Assamese ধোঁৱাচাঙত জল জীৱন মিছন আঁচনি! ৰাজ্যৰ এখন জল জীৱন মিছন আঁচনি ধোঁৱাচাঙত উঠাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বহু টকা ব্যয় কৰি জল জীৱন আঁচনিখন ৰূপায়ণ কৰিছে যদিও কার্যক্ষম হৈ উঠা নাই।
Assamese বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে অভিযোগ ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে জালিয়াতিৰে ভূমি নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা দালালৰ সৈতে লগ লাগি এই জালিয়াতি কৰাৰ অভিযোগ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে। বিধায়ক পৰমানন্দ ৰাজবংশী মুৰ্দাবাদ ধ্বনিত কঁপিল ছিপাঝাৰ।
Assamese শিশুৰ চৰকাৰী খাদ্য দোকানত বিক্ৰী অংগনৱাড়ী কৰ্মীৰ! দোকানত দ'মে দ'মে উদ্ধাৰ হ'ল শিশুৰ বাবে আৱণ্টিত বিস্কুট। অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনৰ বিৰুদ্ধে শিশুৰ চৰকাৰী খাদ্য বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ। দোকানৰ পৰা শিশুৰ বাবে আৱণ্টিত বিস্কুট জব্দ কৰিলে ৰাইজে।
Assamese পৰিভ্ৰমী চৰাই নিধন মাজুলীত পৰিভ্ৰমী চৰাই নিধনৰ সন্দেহত মহিলাসহ ১৭গৰাকীক আটক কৰে আৰক্ষীয়ে। মাজুলীৰ বিভিন্ন জলাশয়ত মাৰাত্মক ফুৰাদনৰ দৰে বিহ প্ৰয়োগ কৰি পক্ষী নিধন কৰাসকলক ধৰিলে বনগাঁও আৰক্ষীয়ে।
Assamese আজি বাথৌ পূজা আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়ো আৰু কছাৰীসকলৰ পবিত্ৰ উৎসৱ হৈছে এই বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক ধৰ্মীয় আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়।
Assamese ড্ৰাগছ সৰবৰাহত চৰকাৰী কৰ্মচাৰী ৰাজ্যত অব্যাহত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা! এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে চৰকাৰী কৰ্মচাৰী। ড্ৰাগছ সৰবৰাহৰ অপৰাধত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ।
Assamese আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। দেশে আজি উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ভাৰতত ২৬ জানুৱাৰীত উদযাপন কৰা গণৰাজ্য দিৱস আমাৰ দেশৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ দিন।
Assamese শিৱসাগৰ আৰক্ষীৰ ফোঁপোলাস্বৰূপ! গণৰাজ্য দিৱসৰ আগদিনা উজনি অসমত চাঞ্চল্যকৰ ঘটনা। দিনদুপৰতে শিৱসাগৰৰ ৰাজপথত সংঘটিত হ'ল গুলীচালনাৰ ঘটনা। বাইক চোৰে গুলীচালনা কৰিলে এজন যুৱকলৈ। কথমপি প্ৰাণৰক্ষা যুৱকজনৰ।
Assamese পিষ্টলসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত নগাঁৱৰ ৰূপহীহাটত পিষ্টলসহ এটা ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। .32 পিষ্টল, ৩জাঁই সক্ৰিয় গুলী আৰু এটা মেগজিন উদ্ধাৰ কৰে আৰক্ষীয়ে।
Assamese এটি কলি দুটি পাত... অৰুণোদয়, মহিলা উদ্যমিতা আঁচনিৰ পাছত এইবাৰ ৰাজ্যত শুভাৰম্ভ 'এটি কলি দুটি পাত' আঁচনিৰ। চাহনগৰী ডুমডুমাত 'এটি কলি দুটি পাত' আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।