Advertisment

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। দেশে আজি উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ভাৰতত ২৬ জানুৱাৰীত উদযাপন কৰা গণৰাজ্য দিৱস আমাৰ দেশৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ দিন।

 আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস Photograph: (DY365)
আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস Photograph: (DY365)

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। দেশে আজি উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ভাৰতত ২৬ জানুৱাৰীত উদযাপন কৰা গণৰাজ্য দিৱস আমাৰ দেশৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ দিন। আজিৰ এই দিনটোতে আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ লগতে ভাৰতক স্বাধীন, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। এই দিনটোতে ভাৰতে প্ৰতিষ্ঠা পাইছিল সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে। 

Advertisment

নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেড। পেৰেডৰ অভিবাদন গ্ৰহণ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। অনন্য ভাৰত, পৰাক্ৰমী ভাৰত। বিশ্বত উজ্বলি উঠিছে ভাৰতৰ সংস্কৃতি। দিল্লীৰ কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষ্যে ভাৰতৰ বীৰত্ব প্ৰদৰ্শন। ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথি ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ' ক'ষ্টা, ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনক অভিবাদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 

Also Read: হাজাৰ হাজাৰ বিমানৰ উৰণ বাতিল! প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত আমেৰিকাৰ জনজীৱন

এই বছৰৰ গণৰাজ্য দিৱসৰ Theme ‘বন্দে মাতৰমৰ ১৫০ বছৰ’। ১৮৭৫ চনত প্ৰথম প্ৰকাশ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় বিৰচিত কালজয়ী ৰাষ্ট্ৰীয় গীতটিৰ। বিভিন্ন কাৰ্যসূচীৰে গণৰাজ্য দিৱসত এই গীতটিক জনোৱা হয় বিশেষ সন্মান। দেশপ্ৰেমৰ লগতে ‘আত্মনিৰ্ভৰ ভাৰত’ পেৰেডৰ অন্যতম মূল বিষয়বস্তু। অসমৰ প্ৰতীকপটতো প্ৰতিফলিত আত্মনিৰ্ভৰশীল ভাৰতৰ বাৰ্তা। দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱসত অসমৰ স্বকীয় চহকী ঐতিহ্য তথা সম্পদে গৌৰৱান্বিত কৰিলে ৷ ভৌগোলিক সূচাংক লাভ কৰা ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্পৰ প্ৰতীকপট আজি নতুন দিল্লীত অনুষ্ঠিত দেশৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উজলি উঠিল ৷

Also Read: শিৱসাগৰ আৰক্ষীৰ ফোঁপোলাস্বৰূপ!


দেশজুৰি ৭৭সংখ্যক গণৰাজ্য দিৱস উলহ-মালহেৰে পালন। অসমতো চহৰে-নগৰে ভাৰতীয় শৌৰ্য-বীৰ্যৰ জয়গান। ৰাজ্যত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন। গুৱাহাটীৰ খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। পেৰেডৰ অভিবাদন গ্ৰহণ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ডিব্ৰুগড়ত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ খনিকৰৰ খেলপথাৰত দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে। 

Advertisment
Advertisment