Assamese অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস! লখিমপুৰৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা। অসম-অৰুণাচল সীমান্ত চেঁচা ৰাজগড়ত নিশা অৰুণাচলী লোকৰ তাণ্ডৱ চলোৱাৰ অভিযোগ। এটি পৰিয়ালক আক্ৰমণ অৰুণাচলী যুৱকৰ। ২জন লোক গুৰুতৰভাৱে আহত।
Assamese আমেৰিকাত উজলিল অসমৰ জীয়ৰী আমেৰিকাত উজলিল অসমৰ জীয়ৰী। ডিব্ৰুগড়ৰ টিংখাঙৰ ষ্টেফী গগৈৰ শিৰত 'মিছ গ্ল’বেল এছিয়া ২০২৫'ৰ খিতাপ। ৩০ নৱেম্বৰত ৱাশ্বিংটনত অনুষ্ঠিত Empowering Global Women's Festivalত অংশ লৈ ষ্টেফীৰ এই সুনাম।
Assamese ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক এটা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ ধিং। পাষণ্ড পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ২ কন্যাসহ পত্নীক। ধিঙৰ শল’গুৰিৰ কাছকাটিত সংঘটিত এই নৃশংস হত্যাকাণ্ডটো। বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত সংঘটিত এই ভয়ংকৰ ঘটনা।
Assamese কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰ বিনা বেতনে বছৰৰ পিছত বছৰ ধৰি কণ কণ শিক্ষাৰ্থীসকলক জ্ঞানৰ পোহৰ বিলাই গৈছে ধেমাজিৰ জোনাই এগৰাকী শিক্ষয়িত্ৰীয়ে। দেশৰ ভৱিষ্যৎ স্বৰূপ শিশুসকলক দিছে শিক্ষাৰ জ্ঞান।
Assamese মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি! মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ আছু আৰু ৰাইজৰ। অতি নিম্ন পৰ্যায়ৰ কামেৰে পথ নিৰ্মাণৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।
Assamese অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু। পূৰ্বে নাও চলাচল কৰা ঠাইত এতিয়া ব্ৰহ্মপুত্ৰৰে চলিছে দুচকীয়া, চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, ঘোঁৰাৰ গাড়ী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া-প্ৰকৃতিপ্ৰেমী।
Assamese আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হত্যাৰ গোচৰৰ শুনানি। প্ৰথমটো শুনানিত ভাৰ্চুৱেলী হাজিৰ কৰা হ’ব জুবিন হত্যাৰ গোচৰৰ ৭ অভিযুক্তক।
Assamese চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ মাৰ্ঘেৰিটাত চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি চিকিৎসক নাপাই কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটি ডেৰমহীয়া শিশুৱে। সঠিক সময়ত চিকিৎসা নাপাই মৃত্যু হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।
Assamese দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী বুকুত অদম্য সাহস আৰু কাৰোবাৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা থাকিলে সাধাৰণতে অসাধ্য বুলি ভৱা কামো সহজ কৰি তুলিব পাৰে কিছুমান লোকে। দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা এজন বিশেষভাৱে সক্ষম যুৱকে আন বহুজনে অসাধ্য বুলি ভৱা কাম কৰি বহু জনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।
Assamese কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই ৰাজ্যৰ ৰাজপথত সংঘটিত হ’ল কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী স্কৰপিঅ’ বাহনে প্ৰচণ্ড খুন্দা মাৰে ডিভাইডাৰত। ইফালে আকৌ চলন্ত অৱস্থাতে ৰাজপথত জ্বলিল ট্ৰাক। আনহাতে অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱকে আঁকোৱালি ল’লে কৰুণ মৃত্যুক।