Advertisment

অশান্তজৰ্জৰ মধ্য প্ৰাচ্য, তেলৰ ভয়াৱহ সংকটে দেখা দিব পাৰে বিশ্বত

ইৰান-ইজৰাইলৰ যুদ্ধক লৈ মধ্য প্ৰাচ্যত ক্ৰমাৎ অস্থিৰতা বৃদ্ধি পাইছে। আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত বিধ্বস্ত ইৰান। আক্ৰমণ-প্ৰত্যাক্ৰমণত অশান্তজৰ্জৰ হৈ পৰিছে সমগ্ৰ মধ্য প্ৰাচ্য।

 অশান্তজৰ্জৰ মধ্য প্ৰাচ্য Photograph: (DY365)
অশান্তজৰ্জৰ মধ্য প্ৰাচ্য Photograph: (DY365)

অশান্তজৰ্জৰ মধ্য প্ৰাচ্য


তেলৰ ভয়াৱহ সংকটে দেখা দিব পাৰে বিশ্বত

ইৰান-ইজৰাইলৰ যুদ্ধক লৈ মধ্য প্ৰাচ্যত ক্ৰমাৎ অস্থিৰতা বৃদ্ধি পাইছে। আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত বিধ্বস্ত ইৰান। আক্ৰমণ-প্ৰত্যাক্ৰমণত অশান্তজৰ্জৰ হৈ পৰিছে সমগ্ৰ মধ্য প্ৰাচ্য। আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ ফলত দেওবাৰে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনি নিহত হোৱাৰ পিছৰে পৰা মধ্য প্ৰাচ্যৰ পৰিস্থিতি আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছে৷ 

Advertisment

ইৰানে আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ কেইবাখনো দেশত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই। ইজৰাইলৰ জেৰুজালেমত ইৰানী মিছাইলেৰে সংহাৰৰ সৃষ্টি কৰে। ছৌদি আৰবৰ তেল শোধনাগাৰত ইৰানে কৰে আক্ৰমণ। আৰামক’ৰ তেল শোধনাগাৰতো ড্ৰোনেৰে আঘাত কৰে ইৰানে। ছোদি আৰবৰ ৰাজধানী ৰিয়াধত আক্ৰমণ কৰে ইৰানে। ইটোৰ পিছত সিটো বিস্ফোৰণৰ শব্দত কঁপি উঠিছে ৰিয়াধ। দুখনকৈ দ্ৰোনেৰে মাৰ্কিন দূতাবাসত আক্ৰমণ কৰে ইৰানে। ইৰানে ইজৰাইলৰ ওপৰত বোমা বৰ্ষণ তীব্ৰতৰ কৰি তুলিছে। ইজৰাইলৰ অধিক চহৰলৈ মিছাইল নিক্ষেপ কৰে ইৰানে। লেবাননৰ ফালৰ পৰাও ইজৰাইললৈ ড্ৰোন নিক্ষেপ কৰাৰ খবৰ। 

Also Read: আবিৰেৰে ৰঙীন ৰাজ্য

ইফালে ইৰানৰ বিভিন্ন প্ৰান্তত ইজৰাইল, আমেৰিকাৰ আক্ৰমণ অব্যাহত। ইৰানৰ সামৰিক ঘাটি, সামৰিক বিমানবন্দৰত আক্ৰমণ। আমেৰিকান সেনাই ধ্বংস কৰিলে ইৰানৰ কমাণ্ড এণ্ড কন্ট্র’ল ব্যৱস্থা। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ মুখ্য ঘাটি তচনচ কৰাৰ খবৰ পোহৰলৈ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ইৰানৰ আকাশমার্গৰ প্ৰতিৰক্ষা ক্ষমতা ধ্বংস কৰিলে আমেৰিকাই। আমেৰিকান বাহিনীয়ে ধ্বংস কৰিছে ইৰানৰ মিছাইল আৰু ড্ৰ’ন উৎক্ষেপণ কেন্দ্ৰ। ইউ এছ চেন্ট্রেল কমাণ্ডে X হেণ্ডেলত প্ৰকাশ কৰিছে অভিযানৰ ফটো। 

মধ্যপ্ৰাচ্যৰ যুদ্ধই ভয়ংকৰ প্ৰভাৱ পেলাব নেকি সমগ্ৰ বিশ্বত? ইজৰাইল-আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ ইৰানৰ ন ন কাৰচাজি। এইবাৰ ইৰানে বন্ধ কৰি দিলে STRAIT OF HORMUZ। যাৰ ফল ভুগিব লাগিব ইজৰাইল-আমেৰিকাৰ লগতে মিত্ৰ দেশসমূহে। তেলৰ ভয়াৱহ সংকটে দেখা দিব পাৰে সমগ্ৰ বিশ্বত। STRAIT OF HORMUZ ইৰানে সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ ফলত পাৰ হ’ব নোৱাৰিব কোনো জাহাজ। STRAIT OF HORMUZৰে জাহাজ পাৰ হ’লেই জ্বলাই দিয়াৰ হুংকাৰ ইৰানৰ। এই জলমাৰ্গেৰে পাৰ হোৱা প্ৰতিখন জাহাজ দেখিলেই টাৰ্গেট কৰাৰ হুংকাৰ ইৰানৰ। ইৰানৰ এই হুংকাৰৰ পিছতেই সমগ্ৰ বিশ্বত তেলৰ নাটনি হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে। 

Advertisment

Also Read: ফাকুৱাৰ পূৰ্বে টিৰ্পালেৰে ঢাকি দিয়া হ'ল বহুকেইটা মছজিদ


ইফালে মধ্য প্ৰাচ্যৰ অস্থিৰতাক লৈ উদ্বিগ্ন প্ৰকাশ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ। ১৪খন দেশৰ বাবে সতৰ্কবাণী ঘোষণা কৰে আমেৰিকাই। বাহাৰেইন, ইজিপ্ত, ইৰান, ইৰাক, ইজৰাইল, জৰ্দান, কুৱেইট, লেবানন, ওমান, কাটাৰ, ছোদি আৰৱ, ছিৰিয়া, UAE, য়েমেনত থকা আমেৰিকান নাগৰিকক আঁতৰি যোৱাৰ নিৰ্দেশ দিয়ে। তাত্‍ক্ষণিকভাৱে দেশকেইখন ত্যাগ কৰিবলৈ আহ্বান আমেৰিকাৰ। 

Advertisment
Advertisment