Assamese 'A for Apple' নহয় এতিয়া 'A for Assam', আজি অসমীয়াই আকাশ চুইছে এদিন আমি ভাবিছিলো, সুযোগ পালে অসমীয়াই আকাশ চুব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমাণ কৰিলে যে অসমীয়াই আকাশ চুবই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি অসমীয়াই আকাশ চুইছে। নামৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ।
Assamese অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ। আহি গ'ল প্ৰশাসনৰ নিৰ্দেশনা। অনুমতি অবিহনে খ্ৰীষ্টমাছ-নৱবৰ্ষ আয়োজন কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ আইনী ব্যৱস্থা।
Assamese স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড। এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা। লক্ষাধিক টকাৰ বিদ্যুৎ বিল দেখি হতভম্ব গ্ৰাহক। লাখটকীয়া বিলৰ বাবে SDOলৈও লিখিত অভিযোগ ভুক্তভোগীৰ।
Assamese এফালে মোদীৰ অসম ভ্ৰমণ, আনফালে গৌৰৱ গগৈৰ প্ৰতিবাদ মাজুলীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ গৌৰৱ গগৈৰ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৰিলে APCCৰ সভাপতি গৰাকীয়ে। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকো সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ।
Assamese লিভ-ইন ৰিলেচনত থকাটো অপৰাধ নহয়, অশান্তি কৰিলে লোৱা হ’ব ব্যৱস্থা লিভ-ইন ৰিলেচনত থকাটো কোনোধৰণৰ অপৰাধ নহয়। প্ৰাপ্তবয়স্কৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই। গতিকে লিভ-ইনত থকা সকলক অশান্তি কৰিলে লোৱা হ’ব বিহিত ব্যৱস্থা।
Assamese টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ১৫ জনীয়া দল ঘোষণা BCCIৰ। অক্ষৰ পেটেলক টীম ইণ্ডিয়াৰ উপ-অধিনায়কৰ দায়িত্ব। দীৰ্ঘবিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঈশান কিষানৰ।
Assamese ঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল! বিধানসভাত গৃহীত হ’ল বিধেয়ক বিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে এখন বিশেষ বিধেয়ক। এতিয়াৰে পৰা ঘৃণামূলক ভাষণ দিলেই হ’ব ১০ বছৰ পৰ্যন্ত জে’ল। ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ’ব জামিনবিহীন গোচৰ।
Assamese মনোৰঞ্জনৰ আহিলা নেকি অখিল গগৈ? মুখ্যমন্ত্ৰীৰ কটাক্ষ অখিল গগৈৰ এতিয়া বিগ ফেন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিশা আজৰি হ’লেই অখিল গগৈৰ ফেচবুক চায় মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ ঘনে ঘনে ফেচবুক লাইভ অহা অখিল গগৈক টেনশ্যনৰ মেডিচিন আখ্যা মুখ্যমন্ত্ৰীৰ'।
Assamese কোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশ পুনৰ অশান্ত বাংলাদেশ। ওচমান হাদিৰ মৃত্যুৰ খবৰৰ পাছতেই পুনৰ বাংলাদেশত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। বাংলাদেশৰ প্ৰান্তে প্ৰান্ত প্ৰতিবাদকাৰীৰ মুখত শ্বেইখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল'গান।
Assamese নিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়ন আন্তঃৰাষ্ট্ৰীয় ভিক্ষাৰীৰ খ্যাতি অৰ্জন কৰিছে পাকিস্তানে। এইবাৰ ভিক্ষাৰীৰ অভিযোগত ভিন্ন দেশৰ পৰা বিতাড়ন হ'ল ৫১ হাজাৰ পাকিস্তানী। এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ নাক কটা গ'ল পাকিস্তানৰ।