Assameseফাকুৱাৰ পূৰ্বে টিৰ্পালেৰে ঢাকি দিয়া হ'ল বহুকেইটা মছজিদপূৰ্বৰ তিক্ত অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এইবাৰ আৰক্ষী আৰু জিলা প্ৰশাসনে ফাকুৱাৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশৰ সম্ভলত। সম্ভলৰ ঐতিহাসিক জামা মছজিদকে ধৰি প্ৰায় ১০টাকৈ মছজিদ সম্পূৰ্ণৰূপে টিৰ্পালেৰে ঢাকি দিয়া হ'ল। Estafur Rahman Mar 03, 2026 13:00 ISTPhotograph: (Hindustan times)ফাকুৱাৰ পূৰ্বে টিৰ্পালেৰে ঢাকি দিয়া হ'ল বহুকেইটা মছজিদপূৰ্বৰ তিক্ত অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এইবাৰ আৰক্ষী আৰু জিলা প্ৰশাসনে ফাকুৱাৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশৰ সম্ভলত। শান্তিপূৰ্ণ আৰু ভাতৃত্ববোধেৰে হোলী অথবা ফাকুৱা উদযাপনৰ বাবে সাজু হৈছে প্ৰশাসন। যিকোনো ধৰণৰ অনাকাংক্ষিত সংঘাত ৰোধ কৰিবলৈ সম্ভলৰ ঐতিহাসিক জামা মছজিদকে ধৰি প্ৰায় ১০টাকৈ মছজিদ সম্পূৰ্ণৰূপে টিৰ্পালেৰে ঢাকি দিয়া হৈছে। AdvertismentAlso Read....আবিৰেৰে ৰঙীন ৰাজ্যজামা মছজিদৰ সন্মুখেৰে দুটা পৃথক পৃথক হোলীৰ শোভাযাত্ৰা পাৰ হোৱাৰ কথা চলি থকাৰ মাজতেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বিগত বছৰবোৰত হোলীৰ ৰং এটা মছজিদত ছিটিকি পৰাৰ ফলত অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই তিক্ত অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এইবাৰ আৰক্ষী আৰু জিলা প্ৰশাসনে ফাকুৱাৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।প্ৰকাশিত খবৰ অনুসৰি, মছজিদৰ বেৰত টিৰ্পালেৰে ঢাকি দিয়া হৈছে যাতে ৰঙৰ দাগ ছিটিকি নপৰে। চহৰখনত আইন-শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত অহৰহ নিৰীক্ষণত ৰখা হৈছে। প্ৰশাসনৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে উৎসৱৰ এই আনন্দৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় আৰু পাৰস্পৰিক সম্প্ৰীতি অটুট থাকে।Also Read...গোৱালপাৰাত ২৪ ঘণ্টাত হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুএইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব,উত্তৰ প্ৰদেশৰ সম্ভলৰ জামা মছজিদ জৰীপ কৰাৰ সময়ত এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনেবোৰ ঘটনা যাতে উৎসৱৰ সময়ত সংঘটিত নহয় তাক লৈ প্ৰসাশনে সাৱধানতা অৱলম্বন কৰিছে। কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহ’বলৈ প্ৰসাশনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে উত্তৰ প্ৰদেশৰ বহুকেইটা অঞ্চলত।AdvertismentAlso Read...চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে? Read More AdvertismentAdvertisment Read the Next Article