Assamese কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা? দেশজুৰি ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। গুৱাহাটীৰ খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Assamese গুৱাহাটীত নহয় উচ্ছেদ গুৱাহাটীৰ পাহাৰত উচ্ছেদ নহয়। উচ্ছেদ হ'লেও কেৱল মিঞাৰহে হ'ব, অসমীয়াৰ নহয়। পাহাৰত থকা মিঞালৈহে যাব উচ্ছেদৰ জাননী। গুৱাহাটীত উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য।
Assamese কাইলৈ বৰ্ষাপাৰাত হাইভল্টেজ T20 মেচ কাইলৈ বৰ্ষাপাৰাত ভাৰত বনাম নিউজীলেণ্ডৰ তৃতীয়খন T20 মেচ। T 20 শৃংখলাৰ তৃতীয় মেচৰ বাবে গুৱাহাটীত উপস্থিত দুয়োটা দল। পাঁচখনীয়া শৃংখলাত ইতিমধ্যে ২-০ ব্যৱধানত অগ্ৰগতি সূৰ্য বাহিনীৰ।
Assamese মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 'SRৰ জৰিয়তে মিঞাই হাৰাশাস্তি পাই থাকিব। মিঞা দেখিলে উৎপাত কৰিমেই। মই জীয়াই থকালৈকে মিঞাক দিগদাৰি কৰি যাম। মিঞাক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব'। মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰযোগে আহ্বান জনালে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ।
Assamese দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলা দিল্লীত গ্ৰেপ্তাৰ হ’ল অসমৰ এগৰাকী মহিলা। গণৰাজ্য দিৱসৰ তালাচীৰ মাজতে দিল্লী আৰক্ষীৰ জালত পৰিল ড০ আছমা বেগম নামৰ মহিলাগৰাকী। বাহনত ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল আছমা বেগমে।
Assamese চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি! এফালে গুণোত্সৱ পাতি চৰকাৰী শিক্ষাৰ উত্তৰণৰ চেষ্টা। আনফালে চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি! তামুলপুৰৰ গোৰেশ্বৰৰ বগৰীবাৰীত চৰকাৰী বিদ্যালয়ৰ চৰম দুৰ্গতি। জৰাজীৰ্ণ গৃহতে ছাত্ৰ-ছাত্ৰীক পাঠদান দিছে শিক্ষাগুৰুৱে।
Assamese এটা গঁড় লগত লৈ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব সুহান মল্লিকে অসমৰ এশিঙীয়া গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এজন যুৱকে লৈছে এক বিশেষ পদক্ষেপ। এটা গঁড় লগত লৈ ভাৰতৰ ৬-৭খন ৰাজ্য ভ্ৰমণ কৰিব যুৱকজনে।
Assamese নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সকলোধৰণৰ সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন, বিক্ৰীকে ধৰি আমদানি-ৰপ্তানি বন্ধ কৰিলে চৰকাৰে।
Assamese সৰস্বতী পূজাৰ দিনাই শোকাৱহ ঘটনা সৰস্বতী পূজাৰ দিনাই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। শ্ৰীভূমি জিলাৰ বিদ্যানগৰ এলেকাত শোকৰ ছাঁ।