Assamese'তাৰিখ পে তাৰিখ নহয়, মিত্ৰতা কৰক', কংগ্ৰেছক সকীয়নি লুৰীণজ্যোতি গগৈৰ'তাৰিখ পে তাৰিখ নহয়, তাৎক্ষণিকভাৱে মিত্ৰতা কৰক। ৰাজনীতি কোনো দলৰেই ই'গ পূৰণৰ বিষয় নহয়। বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছেও কথাবোৰ সোণকালে উপলব্ধি কৰক'। আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত কংগ্ৰেছক সকীয়নি লুৰীণজ্যোতি গগৈৰ।Mrinmoy Talukdar Feb 20, 2026 19:25 ISTFile Photo'তাৰিখ পে তাৰিখ নহয়, মিত্ৰতা কৰক', কংগ্ৰেছক সকীয়নি লুৰীণজ্যোতি গগৈৰ'তাৰিখ পে তাৰিখ নহয়, তাৎক্ষণিকভাৱে মিত্ৰতা কৰক। ৰাজনীতি কোনো দলৰেই ই'গ পূৰণৰ বিষয় নহয়। বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছেও কথাবোৰ সোণকালে উপলব্ধি কৰক'। আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত কংগ্ৰেছক সকীয়নি লুৰীণজ্যোতি গগৈৰ। Read More- কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে, অসন্তুষ্ট অখিল গগৈ!Advertismentনিৰ্বাচন সমাগত। কিন্তু বিৰোধীৰ মিত্ৰতাক লৈ কোনো ৰাজনৈতিক দলৰে আসনৰ অংক মিলা নাই। কি কংগ্ৰেছ কি ৰাইজৰ দল সকলো কেৱল নিজৰ স্থিতিত আঁকোৰগোজ। ইপিনে বিৰোধীৰ মিত্ৰতাক লৈ কংগ্ৰেছৰ ভূমিকাত অসন্তুষ্ট অখিল গগৈয়ে সাজু হৈছে অকলেই প্ৰতিদ্বন্দিতা কৰিবলৈ। তাৰ মাজতেই তাৎপৰ্যপূৰ্ণ মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰো। Read More- কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰ'ৰাজনীতি কোনো দলৰেই ই'গ পূৰণৰ বিষয় নহয়। প্ৰতিটো সমষ্টিতে যদি প্ৰতিটো ৰাজনৈতিক দলেই প্ৰাৰ্থী দিব বিচাৰে কেনেকৈ হ'ব? আমি বাৰম্বাৰ কৈ আহিছো 'তাৰিখ পে তাৰিখ নহয়, অতি শীঘ্ৰেই মিত্ৰতা হ'ব লাগে'। এই মন্তব্য অজাপৰ সভাপতিগৰাকীৰ। Read More- কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰলগতে লুৰীণজ্যোতি গগৈয়ে ক'লে- 'আমি কংগ্ৰেছ দলক আমাৰ স্থিতি স্পষ্ট কৰিছো। আমি কি বিচাৰো, কেনেকৈ বিচাৰো, কিয় বিচাৰো সকলোবোৰ কথা আমি কংগ্ৰেছ দলক অৱগত কৰিছো। আমি এইটোও কৈছো যে, বিৰোধী ঐক্যৰ মাজত মিত্ৰতা তাৎক্ষণিকভাৱে হ'ব লাগে। খৰখেদাকৈ আসন ভাগ-বাটোৱাৰা হ'ব লাগে। আমাৰ মাজত মিত্ৰতা বা আসন ভাগ বটোৱাৰাত যিমানেই পলম হ'ব সিমানেই বিজেপি বিৰোধী ৰাইজৰ মাজলৈ এটা ভুল বাৰ্তা যাব'। Read More- ভূপেন বৰাৰ বাবে খোলা আছে বিজেপিৰ দুৱাৰ- মুখ্যমন্ত্ৰীআনহাতে বিজেপি-অগপৰ মিত্ৰতা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয়- 'আপোনালোকে বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ আমাক প্ৰশ্ন কৰিছে, কিন্তু বিজেপি, অগপ, BPF আৰু UPPLৰ মাজত যে আসন ভাগ বটোৱাৰ হোৱা নাই বা আসনৰ অংক মিলা নাই সেইটো প্ৰশ্ন কৰিছেনে? আসন ভাগ-বটোৱাৰাক লৈ বিজেপি আৰু অগপৰ মাজত কেইদিনমান পাছত দুৰ্বাদল কাজিয়া হ'ব বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে'।AdvertismentAdvertisment Read the Next Article