Assamese২৫ খন দেশৰ ১৫০ গৰাকী লেখক-সাহিত্যিকেৰে জীপাল হৈ উঠিব ডিব্ৰুগড় বিশ্ববিদ্যালয়অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৮ ফেব্ৰুৱাৰী পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব তৃতীয় বাৰ্ষিক ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তর্জাতিক সাহিত্য উৎসৱ ২০২৬।Estafur Rahman Feb 16, 2026 22:57 IST২৫ খন দেশৰ ১৫০ গৰাকী লেখক-সাহিত্যিকেৰে জীপাল হৈ উঠিব ডিব্ৰুগড় বিশ্ববিদ্যালয়AdvertismentAlso Read.....কংগ্ৰেছ ত্যাগ ভূপেন বৰাৰ, পিন্ধিব নেকি গেৰুৱা বসন?অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৮ ফেব্ৰুৱাৰী পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব তৃতীয় বাৰ্ষিক ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তর্জাতিক সাহিত্য উৎসৱ ২০২৬। বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু FOCAL (Forum for Culture, Arts and Literature)-ৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই চাৰিদিনীয়া আন্তর্জাতিক সাহিত্য মহোৎসৱত বিশ্বৰ ২৫ খন দেশৰ ১৫০ গৰাকী বিশিষ্ট লেখক, কবি, গৱেষক, প্ৰকাশক আৰু বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰিব। Also Read....কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অথন্তৰ! কংগ্ৰেছ- বিজেপি কৰ্মীৰ মাজত হতাহতিসংবাদমেলত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা আৰু পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে কয়, এই আন্তর্জাতিক মহোৎসৱৰ জৰিয়তে মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ সাহিত্যিক ঐতিহ্য, ৰাজনৈতিক অভিজ্ঞতা, স্থানচ্যুতি, পৰিচয় সংকট, সাংস্কৃতিক স্মৃতি আৰু উত্তৰ-ঔপনিবেশিক বাস্তৱতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হ'ব।১৮ ফেব্ৰুৱাৰীৰ আবেলি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই সভাপতিত্ব কৰিবলগীয়া উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ যশস্বী সাহিত্যিক য়েছে দৰজে ঠংচি। সাহিত্যক আন্তঃৰাষ্ট্ৰীয় সেতুবন্ধন হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা অনুস্থানটোৰ শুভ উদ্বোধনীত উপস্থিত থাকি ভাষণ প্ৰদান কৰিব অৱসৰপ্ৰাপ্ত আই.এফ.এছ. আৰু চৌদি আৰৱ, ইউ.এ.ই. আৰু ওমানত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত ৰূপত কাৰ্যনিৰ্বাহ কৰা তালমিজ আহমদে। বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে অনুষ্ঠানত অশগ্ৰহন কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ এন মৰ্গান (Ann Morgan), দক্ষিণ কোৰিয়াৰ কিয়ুং সুক শিন , ফ্ৰান্সৰ ডেভিড ক্লেমঁসো, সংযুক্ত যুক্তৰাজ্যৰ ডেভিড মিচেল , পতুৰ্গালৰ জিসেলা কাসিমিৰো, দক্ষিণ কোৰিয়াৰ জিয়ং ইউ-জিয়ং আদি বিশিষ্ট সাহিত্যিক সকল।Also Read...মিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰবিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীয়ে সংবাদমেলত আৰু কয়, সাহিত্যিক সম্পৰ্কীয় স্ব-অভিজ্ঞতা আৰু ৰাজনৈতিক-সাংস্কৃতিক প্ৰেক্ষাপটত সাহিত্যৰ ভূমিকা সন্দৰ্ভতো মত বিনিময় কৰা হ'ব। চাৰিদিনীয়া এই সাহিত্য মহোৎসৱত বিশ্ববিদ্যালয়ৰ ছয়খন ভিন্ন মঞ্চত প্ৰায় সত্তৰখন আলোচনা-সত্ৰ, কৰ্মশালা, কথোপকথন আৰু কবিতা পাঠ অনুষ্ঠিত হ’ব। ২৫খন দেশৰ পৰা ১৫০ গৰাকীতকৈও অধিক লেখক-সাহিত্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি বিশ্ব সাহিত্যিক অধিক সমৃদ্ধ কৰিব। উত্তৰ-পূব ভাৰতক বিশ্ব সাহিত্যৰ মানচিত্ৰত অধিক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা এই মহোৎসৱত ৰাজ্যৰ সাহিত্য প্ৰেমী, শিক্ষাৰ্থী ,বিদ্যানুৰাগী সকলৰ উপস্থিতি কামনা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।AdvertismentAdvertisment Read the Next Article