Assamese দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হয় বিশাল এই শপতগ্ৰহণ অনুষ্ঠান।
Assamese ২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ ২০২৬ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে প্ৰকাশ কৰা তালিকা অনুসৰি নতুন বছৰত বিভিন্ন ৰাজ্যিক দিৱস, ধৰ্মীয় অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় উৎসৱ উপলক্ষে অসম চৰকাৰৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।
Assamese প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচী ২০২৬ বৰ্ষত অনুষ্ঠিত হ'ব লগা দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী।
Assamese অহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন। অহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন। আজি হাজাৰ হাজাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱকৰ উপস্থিতিত দিনৰ ১১ বজাত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়।
Assamese উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ পৱিত্ৰ কাতি মাহৰ আজি শেষৰটো দেওবাৰ। উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পদূলি। আজি জনসমুদ্ৰত পৰিণত হৈছে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ৷ হাতত তুলসীৰ মালা লৈ মাধৱ মন্দিৰলৈ ভক্তৰ সোঁত বোৱা দেখা গ'ল।
Assamese মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত শিশু সন্তানক বিক্ৰী শিশু দিৱসৰ দিনাই শিলচৰত সংঘটিত এক ভয়ংকৰ ঘটনা। শিলচৰত সংঘটিত নৱজাতক বিক্ৰীৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। এজন হৃদয়হীন পিতৃয়ে মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত বিক্ৰী কৰিলে নিজ শিশু সন্তানক।
Assamese কোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যান অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নামত কোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যান। কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীৰ ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গ উদ্যানখন। বিটিচি চৰকাৰৰ উদ্যোগত নিৰ্মাণ কৰা হ'ব এই উদ্যানখন।
Assamese বহু বিবাহ বন্ধ কৰাৰ বাবে বিধেয়কত অনুমোদন কেবিনেটৰ আগন্তুক অসম বিধানসভাৰ অধিৱেশনত বহু বিবাহ বন্ধ কৰাৰ বাবে উত্থাপন কৰা হ’ব এখন বিধেয়ক। বহু বিবাহ ৰোধৰ ক্ষেত্ৰত অনা হ’ব বিধেয়কখন। দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত আগন্তুক অসম বিধানসভাৰ অধিৱেশনত এই বিধেয়ক উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়।
Assamese শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ যোৰহাটৰ তিতাবৰত চাঞ্চল্যকৰ ঘটনা। শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ তিতাবৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জগত সিং নামৰ এজন অভিযুক্তৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদৰ শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ।
Assamese গহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজন আজি বিশ্বনাথৰ গহপুৰৰ ভোলাগুৰিত প্ৰস্তাৱিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন কৰা হয়। কনকলতা বিশ্ববিদ্যালয়ৰ শিলান্যাস স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।