Assamese অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰ অসমৰ ৰাইজৰ সৈতে অন্যায় কৰিছে বিজেপি চৰকাৰে। বিজেপিক ভোট নিদিয়া বাবেই খিলঞ্জীয়া মানুহৰো ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে চৰকাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে ক'লে- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়।
Assamese ২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে... ২০২৭ৰ লোকপিয়লে অশুভ খবৰ আনিব অসমলৈ। গতিকে ভোটাৰ তালিকাত এজনো সন্দেহজনক লোকৰ নাম থাকিব নোৱাৰিব। ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিঞা মুছলমানৰ নাম কৰ্তন কৰা হ'ব বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ।
Assamese ঢকুৱাখনা, লখিমপুৰত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ ২০২৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক লৈ ডাঙৰ ঘোষণা। দুই সমষ্টিৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঢকুৱাখনা, লখিমপুৰত চূড়ান্ত কৰা হ'ল বিজেপিৰ প্ৰাৰ্থী।
Assamese কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! শুল্ক আৰোপ কৰিবলৈ ট্ৰাম্পক কৰ্তৃত্ব প্ৰদান কৰা এখন বিধেয়ক অনুমোদন কৰা হৈছে। ড’নাল্ড ট্ৰাম্পৰ এই পদক্ষেপে এতিয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰো অধিক অৱনতি কৰিছে।
Assamese অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোন টি-২০ বিশ্বকাপ খেলাৰ সপোন ভংগ হ'ব পাৰে তাৰকা মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মাৰ। পেটৰ তীব্ৰ বিষৰ বাবেই নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলা আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পৰাও বাহিৰ হ'ব পাৰে ক্ৰিকেটাৰ গৰাকী।
Assamese কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ নিৰ্দেশ দিছিল দিলীপ শইকীয়াই। দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ।
Assamese কিয় 'চুমা বাবা' নাম পালে অখিল গগৈয়ে? মানুহে মোক বদনাম কৰিবলৈ মোৰ নাম 'চুমা বাবা' দিছে। কিছুমানে কয়, অখিল গগৈয়ে মহিলা দেখিলে ৰব নোৱাৰি চুমা খাই। কিন্তু মই মহিলাসকলক খোৱা চুমাটো প্ৰেমিকাক খোৱা চুমা নহয়। 'চুমা বাবা' নামক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ।
Assamese ক্ৰিকেটাৰ মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ! মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ! ভাৰতীয় পেচ বলাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ ‘গুগলী’। ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰিও ভাৰতীয় দলত উপেক্ষিত হোৱা মহম্মদ ছামীলৈ এইবাৰ চমন জাৰি নিৰ্বাচনী আয়োগৰ।
Assamese দেশৰ ভিতৰতে সৰ্বাধিক! SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে শীৰ্ষত। এই সংখ্যা ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১৮.৭০ শতাংশ। খচৰা ভোটাৰ তালিকাত সামৰি লোৱা হৈছিল উত্তৰ প্ৰদেশৰ ৭৫খন জিলাৰ ৪০৩টা বিধানসভা সমষ্টি।
Assamese জিলাই জিলাই পুনৰ বৃদ্ধি বিদ্যালয় বন্ধৰ সময়সীমা প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। হাড় কঁপোৱা শীতৰ বাবেই অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে আকৌ আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবেই ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে।