্শীবাদ' যাত্ৰাত এইবাৰ দাতা কৰ্ণ ৰূপত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। ভাগিনৰ আব্দাৰত মামাই পিন্ধি থকা হাতৰ ঘড়ীটো দিলে উপহাৰ।Estafur Rahman Mar 02, 2026 15:11 ISTPhotograph: (dy365)মামাৰ মৰম ! ভাগিনক খুলি দিলে হাতৰ ঘড়ী...Also read....শ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ!শনিবাৰৰ পৰা অসম বিজেপিয়ে আৰম্ভ কৰিলে ‘জন আশীৰ্বাদ যাত্ৰা’। ৰাজ্যৰ জনগণৰ মাজত সংযোগ স্থাপন আৰু সমৰ্থন আদায়ৰ বাবে ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে এই কাৰ্যসূচী। ঢেকীয়াজুলিত এই যাত্ৰাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। 'জন আৰ্শীবাদ' যাত্ৰাত এইবাৰ দাতা কৰ্ণ ৰূপত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। যাত্ৰাৰ তৃতীয় দিন গহপুৰত সেই দৃশ্য প্ৰত্যক্ষ কৰিলে হাজাৰ হাজাৰ লোকে। মুকলি গাড়ীত থিয় গৈ অভিবাদন গ্ৰহণ কৰি আগবাঢ়ি যোৱা হিমন্ত বিশ্ব শৰ্মাক কাষতে পাই আব্দাৰ বাঢ়ি গৈছিল ভাগিনসকলৰো।AdvertismentAlso read...‘বিজেপিক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ’ যন্তৰ মন্তৰৰ পৰা দাবী কেজৰিৱালৰভাগিনসকলৰ দৃষ্টি পৰিল এইবাৰ মুখ্যমন্ত্ৰীয়ে পিন্ধি থকা হাতৰ ঘড়ীটোত। মুখ্যমন্ত্ৰীক এজন ভাগিনে বিচাৰিছিল তেওঁৰ হাতৰ ঘড়ীটো। মুখ্যমন্ত্ৰীয়ে ১ ছেকেণ্ডত কোনো চিন্তা নকৰাকৈয়ে ঘড়ীটো খুলি ভাগিনৰ হাতত। মুখ্যমন্ত্ৰীয়ে ভাগিনৰ হাতত ঘড়ীটো দিয়াৰ লগে লগে ভাগনে ঘড়ীটো লৈ আনন্দত আত্মহাৰা সেই ঠাইৰ পৰা দৌৰি যায়। Also read...BPFত যোগদান কৰিব প্ৰভাৱশালী নেতা খাম্পা বৰগয়াৰীয়েজানিব পৰা মতে মুখ্যমন্ত্ৰীয়ে পিন্ধি থকা ঘড়ীটোৰ মূল্য় প্ৰায় ২০ হাজাৰ টকা। Patek Philippe কোম্পানীৰ ঘড়ীটো প্ৰায়ে মুখ্যমন্ত্ৰীৰ হাতত দেখা পোৱা গৈছিল। নিজৰ হাতৰ ঘড়ী খুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে ভাগিনৰ প্ৰতি মৰম কিমান তেওঁৰ।AdvertismentAlso read...সকলোৰে মুখে মুখে কেৱল এটাই নাম সঞ্জু ছেমছনAdvertismentAdvertisment Read the Next Article