Assamese কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰ্ছুৱেলী দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Assamese কেতিয়া লাভ কৰিব PM-KISANৰ ২২ নং কিস্তিৰ ধন? PM-KISANক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে একাউণ্টে সোমাব টকা। PM-KISANৰ ২২ নং কিস্তিৰ অধীনত সোমাব ধন। মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত কৃষকৰ একাউণ্টত ধন জমা হোৱাৰ সম্ভাৱনা আছে।
Assamese গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাগুৰুমবা দহৌ উপভোগ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীত ‘বাগুৰুমবা দহৌ’ অনুষ্ঠান উপভোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰে বাগুৰুমবা নৃত্য। বিহু, ঝুমইৰৰ পাছত এয়া বাগুৰুমবাৰ বিশ্ব অভিলেখ।
Assamese তেল ডিপোত কৰ্মৰত যুৱতীয়ে আজুৰি আনিলে স্বৰ্ণপদক তেল ডিপোত কৰ্মৰতহৈও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজলিল মুনমী বৰা। লাগৰী খেলত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰিলে সোণৰ পদক। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ সফলতাত উৎফুল্লিত সকলো।
Assamese দ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায় ভাৰতৰ দ্ৰুতবেগী ৰে'লসেৱাত আজি ৰচিত হ’ল এক নতুন অধ্যায়। দেশৰ দ্ৰুতবেগী ৰে'ল বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰথমখন শ্লীপাৰ ট্ৰেইনৰ যাত্ৰাৰ শুভাৰম্ভণি কৰা হয় আজি। পশ্চিমবংগৰ হাওৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেলী মুকলি কৰে ৰে’লখন।
Assamese পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছেঃ মুখ্যমন্ত্ৰী ‘পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছে। বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যই নিজেই হাংগামা কৰি থাকে। গতিকে তৃতীয় বিকল্পৰ সন্ধান কৰিব লাগিব’। পলাশবাৰীত এইদৰেই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Assamese সূৱণখাটাত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকা শুকুৰবাৰৰ পৰা বাক্সাৰ সুৱণখাটাত ৭৪ সংখ্যক সুৱণখাটা মাঘ মেলা আৰু ১৪ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা আৰম্ভ। ৯ দিনীয়াকৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱণখাটা মাঘ মেলা।
Assamese কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি? অতি সোনকালে বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ। ২০ জানুৱাৰী মঙলবাৰে ঘোষণা কৰা হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম।
Assamese কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ সৰুসজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব বাগুৰুম্বা নৃত্যৰ এক বৰ্ণিল অনুষ্ঠান। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
Assamese ২০ জানুৱাৰীৰ পৰা পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬ ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত ২০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬। ইতিমধ্যে উৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।