Assameseশোকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জনৰ কৰুণ মৃত্যুদেশ জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। উত্তৰাখণ্ডত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত ৭ জন লোকৰ কৰুণ মৃত্যু।Mrinmoy Talukdar Dec 30, 2025 14:44 ISTFile Photoশোকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জনৰ কৰুণ মৃত্যুদেশ জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। উত্তৰাখণ্ডত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত ৭ জন লোকৰ কৰুণ মৃত্যু। AdvertismentRead More- মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰখবৰ অনুসৰি আলমোৰাৰ ভিকিয়াছাইনৰ শিলাপানীৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ৰামনগৰ অভিমুখী বাছখন পুৱা প্ৰায় ৬ বজাত দ্বাৰাহাটৰ পৰা ওলাই আহিছিল। যাত্ৰাপথতে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। এই শোকাৱহ দুৰ্ঘটনাত ৭জন লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে বাছখনত আছিল মুঠ ১২ জনকৈ যাত্ৰী। গুৰুতৰভাৱে আহত আটাইকেইজনকে ভীকীয়াসাইনৰ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতলোকৰ সংখ্যা পৰৱৰ্তী সময়ত পুনৰ বৃদ্ধিও হ'ব পাৰে। Read More- কঠোৰ ন্যায়ালয়! ৰৈহাই নাপায় ধৰ্ষণকাৰী বিজেপি নেতাইদুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী, প্ৰশাসন, আৰু SDRFৰ দল ঘটনাস্থলীত উপস্থিত হয়। জিলা প্ৰশাসনৰ বিষয়া সকলো ঘটনাস্থলীলৈ ৰাওনা হৈছে। দুৰ্ঘটনাস্থলীটো হৈছে জিলা সদৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত। আনহাতে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে যাত্ৰী সকলে চিঞৰ-বাখৰ কৰিছিল। যাত্ৰী সকলৰ চিঞৰ-বাখৰ শুনি স্থানীয় লোক সকল লৰালৰিকৈ দুৰ্ঘটনা স্থলীলৈ আহে আৰু তাৰ পাছত আৰক্ষীক খবৰ দিয়ে। প্ৰত্যক্ষদৰ্শীয়ে মতে দুৰ্ঘটনাটো আছিল অত্যন্ত ভয়ংকৰ। Read More- বৃহত্ গণবিক্ষোভ! ৰাজপথলৈ লাখ লাখ জনতাআৰক্ষীয়ে জনোৱা মতে, ভীকীয়াসাইনৰ পৰা ৰামনগৰলৈ গৈ থকা বাছখন পুৱা প্ৰায় ৬ বজাত দ্বাৰাহাটৰ পৰা ওলাই আহিছিল। আদবাটতে বাছখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। মৃত আৰু আহতৰ সংখ্যা সন্দৰ্ভত আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।AdvertismentAdvertisment Read the Next Article